--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক বিৰল ঘটনাৰ সাক্ষী হ’বলৈ গৈ আছে ভাৰতবৰ্ষ। খবৰ অনুসৰি, অহা মাহত উজবেকিস্তানত ভাৰত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হ’ব পাৰে।

দুই দেশৰ প্ৰধানমন্ত্ৰী ক্ৰমে নৰেন্দ্ৰ মোদী আৰু শ্বাহবাজ শ্বৰীফ একেলগে বৈঠকত মিলিত হ’ব পাৰে বুলি খবৰ ওলাইছে। শুকুৰবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে পাকিস্তানলৈ ৰাওনা হৈছে এছচিঅ’ৰ মহাসচিব জাং মিং। আনহাতে, ১৫-১৬ ছেপ্টেম্বৰত উজবেকিস্তানত এছচিঅ’ৰ বাৰ্ষিক সন্মিলন  অনুষ্ঠিত হোৱাৰ কথা। তাত উপস্থিত থাকিবলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক আমন্ত্ৰণ জনাব মিঙে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই সন্মিলনত অংশ ল’ব বুলি প্ৰকাশ পাইছে। ফলত পাকিস্তান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে মুখামুখি হোৱাৰ সুযোগ পাব। ৬ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে একে ঠাইতে দুজন প্ৰধানমন্ত্ৰী উপস্থিত থাকিব।

চীন, পাকিস্তান, ৰাছিয়া, ভাৰত, তাজিকিস্তান, উজবেকিস্তান, কিৰ্গিস্তান আৰু কাজাখস্তান এই গোটৰ পূৰ্ণ সদস্য। গোটটোৰ নতুন অধ্যক্ষগৰাকীয়ে ইতিমধ্যে নিজৰ অগ্ৰাধিকাৰ আৰু কামৰ ৰূপৰেখা দাঙি ধৰিছে। ইয়াৰ ভিতৰত আছে সংস্থাটোৰ পৰিসৰ আৰু কৰ্তৃত্ব বৃদ্ধি কৰা। একে সময়তে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা সুনিশ্চিত কৰাৰ, দৰিদ্ৰতা হ্ৰাস কৰাৰ লগতে খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও প্ৰচেষ্টা হাতত লোৱা হৈছে।

এই বৈঠকত অঞ্চলটোৰ বাণিজ্যিক বিকাশৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হ’ব। এই পৰিকল্পনাত কাৰিকৰী নিয়ম আৰু শুল্ক পদ্ধতিক ডিজিটেলাইজ কৰাৰ ব্যৱস্থাকে ধৰি বাণিজ্যৰ বাধা আঁতৰোৱাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হ’ব বুলিও কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ