--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ বলীউড জগতত পুনৰ এক শিহৰণকাৰী ঘটনা। বলীউডৰ জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মা, প্ৰসিদ্ধ অভিনেতা ৰাজপাল যাদৱ, বহুমুখী গায়িকা সুগন্ধা মিশ্ৰ আৰু প্ৰখ্যাত নৃত্য পৰিচালক ৰেমো ডিছৌজা এতিয়া গভীৰ সংকটৰ মাজত পৰিছে। চলচ্চিত্ৰ জগতৰ এই চাৰিগৰাকী জনপ্ৰিয় তাৰকাই মৃত্যুৰ ভাবুকি থকা ইমেইল লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে, যিয়ে সমগ্ৰ ইণ্ডাষ্ট্ৰীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

উল্লেখ্য যে, পাকিস্তানৰ পৰা "don99284@gmail.com" নামৰ ইমেইলৰ জৰিয়তে এই ভাবুকি প্ৰেৰণ কৰা হৈছে। ইমেইল কৰা মানুহজনে নিজৰ নাম বিষ্ণু বুলি উল্লেখ কৰি কয় যে তেওঁ চেলিব্ৰিটিসকলৰ শেহতীয়া কাৰ্যকলাপত চকু ৰাখি আছে। ইমেইলটোত স্পষ্টকৈ কোৱা হৈছে— "আমি আপোনাৰ শেহতীয়া কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ কৰি আহিছো। আমি বিশ্বাস কৰোঁ যে কোনো স্পৰ্শকাতৰ বিষয় আপোনাৰ দৃষ্টিগোচৰ কৰাটো গুৰুত্বপূৰ্ণ। এইটো কোনো প্ৰচাৰৰ ষ্টাণ্ট নহয়, আমি আপোনাক গুৰুত্বসহকাৰে ল'বলৈ অনুৰোধ জনাইছো।"
ইয়াৰ উপৰি, ইমেইলটোৰ অন্তত এই ভাবুকি দিয়া হয় যে যদি কোনো প্ৰতিক্ৰিয়া নিদিয়ে, তেন্তে ফল অত্যন্ত ভয়ংকৰ হ'ব পাৰে।

এই ভাবুকিৰ পাছতে ৰাজপাল যাদৱে মুম্বাই আৰক্ষীত আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰে। লগতে সুগন্ধা মিশ্ৰ আৰু ৰেমো ডিছৌজাইও একেটা বিষয়ত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে। ৰাজপাল যাদৱৰ পত্নীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত মুম্বাইৰ আম্বোলি আৰক্ষীয়ে BNSS ৩৫১(৩) ধাৰাৰ অধীনত অচিনাকি ব্যক্তিৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে।আৰক্ষীয়ে এতিয়া এই গোচৰ সন্দৰ্ভত গভীৰ তদন্ত আৰম্ভ কৰিছে।

প্ৰাৰম্ভিক অনুসন্ধানত পোৱা গৈছে যে ইমেইলটো বিদেশী উৎসৰ, বিশেষকৈ পাকিস্তানৰ পৰা আহিছে। মুম্বাইৰ আৰক্ষীয়ে ইমেইল কৰাজনৰ বিষয়ে অধিক তথ্য সংগ্ৰহৰ চেষ্টা কৰি আছে আৰু সম্ভাৱ্য আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সহায় লোৱাৰ কথাও বিবেচনা কৰিছে।

উল্লেখযোগ্য যে, বলিউডৰ তাৰকাসকললৈ মৃত্যুৰ ভাবুকি অহা এয়া নতুন ঘটনা নহয়। আগতে ছলমান খান, শ্বাহৰুখ খান, এ. পি. ধিলন আদিৰ দৰে তাৰকাসকলেও এনে সংকটৰ সন্মুখীন হৈছিল। গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ গোষ্ঠীয়ে ছলমান খানক ভাবুকি দিয়াৰ পিছতে তেওঁৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনাও সংঘটিত হৈছিল। আনহাতে, শ্বাহৰুখ খানেও ছত্তীশগড়ৰ ৰায়পুৰৰ এজন ব্যক্তিৰ পৰাও মৃত্যুৰ ভাবুকি লাভ কৰিছিল, যিয়ে তেওঁৰ পৰা ৫০ লাখ টকা দাবী কৰিছিল।

এই ঘটনাসমূহ বলিউডৰ তাৰকাসকলৰ জীৱন কেনেদৰে বিপদত পেলাইছে, তাকে লৈ নতুনকৈ উদ্বেগৰ সৃষ্টি হৈছে। বৰ্তমান, মুম্বাই আৰক্ষীয়ে তেওঁলোকৰ নিৰাপত্তা কঠোৰ কৰিছে আৰু ইমেইল কৰা সন্ধানত সক্ৰিয় অনুসন্ধান চলাই আছে। বৰ্তমান, সকলোৰে চকু আৰক্ষীৰ তদন্তৰ ফলাফলৰ ওপৰত থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু