--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
হঠাৎ সক্ৰিয় হৈ উঠিছে আয়কৰ বিভাগ আৰু এফালৰ পৰা চলাই গৈছে বিশেষ বিশেষ নেতাৰ ঘৰত তালাচী৷ বুধবাৰে  পঞ্জীভুক্ত ৰাজনৈতিক দলসমূহ (আৰইউপি) আৰু তেওঁলোকৰ সন্দেহজনক পুঁজিৰ বিৰুদ্ধে কৰ ফাঁকিৰ তদন্তৰ অংশ হিচাপে  আয়কৰ বিভাগে একাধিক ৰাজ্যত অভিযান চলায়৷ 
দিল্লী, গুজৰাট, উত্তৰ প্ৰদেশ, হাৰিয়ানা লগতে  আন কেইখনমান ৰাজ্যতো অভিযান চলোৱা হৈছে।

মে মাহত ভাৰতৰ নিৰ্বাচন আয়োগে এনে ৰাজনৈতিক দলবোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল৷ যিসকলে আইনী ব্যৱস্থাসমূহ  পালন নকৰাকৈ আই-টি ৰেহাই দাবী কৰা দলসমূহৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছিল ভাৰতৰ নিৰ্বাচনী আয়োগ৷  

নিৰ্বাচনী আয়োগে  ঘোষণা কৰিছিল যে তেওঁলোকে নিয়ম আৰু নিৰ্বাচনী আইন অমান্য কৰাৰ বাবে  ২,১০০  ৰো অধিক  পঞ্জীয়নভুক্ত  ৰাজনৈতিক দলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে৷ সঠিক অৰ্থনৈতিক হিচাপ দাখিলত ব্যৰ্থ হোৱা, দলীয় নেতাৰ   ঠিকনা আৰু কাৰ্যবাহীসকলৰ নাম উন্নীত কৰাত ব্যৰ্থ হোৱাৰ বাবেও বহু ৰাজনৈতিক দলৰ বিৰুদ্ধে কঠাৰতম স্থিতি গ্ৰহণ কৰিছিল নিৰ্বাচনী আয়োগে৷তদুপৰি বহু দল ধনৰ অবৈধ লেন-দেনত জড়িত থকাৰো অভিযোগ উত্থাপিত হৈছে৷ 

সূত্ৰ অনুসৰি , আই-টি বিভাগে ৰাজস্থানৰ গৃহ মন্ত্ৰী ৰাজেন্দ্ৰ যাদৱৰ চৌহদত তালাচী অভিযান চলাইছিল। তেওঁৰ বিধানসভা সমষ্টি কোটপুতলি আৰু উত্তৰাখণ্ডৰ ব্যৱসায়িক চৌহদকে ধৰি একাধিক স্থানত অভিযান চলোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ