--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজপুত কাৰ্ণী সেনাৰ সভাপতি সুখদেৱ সিং গোগামেদীক আজি জয়পুৰত দিন দুপৰতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে।  সুখদেৱক  জয়পুৰত থকা তেওঁৰ নিজৰ ঘৰৰ ওচৰতে অচিনাক্ত আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰে ।  হত্যাকাণ্ডৰ দৃশ্য চিচিটিভি ফুটেজত বন্দী হোৱাৰ পিছত সেয়া  সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আক্ৰমণকাৰীসকলৰ  সন্ধান উলিয়াবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। 

আৰক্ষীয়ে জনোৱা অনুসৰি  সুখদেৱ মঙলবাৰে দিনৰ প্ৰায় ১.৪৫ বজাত তেওঁৰ ঘৰৰ ওচৰৰে এজন পৰিচিত ব্যক্তিৰ ঘৰত আছিল। সেই স্থানত  এখন স্কুটাৰত উঠি  চাৰিজন দুৰ্বৃত্ত উপস্থিত হয়। চিচিটিভি ফুটেজত দেখা গৈছে যে কেইজনমান লোকে সুখদেৱৰ সৈতে বহি কথা পাতি আছে আৰু  হঠাতে তেওঁলোকে বহাৰ পৰা উঠি কাৰ্ণী সেনাৰ সভাপতিজনৰ  ওপৰত গুলীচালনা কৰিবলৈ ধৰে। এই ঘটনাত সুখদেৱৰ সহযোগী অজিত সিং আৰু এজন নিৰাপত্তাৰক্ষীও  গুৰুতৰভাবে আহত হয়।  পিছত সুখদেৱক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

অজিত সিং আৰু নিৰাপত্তাৰক্ষীগৰাকী সংকটজনক অৱস্থাত  চিকিৎসাধীন হৈ আছে।  ৰাজস্থানৰ ডিজিপি উমেশ মিশ্ৰাই এক বিবৃতিত কয় যে প্ৰাথমিক প্ৰতিবেদন অনুসৰি চাৰিজন দুৰ্বৃত্তই দিনৰ পোহৰতে গুলীচালনা কৰি পলাই যায়। সুখদেৱৰ উপৰি তেওঁৰ নিৰাপত্তাৰক্ষী আৰু আন এজন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে। ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। কোনে হত্যাকাণ্ডটো সংঘটিত কৰিছে সেয়া তদন্ত কৰি থকা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক