--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক বিৰল ঘটনাৰ সাক্ষী হ’বলৈ গৈ আছে ভাৰতবৰ্ষ। খবৰ অনুসৰি, অহা মাহত উজবেকিস্তানত ভাৰত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হ’ব পাৰে।

দুই দেশৰ প্ৰধানমন্ত্ৰী ক্ৰমে নৰেন্দ্ৰ মোদী আৰু শ্বাহবাজ শ্বৰীফ একেলগে বৈঠকত মিলিত হ’ব পাৰে বুলি খবৰ ওলাইছে। শুকুৰবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে পাকিস্তানলৈ ৰাওনা হৈছে এছচিঅ’ৰ মহাসচিব জাং মিং। আনহাতে, ১৫-১৬ ছেপ্টেম্বৰত উজবেকিস্তানত এছচিঅ’ৰ বাৰ্ষিক সন্মিলন  অনুষ্ঠিত হোৱাৰ কথা। তাত উপস্থিত থাকিবলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক আমন্ত্ৰণ জনাব মিঙে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই সন্মিলনত অংশ ল’ব বুলি প্ৰকাশ পাইছে। ফলত পাকিস্তান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে মুখামুখি হোৱাৰ সুযোগ পাব। ৬ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে একে ঠাইতে দুজন প্ৰধানমন্ত্ৰী উপস্থিত থাকিব।

চীন, পাকিস্তান, ৰাছিয়া, ভাৰত, তাজিকিস্তান, উজবেকিস্তান, কিৰ্গিস্তান আৰু কাজাখস্তান এই গোটৰ পূৰ্ণ সদস্য। গোটটোৰ নতুন অধ্যক্ষগৰাকীয়ে ইতিমধ্যে নিজৰ অগ্ৰাধিকাৰ আৰু কামৰ ৰূপৰেখা দাঙি ধৰিছে। ইয়াৰ ভিতৰত আছে সংস্থাটোৰ পৰিসৰ আৰু কৰ্তৃত্ব বৃদ্ধি কৰা। একে সময়তে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা সুনিশ্চিত কৰাৰ, দৰিদ্ৰতা হ্ৰাস কৰাৰ লগতে খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও প্ৰচেষ্টা হাতত লোৱা হৈছে।

এই বৈঠকত অঞ্চলটোৰ বাণিজ্যিক বিকাশৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হ’ব। এই পৰিকল্পনাত কাৰিকৰী নিয়ম আৰু শুল্ক পদ্ধতিক ডিজিটেলাইজ কৰাৰ ব্যৱস্থাকে ধৰি বাণিজ্যৰ বাধা আঁতৰোৱাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হ’ব বুলিও কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু