--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক অভিনন্দন জ্ঞাপন কৰিছে। ভাৰতবৰ্ষৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰি পুটিনে কয়, ‘আমি দীৰ্ঘদিন ধৰি ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ সম্পৰ্কৰ ক্ষেত্ৰসমূহত গুৰুত্ব দি আহিছো। আশাকৰোঁ, ভাৰত-ৰাছিয়াৰ ৰাজনৈতিক সম্পৰ্কত ভাৰতৰ সাংবিধানিক মুৰব্বী হিচাপে আপোনাৰ ভূমিকাই সম্পৰ্কৰ এই স্বকীয়তাক আৰু অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক সহযোগিতাৰ পৰিসৰ বহল কৰিব।’

স্মৰ্তব্য যে, ভোট গণনাৰ প্ৰথম পৰ্যায়ৰ পৰাই আগবাঢ়ি আছিল দ্ৰৌপদী মুৰ্মূ। প্ৰথম পৰ্যায়ত তেওঁ বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহাতকৈ ৩৩২ ভোটত আগবাঢ়ি আছিল। মুঠ সাংসদৰ ভোট ৭৪৮ টা। মুঠ ভোটৰ সংখ্যা ৫ লাখ ২৩ হাজাৰ ৬০০। ৫৪০ জন সাংসদৰ ভোট লাভ কৰিছে দ্ৰৌপদী মুৰ্মূৱে। তেওঁ লাভ কৰা ভোটৰ সংখ্যা আছিল ৩ লাখ ৭৮ হাজাৰ। বিপৰীতে ২০৮ গৰাকী সাংসদৰ ভোট লাভ কৰে যশৱন্ত সিনহাই। তেওঁ ১ লাখ ৪৫ হাজাৰ ৬০০ টা ভোট লাভ কৰে।

মন কৰিবলগীয়া যে, দ্ৰৌপদী মুৰ্মূ ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদী মুৰ্মুৱে ৬৪ শতাংশতকৈ অধিক ভোট লাভ কৰিছিল। দ্ৰৌপদী মুৰ্মুৱে দেশৰ স্বাধীনতাৰ পিছত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী ব্যক্তি যিয়ে দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। তদুপৰি, দেশৰ আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰপতি হিচাপেও বিবেচিত হৈছে দ্ৰৌপদী মুৰ্মূ। ২৫ জুলাইত শপত ল’ব দ্ৰৌপদী মুৰ্মূৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ