--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৪ ৰ লোকসভা নিৰ্বাচনলৈ মাজত আৰু দুটা বছৰ। দিল্লীৰ মচনদ দখলৰ বাবে ইতিমধ্যে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰাৰ কুচ-কাৱাজ আৰম্ভ কৰিছে শাসক-বিৰোধী সকলোৱে। লোকসভা নিৰ্বাচনৰ প্ৰাক: ক্ষণত দিল্লীৰ শাসন পুনৰাই নিজৰ হাতলৈ অনাত সুবিধা হোৱাকৈ বৰ্তমানৰ শাসনাধিষ্ঠ বিজেপিয়ে ৰাজ্যসমূহত নিজৰ দলীয় ভেটি সবল কৰাৰ উদ্দেশ্যৰে ‘অপাৰেচন ল’টাছ’ অভিযান তড়িৎগতিত চলাই গৈছে। অৱশ্যে দলটোৰ এই আগ্ৰাসী অভিযানে মহাৰাষ্ট্ৰকে ধৰি দুই-এখন ৰাজ্যত সফলতা পালেও শেহতীয়াকৈ মুখঠেকেচা খাইছে ঝাৰখণ্ডত। আনহাতে হাতত থকা বিহাৰৰ ক্ষমতা দলটোৰ হাতৰ পৰা ওলাই গৈছে। স্বাভাৱিকতেই এই বিফলতাই শাসকীয় দলটোৰ ৰণনীতিত ব্যাঘাত জন্মাইছে। 

ইফালে বিজেপিৰ সংগ ত্যাগ কৰা নীতিশ কুমাৰে এতিয়া ‘মিচন বিৰোধী’ৰ কৰ্যসূচীৰে বিৰোধী শক্তি ঐক্যবদ্ধ ৰূপত গঢ়ি তুলিবলৈ প্ৰচেষ্টা চলাইছে। ইতিমধ্যে এই লক্ষ্যৰে কুমাৰে কেইবাগৰাকীও প্ৰধান প্ৰধান বিৰোধী নেতাক সাক্ষাৎ কৰিছে। আনহাতে দেশৰ ৰাজনীতিৰ প্ৰধান বিৰোধী দল কংগ্ৰেছেও নিজৰ হৃত গৌৰৱ উদ্ধাৰৰ বাবে আজিৰ পৰা আৰম্ভ কৰিছে ‘ভাৰত জোড়ো’ শীৰ্ষক এক দীৰ্ঘকালীন কাৰ্যসূচী। এনে ৰাজনৈতিক প্ৰত্যাহ্বানৰ মাজতে নিজৰ স্থিতি মজবুত কৰিবলৈ ৰণনীতি তৈয়াৰৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নড্ডাই দলৰ শীৰ্ষ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে মঙ্গলবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লয়। 

প্ৰকাশিত খবৰ অনুসৰি বিজেপিয়ে এই বৈঠকত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে এক নতুন লক্ষ্য নিৰ্ধাৰণ কৰিছে। বিগত লোকসভা নিৰ্বাচনত দলটোৱে জয় লাভ কৰা আসনসমূহৰ উপৰিও গেৰুৱা দলটোৱে সমগ্ৰ দেশজুৰি ১৪৪ খন বিশেষ আসনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। জানিব পৰা মতে কিছুদিন পূৰ্বে বিজেপিয়ে বিগত লোকসভা নিৰ্বাচনত দখল কৰাত ব্যৰ্থ হোৱা আসনসমূহৰ লগতে  শেহতীয়াকৈ সাতৰ পৰা ওলাই যোৱা কেইখনমান আসনসহ ১৪৪ খন আসন চিনাক্ত কৰি সেই আসনসমূহত দলৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। দলৰ স্থিতি কিছু দুৰ্বল হিচাপে পৰিগণিত হোৱা এই ১৪৪ খন আসন দখলৰ উদ্দেশ্যে শ্বাহ আৰু নড্ডাই দলৰ নেতা-কৰ্মীসকললৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। 

উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অকলেই ৩০৩ খন আসন লাভ কৰিছিল।সেইদৰে দলটোৰ নেতৃত্বাধীন এন ডিএ- ই লাভ কৰিছিল মুঠ ৩৫৩ খন আসন। কিন্তু শেহতীয়াকৈ বিজেপি মিত্ৰজোঁটৰ কেইবাটাও দলে এন ডি এ ত্যাগ কৰাৰ পিছত এতিয়া মিত্ৰজোঁটৰ আসনৰ সংখ্যা হ্ৰাস পাইছে। সেয়েহে শ্বাহ-নাড্ডাই এইবাৰ বিজেপিৰ দলীয় শক্তি বৃদ্ধি কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছে। বিজেপিৰ দলীয় সূত্ৰৰ মতে, দলটোৱে চিনাক্ত কৰা এই ১৪৪ খন আসনৰ ভিতৰত কংগ্ৰেছে সৰ্বাধিক আসন লাভ কৰিছিল। শ্বাহ-নড্ডাই এইবাৰ কংগ্ৰেছকে ধৰি বিৰোধীৰ হাতত থকা এই আসনসমূহ নিজৰ হাতলৈ অনাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। 

সূত্ৰ অনুসৰি, অমিত শ্বাহে মঙ্গলবাৰৰ এই গুৰুত্বপূৰ্ণ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীসকলক এই লোকসভা আসনসমূহৰ দায়িত্ব ল'বলৈ কঠোৰ নিৰ্দেশ দিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্যসকলক এই লোকসভা সমষ্টিসমূহ নিয়মীয়াকৈ পৰিদৰ্শন কৰি দলৰ ভেটি শক্তিশালী কৰিবলৈ শ্বাহে নিৰ্দেশনা জাৰি কৰিছে বুলিও জানিব পৰা গৈছে। একে সময়তে এই লোকসভা সমষ্টিসমূহত তৃণমূল পৰ্যায়ৰ পৰাই দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবেও নিৰ্দেশনা দিয়া হৈছে বুলি দলীয় সূত্ৰই  প্ৰকাশ কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব সংগীত দিৱস ; জানেনে সংগীত দিৱস কিয় বিশেষ?
আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত! ৪০টাতকৈও অধিক গোচৰ ৰুজু হৈছিল ডকাইতটোৰ বিৰুদ্ধে
অসম সন্তান জুবিন, মেঘালী আৰু  ৰাজৰ্ষি বিশ্বমানৰ আই আই এছলৈ নিৰ্বাচিত
এই ৩ টা বনৌষধি পেটৰ বাবে অতি উপকাৰী
আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে একলম
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত