--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰচলিত ৰাজনীতিৰ প্ৰতি অনীহা, বিজেপিৰ ভুল নীতি আদি নানান বিষয়ত মন্তব্য কৰি নিজৰ দলৰেই বহুতৰে মাজত অপ্ৰিয় হৈ পৰা  নীতিন গাডকাৰীয়ে এইবাৰ ৰাজনৈতিক স্বাৰ্থত তেওঁৰ নাম ব্যৱহাৰ কৰা বুলি অভিযোগ কৰিছে। বিজেপিৰ এইগৰাকী 'অজাতশত্ৰু' নেতাই এতিয়া  দলটোৰ বাবে   মূৰৰ বিষ স্বৰূপ  হৈ পৰিছে। গাডকাৰীৰ শেহতীয়া এক টুইটে পুনৰ বিজেপি দলটোক শলঠেকত পেলাইছে। এক  টুইটত গাডকাৰীয়ে দাবী কৰে, "কিছুমান লোকে ৰাজনৈতিক লাভা লাভৰ বাবে  ইচ্ছাকৃতভাৱে মোৰ নামত মিছা প্ৰচাৰ চলাই আছে।" গাডকাৰীয়ে 'কিছুমান মানুহ' বুলি কৈ কাক লক্ষ্য কৰি সৈছে সেয়া এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। 

শেহতীয়াকৈ, গাডকাৰীৰ এটা পুৰণি ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত  তেওঁ এনেদৰে  কোৱা শুনা গৈছে, "কোনো পদত আছো  নে নাই সেই বিষয়ত মই গুৰুত্ব নিদিওঁ"। ভিডিঅ'টো টুইট কৰি বিজেপিৰ এটা অংশই ছ'চিয়েল মিডিয়াত প্ৰচাৰ আৰম্ভ কৰে যে নীতিন গাডকাৰীয়ে দলটোৰ কেন্দ্ৰীয় নেতৃত্বক বিশ্বাস কৰিব নোৱাৰা হৈ পৰিছে। অৱশ্যে এটা টুইটত তেওঁ নিজেই দাবীটো খাৰিজ কৰিছে। 

গাডকাৰীয়ে দাবী কৰে, "আজি পুনৰ মোৰ বিৰুদ্ধে এক পৰিকল্পিত অভিযান আৰম্ভ হৈছে। কিছুমান মানুহে ৰাজনৈতিক লাভৰ বাবে মোৰ নামত প্ৰচাৰ চলাই আছে। মোৰ বক্তব্যক ভুলকৈ উপস্থাপন কৰা হৈছে। আগন্তুক দিনত, চৰকাৰ, দল আৰু কৰ্মীৰ স্বাৰ্থত এনে অভিযান চলাই থকা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ আমি কুণ্ঠাবোধ নকৰোঁ"। অৱশ্যে গাডকাৰীয়ে তেওঁৰ বিৰুদ্ধে কোনে অপপ্ৰচাৰ চলাই আছে সেয়া প্ৰকাশ  কৰা নাই।

শেহতীয়াকৈ গাডকাৰীক বিজেপিৰ সংসদীয় পৰিষদৰ পৰা বৰ্খাস্ত কৰা হৈছে। সংঘৰ ঘনিষ্ঠ নেতাজন বৰ্তমান নৰেন্দ্ৰ মোদী মন্ত্ৰী সভাৰ এজন জ্যেষ্ঠ সদস্য। তেওঁ এসময়ত দলৰ সভাপতিও আছিল। সাধাৰণতে বিজেপি সভাপতিসকল  যেতিয়ালৈকে  সক্ৰিয় ৰাজনীতিত থাকে তেতিয়ালৈকে দলৰ সংসদীয় সমিতিত  ৰখা হয় । 

কিন্তু গাডকাৰীক আঁতৰ কৰা  হৈছে। কিছুদিন  পূৰ্বে এক অনুষ্ঠানত ভাষণ দি গাডকাৰীয়ে  কৈছিল, "এই চৰকাৰে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা নাই"। এনে মন্তব্যৰ বাবেও তেওঁ দলৰ ৰোষত পৰিছে বুলি বহুতে অনুমাণ কৰিছে। তেওঁৰ টুইটৰ পৰা এই কথাও স্পষ্ট  হৈছে যে জ্যেষ্ঠ বিজেপি নেতাজনে দল ত্যাগ কৰাৰ কথা ভবা নাই।











FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু