--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰচলিত ৰাজনীতিৰ প্ৰতি অনীহা, বিজেপিৰ ভুল নীতি আদি নানান বিষয়ত মন্তব্য কৰি নিজৰ দলৰেই বহুতৰে মাজত অপ্ৰিয় হৈ পৰা  নীতিন গাডকাৰীয়ে এইবাৰ ৰাজনৈতিক স্বাৰ্থত তেওঁৰ নাম ব্যৱহাৰ কৰা বুলি অভিযোগ কৰিছে। বিজেপিৰ এইগৰাকী 'অজাতশত্ৰু' নেতাই এতিয়া  দলটোৰ বাবে   মূৰৰ বিষ স্বৰূপ  হৈ পৰিছে। গাডকাৰীৰ শেহতীয়া এক টুইটে পুনৰ বিজেপি দলটোক শলঠেকত পেলাইছে। এক  টুইটত গাডকাৰীয়ে দাবী কৰে, "কিছুমান লোকে ৰাজনৈতিক লাভা লাভৰ বাবে  ইচ্ছাকৃতভাৱে মোৰ নামত মিছা প্ৰচাৰ চলাই আছে।" গাডকাৰীয়ে 'কিছুমান মানুহ' বুলি কৈ কাক লক্ষ্য কৰি সৈছে সেয়া এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। 

শেহতীয়াকৈ, গাডকাৰীৰ এটা পুৰণি ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত  তেওঁ এনেদৰে  কোৱা শুনা গৈছে, "কোনো পদত আছো  নে নাই সেই বিষয়ত মই গুৰুত্ব নিদিওঁ"। ভিডিঅ'টো টুইট কৰি বিজেপিৰ এটা অংশই ছ'চিয়েল মিডিয়াত প্ৰচাৰ আৰম্ভ কৰে যে নীতিন গাডকাৰীয়ে দলটোৰ কেন্দ্ৰীয় নেতৃত্বক বিশ্বাস কৰিব নোৱাৰা হৈ পৰিছে। অৱশ্যে এটা টুইটত তেওঁ নিজেই দাবীটো খাৰিজ কৰিছে। 

গাডকাৰীয়ে দাবী কৰে, "আজি পুনৰ মোৰ বিৰুদ্ধে এক পৰিকল্পিত অভিযান আৰম্ভ হৈছে। কিছুমান মানুহে ৰাজনৈতিক লাভৰ বাবে মোৰ নামত প্ৰচাৰ চলাই আছে। মোৰ বক্তব্যক ভুলকৈ উপস্থাপন কৰা হৈছে। আগন্তুক দিনত, চৰকাৰ, দল আৰু কৰ্মীৰ স্বাৰ্থত এনে অভিযান চলাই থকা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ আমি কুণ্ঠাবোধ নকৰোঁ"। অৱশ্যে গাডকাৰীয়ে তেওঁৰ বিৰুদ্ধে কোনে অপপ্ৰচাৰ চলাই আছে সেয়া প্ৰকাশ  কৰা নাই।

শেহতীয়াকৈ গাডকাৰীক বিজেপিৰ সংসদীয় পৰিষদৰ পৰা বৰ্খাস্ত কৰা হৈছে। সংঘৰ ঘনিষ্ঠ নেতাজন বৰ্তমান নৰেন্দ্ৰ মোদী মন্ত্ৰী সভাৰ এজন জ্যেষ্ঠ সদস্য। তেওঁ এসময়ত দলৰ সভাপতিও আছিল। সাধাৰণতে বিজেপি সভাপতিসকল  যেতিয়ালৈকে  সক্ৰিয় ৰাজনীতিত থাকে তেতিয়ালৈকে দলৰ সংসদীয় সমিতিত  ৰখা হয় । 

কিন্তু গাডকাৰীক আঁতৰ কৰা  হৈছে। কিছুদিন  পূৰ্বে এক অনুষ্ঠানত ভাষণ দি গাডকাৰীয়ে  কৈছিল, "এই চৰকাৰে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা নাই"। এনে মন্তব্যৰ বাবেও তেওঁ দলৰ ৰোষত পৰিছে বুলি বহুতে অনুমাণ কৰিছে। তেওঁৰ টুইটৰ পৰা এই কথাও স্পষ্ট  হৈছে যে জ্যেষ্ঠ বিজেপি নেতাজনে দল ত্যাগ কৰাৰ কথা ভবা নাই।











FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী