--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
হঠাৎ সক্ৰিয় হৈ উঠিছে আয়কৰ বিভাগ আৰু এফালৰ পৰা চলাই গৈছে বিশেষ বিশেষ নেতাৰ ঘৰত তালাচী৷ বুধবাৰে  পঞ্জীভুক্ত ৰাজনৈতিক দলসমূহ (আৰইউপি) আৰু তেওঁলোকৰ সন্দেহজনক পুঁজিৰ বিৰুদ্ধে কৰ ফাঁকিৰ তদন্তৰ অংশ হিচাপে  আয়কৰ বিভাগে একাধিক ৰাজ্যত অভিযান চলায়৷ 
দিল্লী, গুজৰাট, উত্তৰ প্ৰদেশ, হাৰিয়ানা লগতে  আন কেইখনমান ৰাজ্যতো অভিযান চলোৱা হৈছে।

মে মাহত ভাৰতৰ নিৰ্বাচন আয়োগে এনে ৰাজনৈতিক দলবোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল৷ যিসকলে আইনী ব্যৱস্থাসমূহ  পালন নকৰাকৈ আই-টি ৰেহাই দাবী কৰা দলসমূহৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছিল ভাৰতৰ নিৰ্বাচনী আয়োগ৷  

নিৰ্বাচনী আয়োগে  ঘোষণা কৰিছিল যে তেওঁলোকে নিয়ম আৰু নিৰ্বাচনী আইন অমান্য কৰাৰ বাবে  ২,১০০  ৰো অধিক  পঞ্জীয়নভুক্ত  ৰাজনৈতিক দলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে৷ সঠিক অৰ্থনৈতিক হিচাপ দাখিলত ব্যৰ্থ হোৱা, দলীয় নেতাৰ   ঠিকনা আৰু কাৰ্যবাহীসকলৰ নাম উন্নীত কৰাত ব্যৰ্থ হোৱাৰ বাবেও বহু ৰাজনৈতিক দলৰ বিৰুদ্ধে কঠাৰতম স্থিতি গ্ৰহণ কৰিছিল নিৰ্বাচনী আয়োগে৷তদুপৰি বহু দল ধনৰ অবৈধ লেন-দেনত জড়িত থকাৰো অভিযোগ উত্থাপিত হৈছে৷ 

সূত্ৰ অনুসৰি , আই-টি বিভাগে ৰাজস্থানৰ গৃহ মন্ত্ৰী ৰাজেন্দ্ৰ যাদৱৰ চৌহদত তালাচী অভিযান চলাইছিল। তেওঁৰ বিধানসভা সমষ্টি কোটপুতলি আৰু উত্তৰাখণ্ডৰ ব্যৱসায়িক চৌহদকে ধৰি একাধিক স্থানত অভিযান চলোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু