--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে শাসক-বিৰোধী উভয়েই। শাসকীয় বিজেপিৰ বাবে বৰ্তমানৰ পৰিস্থিতিত দিল্লী দখল অভিযান বিশেষ কণ্টকময় নহ'ব যেন লাগিলেও বিজেপিক প্ৰতিহত কৰিবলৈ বিশেষ ৰণনীতি প্ৰস্তুতত নামি পৰিছে সদ্য বিজেপি সংগ ত্যাগী বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। বিজেপিক ৰোধ কৰাৰ উদ্দেশ্যে বিৰোধী শক্তিক একত্ৰিত কৰাত নামি পৰিছে জেডিইউৰ মুব্বীগৰাকী।  মিচন বিৰোধী কাৰ্যকৰীকৰণৰ লক্ষ্যৰে সম্প্ৰতি দিল্লী ভ্ৰমণৰত নীতিশ কুমাৰে বিৰোধী দলসমূহৰ কেইবাগৰাকীও নেতাক ইতিমধ্যে সাক্ষাৎ কৰিছে।  

বয়োজ্যেষ্ঠ নেতাগৰাকীয়ে এই উদ্দেশ্যতে আজি নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শৰদ পাৱাৰক সাক্ষাৎ কৰে। ইতিপূৰ্বে কুমাৰে কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু জনতা দল চেকুলাৰৰ এইচ ডি কুমাৰস্বামীৰ পিছতে চিপিএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, চিপিআইৰ ডি ৰাজা, ইণ্ডিয়ান নেচনেল লোক দলৰ ওম প্ৰকাশ চৌটালা আৰু সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱক সাক্ষাৎ কৰিছে। আজি পুৱাৰ ভাগত তেওঁ চিপিআইএমএলৰ সাধাৰণ সম্পাদক দীপংকৰ ভট্টাচাৰ্যকো সাক্ষাৎ কৰে। 

নীতিশ কুমাৰৰ এই তৎপৰতাক কেন্দ্ৰ কৰিয়ে শেহতীয়াকৈ আগন্তুক লোকসভা নিৰ্বাচনত তেওঁ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে বুলি ব্যাপক চৰ্চা চলিছে। পিছে এই সম্ভাৱনাক নাকচ কৰি নীতিশ কুমাৰে বাৰে বাৰে কেৱল বিৰোধী ঐক্যৰ বাবেহে তেওঁ প্ৰচেষ্টা চলাইছে বুলি মন্তব্য কৰি আহিছে।

‘মিচন বিৰোধী’ অভিযানৰ ব্যস্ততাৰ মাজতে আজি নীতিশ কুমাৰে আজি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পুনৰ একেটা কথাকে দোহাৰে। কুমাৰে আজি পুনৰ কয় যে তেওঁৰ নেতা হোৱাৰ কোনো আকাংক্ষা নাই, তেওঁ মাত্ৰ বিৰোধীৰ একত্ৰিকৰণতহে চেষ্টা চলাইছে। বিজেপিয়ে দেশখন এফালৰ পৰা দখল কৰিবলৈ চেষ্টা কৰিছে বুলি সকীয়নি দি কুমাৰে লগতে সকলো বিৰোধী শক্তিয়ে যদি একেলগে নিৰ্বাচনত যুঁজ দিয়ে, তেতিয়া বিজেপিক ৰোধ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে। এই উদ্দেশ্যেই তেওঁ সকলো বিৰোধী শক্তিৰ সৈতে আলোচনা কৰিছে বুলি নীতিশ কুমাৰে লগতে কয়।

২০২৪ ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে বিৰোধী দলৰ সম্ভাৱ্য মুখ কোন হ'ব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কুমাৰে কয়, “ব্যক্তিগতভাৱে মই কোনো নেতাকে বিকল্প হিচাপে বাচনি কৰা নাই। মোৰ একমাত্ৰ ইচ্ছা হ'ল সকলো বিজেপি বিৰোধী শক্তি একেলগ হোৱা উচিত। আমি একেলগে আমাৰ নেতা বাছনি কৰি।" তেওঁ লগতে কয় যে বিৰোধীৰ মাজত তৃতীয় ফ্ৰণ্ট নহয়, একমাত্ৰ আৰু মুখ্য ঐক্য ফ্ৰণ্ট নিৰ্মাণৰহে প্ৰচেষ্টা চলোৱা হৈছে। বিৰোধী নেতাসকলৰ সৈতে তেওঁৰ আলোচনা ইতিবাচক হ'ব বুলি ঘোষণা কৰি তেওঁ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন ফলাফল ভাল হ'ব বুলিও আশা প্ৰকাশ কৰে।

উল্লেখ্য যে নীতিৰ কুমাৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিকল্পনাই বিৰোধী দলসমূহক বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ ফ্ৰণ্ট স্থাপন কৰাৰ প্ৰয়োজনীয়তাক পুনৰ সমুখলৈ আনিছে। ২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বেও ঐক্যবদ্ধ বিৰোধীৰ প্ৰসংগ উত্থাপন হৈছিল যদিও সংহতিৰ অভাৱত লক্ষ্যত উপনীত হোৱা নাছিল বিৰোধী শক্তি। এই প্ৰয়োজনীয়তাৰ কথা উপলদ্ধি কৰি শেহতীয়াকৈ তৃণমূল মুৰব্বী মমতা বেনাৰ্জী, হায়দৰাবাদৰ মুখ্যমন্ত্ৰী তথা তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাৱেও বিৰোধী ঐক্যৰ বাবে প্ৰচেষ্টা চলাইছিল যদিও বিফল হৈছিল।

প্ৰধানত: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিৰোধীৰ বিকল্প মুখ কোন হ'ব, সেই সন্দৰ্ভত একমত হোৱা নাই বিৰোধী শক্তিসমূহ। এইমুহূৰ্তত  প্ৰধানকৈ ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱাল, মমতা বেনাৰ্জীৰ নাম প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ দৌৰত আছে। আনহাতে নিজে অস্বীকাৰ কৰিলেও নীতিশ কুমাৰৰ নামো যথেষ্ট চৰ্চিত হৈছে। প্ৰধানমন্ত্ৰী পদক লৈ চলি থকা এই আসোঁৱাহৰ মাজতে নীতিশ কুমাৰৰ মিচন বিৰোধী প্ৰচেষ্টা যথেষ্ট গুৰুত্বপূর্ণ হৈ পৰিছে। যদি এই লক্ষ্যত কুমাৰ সফল হয়, ২৪ ৰ নিৰ্বাচনত স্বাভাৱিকতেই বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অসম সন্তান জুবিন, মেঘালী আৰু  ৰাজৰ্ষি বিশ্বমানৰ আই আই এছলৈ নিৰ্বাচিত
এই ৩ টা বনৌষধি পেটৰ বাবে অতি উপকাৰী
আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে একলম
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত