--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজপুত কাৰ্ণী সেনাৰ সভাপতি সুখদেৱ সিং গোগামেদীক আজি জয়পুৰত দিন দুপৰতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে।  সুখদেৱক  জয়পুৰত থকা তেওঁৰ নিজৰ ঘৰৰ ওচৰতে অচিনাক্ত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে ।  হত্যাকাণ্ডৰ দৃশ্য চিচিটিভি ফুটেজত বন্দী হোৱাৰ পিছত সেয়া  সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আক্ৰমণকাৰীসকলৰ  সন্ধান উলিয়াবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। 

আৰক্ষীয়ে জনোৱা অনুসৰি  সুখদেৱ মঙলবাৰে দিনৰ প্ৰায় ১.৪৫ বজাত তেওঁৰ ঘৰৰ ওচৰৰে এজন পৰিচিত ব্যক্তিৰ ঘৰত আছিল। সেই স্থানত  এখন স্কুটাৰত উঠি  চাৰিজন দুৰ্বৃত্ত উপস্থিত হয়। চিচিটিভি ফুটেজত দেখা গৈছে যে কেইজনমান লোকে সুখদেৱৰ সৈতে বহি কথা পাতি আছে আৰু  হঠাতে তেওঁলোকে বহাৰ পৰা উঠি কাৰ্ণী সেনাৰ সভাপতিজনৰ  ওপৰত গুলীচালনা কৰিবলৈ ধৰে। এই ঘটনাত সুখদেৱৰ সহযোগী অজিত সিং আৰু এজন নিৰাপত্তাৰক্ষীও  গুৰুতৰভাবে আহত হয়।  পিছত সুখদেৱক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

অজিত সিং আৰু নিৰাপত্তাৰক্ষীগৰাকী সংকটজনক অৱস্থাত  চিকিৎসাধীন হৈ আছে।  ৰাজস্থানৰ ডিজিপি উমেশ মিশ্ৰাই এক বিবৃতিত কয় যে প্ৰাথমিক প্ৰতিবেদন অনুসৰি চাৰিজন দুৰ্বৃত্তই দিনৰ পোহৰতে গুলীচালনা কৰি পলাই যায়। সুখদেৱৰ উপৰি তেওঁৰ নিৰাপত্তাৰক্ষী আৰু আন এজন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে। ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। কোনে হত্যাকাণ্ডটো সংঘটিত কৰিছে সেয়া তদন্ত কৰি থকা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান