--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড তাৰকাৰ ৰঙীন জীৱনৰ আঁৰত লুকাই থাকে বহু গুপ্ত কাহিনী। এনে এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে হাৰিয়ানাৰ ছোনিপট জিলাৰ মুৰ্থাল থানা অঞ্চলৰ পৰা, য’ত এগৰাকী ব্যক্তিয়ে অভিনেতা শ্ৰেয়স তালপাড়ে, আলোক নাথসহ ১৩জনৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু বিশ্বাসভংগৰ গোচৰ দাখিল কৰিছে।

এই গোচৰ দাখিল কৰিছে বিপুল আণ্টিলে। তেওঁৰ অভিযোগ অনুসৰি, "হিউমেন ৱেলফেয়াৰ ক্ৰেডিট কো-অপাৰেটিভ ছ’চাইটি" নামৰ এক কোম্পানীয়ে সাধাৰণ ৰাইজক প্ৰবঞ্চনা কৰি কোটি কোটি টকা সংগ্ৰহ কৰি উধাও হৈছে।এই কোম্পানীটো ইন্দোৰত পঞ্জীয়নভুক্ত হৈছিল আৰু ৫০ লাখৰো অধিক লোকৰ পৰা ধন উঠাইছিল। বিনিয়োগকাৰীসকলক বিশাল লাভৰ প্ৰলোভন দেখুৱাই, কোম্পানীটোৱে বহুজনৰ জীৱনৰ সঞ্চিত ধন পানীত পেলাইছিল।

বিশ্বাসযোগ্যতা অৰ্জন কৰিবলৈ, কোম্পানীটোৱে বলীউড তাৰকাৰ সৈতে জড়িত থকাৰ অভিনৱ উপায় অৱলম্বন কৰিছিল। জনপ্ৰিয় অভিনেতা শ্ৰেয়াস তালপাড়ে আৰু আলোক নাথে এই কোম্পানীৰ প্ৰচাৰত সহায় কৰিছিল, আৰু বিশেষকৈ, জনপ্ৰিয় অভিনেতা ছনু সুদকো এক বিশাল অনুষ্ঠানত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছিল। এই বিষয়বস্তুয়ে সাধাৰণ ৰাইজৰ মাজত কোম্পানীটোৰ প্ৰতি বিশ্বাস বৃদ্ধি কৰিছিল, যাৰ ফলত বহু লোক নিজৰ সঞ্চিত ধন লগাইছিল।

প্ৰায় ছয় বছৰ আগতে, কোম্পানীটোৱে Fixed Deposit আৰু অন্যান্য বিনিয়োগ প্রকল্পৰ জৰিয়তে ধন সংগ্ৰহ কৰিছিল। আৰম্ভণিতে বিনিয়োগকাৰীক লাভৰ অংশ দিয়া হৈছিল, যাতে ৰাইজৰ বিশ্বাস বাঢ়ি যায়। কিন্তু যেতিয়া কোম্পানীটোৰ হাতত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ হ’ল, তেতিয়া বিষয়াসকল হঠাতে পলায়ন কৰে। যেতিয়া বিনিয়োগকাৰীসকলে নিজৰ ধন উভতাই বিচাৰিলে, এই কোম্পানীৰ লোকসকলে যোগাযোগ বিচ্ছিন্ন কৰি পেলালে আৰু লগতে ফোন নম্বৰ বন্ধ কৰি দিলে।

অৱশেষত, বিপুল আণ্টিলে আৰক্ষীৰ ওচৰত গোচৰ দাখিল কৰে, যাৰ ফলত এতিয়া এই চাঞ্চল্যকৰ কেলেংকাৰী পোহৰলৈ আহিছে।  এতিয়া প্ৰশ্ন উঠিছে, কোনো কোম্পানীৰ প্ৰচাৰত যদি কোনো জনপ্ৰিয় তাৰকা জড়িত থাকে, সেই ক্ষেত্ৰত তেওঁলোকো দায়ী হ'ব নে? 
আৰক্ষীয়ে এতিয়া গোচৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। লগতে সাধাৰণ ৰাইজক সতৰ্ক হোৱাৰ আহ্বান জনোৱা হৈছে – যে কোনো কোম্পানীৰ ৰঙীন জীৱনৰ প্ৰচাৰ দেখিয়েই বিশ্বাস নকৰিব, অভিযোগ কৰাৰ আগতে ভালদৰে তদন্ত কৰি ল’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু