--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড তাৰকাৰ ৰঙীন জীৱনৰ আঁৰত লুকাই থাকে বহু গুপ্ত কাহিনী। এনে এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে হাৰিয়ানাৰ ছোনিপট জিলাৰ মুৰ্থাল থানা অঞ্চলৰ পৰা, য’ত এগৰাকী ব্যক্তিয়ে অভিনেতা শ্ৰেয়স তালপাড়ে, আলোক নাথসহ ১৩জনৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু বিশ্বাসভংগৰ গোচৰ দাখিল কৰিছে।

এই গোচৰ দাখিল কৰিছে বিপুল আণ্টিলে। তেওঁৰ অভিযোগ অনুসৰি, "হিউমেন ৱেলফেয়াৰ ক্ৰেডিট কো-অপাৰেটিভ ছ’চাইটি" নামৰ এক কোম্পানীয়ে সাধাৰণ ৰাইজক প্ৰবঞ্চনা কৰি কোটি কোটি টকা সংগ্ৰহ কৰি উধাও হৈছে।এই কোম্পানীটো ইন্দোৰত পঞ্জীয়নভুক্ত হৈছিল আৰু ৫০ লাখৰো অধিক লোকৰ পৰা ধন উঠাইছিল। বিনিয়োগকাৰীসকলক বিশাল লাভৰ প্ৰলোভন দেখুৱাই, কোম্পানীটোৱে বহুজনৰ জীৱনৰ সঞ্চিত ধন পানীত পেলাইছিল।

বিশ্বাসযোগ্যতা অৰ্জন কৰিবলৈ, কোম্পানীটোৱে বলীউড তাৰকাৰ সৈতে জড়িত থকাৰ অভিনৱ উপায় অৱলম্বন কৰিছিল। জনপ্ৰিয় অভিনেতা শ্ৰেয়াস তালপাড়ে আৰু আলোক নাথে এই কোম্পানীৰ প্ৰচাৰত সহায় কৰিছিল, আৰু বিশেষকৈ, জনপ্ৰিয় অভিনেতা ছনু সুদকো এক বিশাল অনুষ্ঠানত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছিল। এই বিষয়বস্তুয়ে সাধাৰণ ৰাইজৰ মাজত কোম্পানীটোৰ প্ৰতি বিশ্বাস বৃদ্ধি কৰিছিল, যাৰ ফলত বহু লোক নিজৰ সঞ্চিত ধন লগাইছিল।

প্ৰায় ছয় বছৰ আগতে, কোম্পানীটোৱে Fixed Deposit আৰু অন্যান্য বিনিয়োগ প্রকল্পৰ জৰিয়তে ধন সংগ্ৰহ কৰিছিল। আৰম্ভণিতে বিনিয়োগকাৰীক লাভৰ অংশ দিয়া হৈছিল, যাতে ৰাইজৰ বিশ্বাস বাঢ়ি যায়। কিন্তু যেতিয়া কোম্পানীটোৰ হাতত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ হ’ল, তেতিয়া বিষয়াসকল হঠাতে পলায়ন কৰে। যেতিয়া বিনিয়োগকাৰীসকলে নিজৰ ধন উভতাই বিচাৰিলে, এই কোম্পানীৰ লোকসকলে যোগাযোগ বিচ্ছিন্ন কৰি পেলালে আৰু লগতে ফোন নম্বৰ বন্ধ কৰি দিলে।

অৱশেষত, বিপুল আণ্টিলে আৰক্ষীৰ ওচৰত গোচৰ দাখিল কৰে, যাৰ ফলত এতিয়া এই চাঞ্চল্যকৰ কেলেংকাৰী পোহৰলৈ আহিছে।  এতিয়া প্ৰশ্ন উঠিছে, কোনো কোম্পানীৰ প্ৰচাৰত যদি কোনো জনপ্ৰিয় তাৰকা জড়িত থাকে, সেই ক্ষেত্ৰত তেওঁলোকো দায়ী হ'ব নে? 
আৰক্ষীয়ে এতিয়া গোচৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। লগতে সাধাৰণ ৰাইজক সতৰ্ক হোৱাৰ আহ্বান জনোৱা হৈছে – যে কোনো কোম্পানীৰ ৰঙীন জীৱনৰ প্ৰচাৰ দেখিয়েই বিশ্বাস নকৰিব, অভিযোগ কৰাৰ আগতে ভালদৰে তদন্ত কৰি ল’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ