--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক অভিনন্দন জ্ঞাপন কৰিছে। ভাৰতবৰ্ষৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰি পুটিনে কয়, ‘আমি দীৰ্ঘদিন ধৰি ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ সম্পৰ্কৰ ক্ষেত্ৰসমূহত গুৰুত্ব দি আহিছো। আশাকৰোঁ, ভাৰত-ৰাছিয়াৰ ৰাজনৈতিক সম্পৰ্কত ভাৰতৰ সাংবিধানিক মুৰব্বী হিচাপে আপোনাৰ ভূমিকাই সম্পৰ্কৰ এই স্বকীয়তাক আৰু অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক সহযোগিতাৰ পৰিসৰ বহল কৰিব।’

স্মৰ্তব্য যে, ভোট গণনাৰ প্ৰথম পৰ্যায়ৰ পৰাই আগবাঢ়ি আছিল দ্ৰৌপদী মুৰ্মূ। প্ৰথম পৰ্যায়ত তেওঁ বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহাতকৈ ৩৩২ ভোটত আগবাঢ়ি আছিল। মুঠ সাংসদৰ ভোট ৭৪৮ টা। মুঠ ভোটৰ সংখ্যা ৫ লাখ ২৩ হাজাৰ ৬০০। ৫৪০ জন সাংসদৰ ভোট লাভ কৰিছে দ্ৰৌপদী মুৰ্মূৱে। তেওঁ লাভ কৰা ভোটৰ সংখ্যা আছিল ৩ লাখ ৭৮ হাজাৰ। বিপৰীতে ২০৮ গৰাকী সাংসদৰ ভোট লাভ কৰে যশৱন্ত সিনহাই। তেওঁ ১ লাখ ৪৫ হাজাৰ ৬০০ টা ভোট লাভ কৰে।

মন কৰিবলগীয়া যে, দ্ৰৌপদী মুৰ্মূ ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদী মুৰ্মুৱে ৬৪ শতাংশতকৈ অধিক ভোট লাভ কৰিছিল। দ্ৰৌপদী মুৰ্মুৱে দেশৰ স্বাধীনতাৰ পিছত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী ব্যক্তি যিয়ে দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। তদুপৰি, দেশৰ আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰপতি হিচাপেও বিবেচিত হৈছে দ্ৰৌপদী মুৰ্মূ। ২৫ জুলাইত শপত ল’ব দ্ৰৌপদী মুৰ্মূৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু