--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ বলীউড জগতত পুনৰ এক শিহৰণকাৰী ঘটনা। বলীউডৰ জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মা, প্ৰসিদ্ধ অভিনেতা ৰাজপাল যাদৱ, বহুমুখী গায়িকা সুগন্ধা মিশ্ৰ আৰু প্ৰখ্যাত নৃত্য পৰিচালক ৰেমো ডিছৌজা এতিয়া গভীৰ সংকটৰ মাজত পৰিছে। চলচ্চিত্ৰ জগতৰ এই চাৰিগৰাকী জনপ্ৰিয় তাৰকাই মৃত্যুৰ ভাবুকি থকা ইমেইল লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে, যিয়ে সমগ্ৰ ইণ্ডাষ্ট্ৰীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

উল্লেখ্য যে, পাকিস্তানৰ পৰা "don99284@gmail.com" নামৰ ইমেইলৰ জৰিয়তে এই ভাবুকি প্ৰেৰণ কৰা হৈছে। ইমেইল কৰা মানুহজনে নিজৰ নাম বিষ্ণু বুলি উল্লেখ কৰি কয় যে তেওঁ চেলিব্ৰিটিসকলৰ শেহতীয়া কাৰ্যকলাপত চকু ৰাখি আছে। ইমেইলটোত স্পষ্টকৈ কোৱা হৈছে— "আমি আপোনাৰ শেহতীয়া কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ কৰি আহিছো। আমি বিশ্বাস কৰোঁ যে কোনো স্পৰ্শকাতৰ বিষয় আপোনাৰ দৃষ্টিগোচৰ কৰাটো গুৰুত্বপূৰ্ণ। এইটো কোনো প্ৰচাৰৰ ষ্টাণ্ট নহয়, আমি আপোনাক গুৰুত্বসহকাৰে ল'বলৈ অনুৰোধ জনাইছো।"
ইয়াৰ উপৰি, ইমেইলটোৰ অন্তত এই ভাবুকি দিয়া হয় যে যদি কোনো প্ৰতিক্ৰিয়া নিদিয়ে, তেন্তে ফল অত্যন্ত ভয়ংকৰ হ'ব পাৰে।

এই ভাবুকিৰ পাছতে ৰাজপাল যাদৱে মুম্বাই আৰক্ষীত আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰে। লগতে সুগন্ধা মিশ্ৰ আৰু ৰেমো ডিছৌজাইও একেটা বিষয়ত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে। ৰাজপাল যাদৱৰ পত্নীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত মুম্বাইৰ আম্বোলি আৰক্ষীয়ে BNSS ৩৫১(৩) ধাৰাৰ অধীনত অচিনাকি ব্যক্তিৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে।আৰক্ষীয়ে এতিয়া এই গোচৰ সন্দৰ্ভত গভীৰ তদন্ত আৰম্ভ কৰিছে।

প্ৰাৰম্ভিক অনুসন্ধানত পোৱা গৈছে যে ইমেইলটো বিদেশী উৎসৰ, বিশেষকৈ পাকিস্তানৰ পৰা আহিছে। মুম্বাইৰ আৰক্ষীয়ে ইমেইল কৰাজনৰ বিষয়ে অধিক তথ্য সংগ্ৰহৰ চেষ্টা কৰি আছে আৰু সম্ভাৱ্য আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সহায় লোৱাৰ কথাও বিবেচনা কৰিছে।

উল্লেখযোগ্য যে, বলিউডৰ তাৰকাসকললৈ মৃত্যুৰ ভাবুকি অহা এয়া নতুন ঘটনা নহয়। আগতে ছলমান খান, শ্বাহৰুখ খান, এ. পি. ধিলন আদিৰ দৰে তাৰকাসকলেও এনে সংকটৰ সন্মুখীন হৈছিল। গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ গোষ্ঠীয়ে ছলমান খানক ভাবুকি দিয়াৰ পিছতে তেওঁৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনাও সংঘটিত হৈছিল। আনহাতে, শ্বাহৰুখ খানেও ছত্তীশগড়ৰ ৰায়পুৰৰ এজন ব্যক্তিৰ পৰাও মৃত্যুৰ ভাবুকি লাভ কৰিছিল, যিয়ে তেওঁৰ পৰা ৫০ লাখ টকা দাবী কৰিছিল।

এই ঘটনাসমূহ বলিউডৰ তাৰকাসকলৰ জীৱন কেনেদৰে বিপদত পেলাইছে, তাকে লৈ নতুনকৈ উদ্বেগৰ সৃষ্টি হৈছে। বৰ্তমান, মুম্বাই আৰক্ষীয়ে তেওঁলোকৰ নিৰাপত্তা কঠোৰ কৰিছে আৰু ইমেইল কৰা সন্ধানত সক্ৰিয় অনুসন্ধান চলাই আছে। বৰ্তমান, সকলোৰে চকু আৰক্ষীৰ তদন্তৰ ফলাফলৰ ওপৰত থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ