--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে শাসক-বিৰোধী উভয়েই। শাসকীয় বিজেপিৰ বাবে বৰ্তমানৰ পৰিস্থিতিত দিল্লী দখল অভিযান বিশেষ কণ্টকময় নহ'ব যেন লাগিলেও বিজেপিক প্ৰতিহত কৰিবলৈ বিশেষ ৰণনীতি প্ৰস্তুতত নামি পৰিছে সদ্য বিজেপি সংগ ত্যাগী বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। বিজেপিক ৰোধ কৰাৰ উদ্দেশ্যে বিৰোধী শক্তিক একত্ৰিত কৰাত নামি পৰিছে জেডিইউৰ মুব্বীগৰাকী।  মিচন বিৰোধী কাৰ্যকৰীকৰণৰ লক্ষ্যৰে সম্প্ৰতি দিল্লী ভ্ৰমণৰত নীতিশ কুমাৰে বিৰোধী দলসমূহৰ কেইবাগৰাকীও নেতাক ইতিমধ্যে সাক্ষাৎ কৰিছে।  

বয়োজ্যেষ্ঠ নেতাগৰাকীয়ে এই উদ্দেশ্যতে আজি নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শৰদ পাৱাৰক সাক্ষাৎ কৰে। ইতিপূৰ্বে কুমাৰে কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু জনতা দল চেকুলাৰৰ এইচ ডি কুমাৰস্বামীৰ পিছতে চিপিএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, চিপিআইৰ ডি ৰাজা, ইণ্ডিয়ান নেচনেল লোক দলৰ ওম প্ৰকাশ চৌটালা আৰু সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱক সাক্ষাৎ কৰিছে। আজি পুৱাৰ ভাগত তেওঁ চিপিআইএমএলৰ সাধাৰণ সম্পাদক দীপংকৰ ভট্টাচাৰ্যকো সাক্ষাৎ কৰে। 

নীতিশ কুমাৰৰ এই তৎপৰতাক কেন্দ্ৰ কৰিয়ে শেহতীয়াকৈ আগন্তুক লোকসভা নিৰ্বাচনত তেওঁ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে বুলি ব্যাপক চৰ্চা চলিছে। পিছে এই সম্ভাৱনাক নাকচ কৰি নীতিশ কুমাৰে বাৰে বাৰে কেৱল বিৰোধী ঐক্যৰ বাবেহে তেওঁ প্ৰচেষ্টা চলাইছে বুলি মন্তব্য কৰি আহিছে।

‘মিচন বিৰোধী’ অভিযানৰ ব্যস্ততাৰ মাজতে আজি নীতিশ কুমাৰে আজি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পুনৰ একেটা কথাকে দোহাৰে। কুমাৰে আজি পুনৰ কয় যে তেওঁৰ নেতা হোৱাৰ কোনো আকাংক্ষা নাই, তেওঁ মাত্ৰ বিৰোধীৰ একত্ৰিকৰণতহে চেষ্টা চলাইছে। বিজেপিয়ে দেশখন এফালৰ পৰা দখল কৰিবলৈ চেষ্টা কৰিছে বুলি সকীয়নি দি কুমাৰে লগতে সকলো বিৰোধী শক্তিয়ে যদি একেলগে নিৰ্বাচনত যুঁজ দিয়ে, তেতিয়া বিজেপিক ৰোধ কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে। এই উদ্দেশ্যেই তেওঁ সকলো বিৰোধী শক্তিৰ সৈতে আলোচনা কৰিছে বুলি নীতিশ কুমাৰে লগতে কয়।

২০২৪ ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে বিৰোধী দলৰ সম্ভাৱ্য মুখ কোন হ'ব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কুমাৰে কয়, “ব্যক্তিগতভাৱে মই কোনো নেতাকে বিকল্প হিচাপে বাচনি কৰা নাই। মোৰ একমাত্ৰ ইচ্ছা হ'ল সকলো বিজেপি বিৰোধী শক্তি একেলগ হোৱা উচিত। আমি একেলগে আমাৰ নেতা বাছনি কৰি।" তেওঁ লগতে কয় যে বিৰোধীৰ মাজত তৃতীয় ফ্ৰণ্ট নহয়, একমাত্ৰ আৰু মুখ্য ঐক্য ফ্ৰণ্ট নিৰ্মাণৰহে প্ৰচেষ্টা চলোৱা হৈছে। বিৰোধী নেতাসকলৰ সৈতে তেওঁৰ আলোচনা ইতিবাচক হ'ব বুলি ঘোষণা কৰি তেওঁ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন ফলাফল ভাল হ'ব বুলিও আশা প্ৰকাশ কৰে।

উল্লেখ্য যে নীতিৰ কুমাৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিকল্পনাই বিৰোধী দলসমূহক বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ ফ্ৰণ্ট স্থাপন কৰাৰ প্ৰয়োজনীয়তাক পুনৰ সমুখলৈ আনিছে। ২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বেও ঐক্যবদ্ধ বিৰোধীৰ প্ৰসংগ উত্থাপন হৈছিল যদিও সংহতিৰ অভাৱত লক্ষ্যত উপনীত হোৱা নাছিল বিৰোধী শক্তি। এই প্ৰয়োজনীয়তাৰ কথা উপলদ্ধি কৰি শেহতীয়াকৈ তৃণমূল মুৰব্বী মমতা বেনাৰ্জী, হায়দৰাবাদৰ মুখ্যমন্ত্ৰী তথা তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাৱেও বিৰোধী ঐক্যৰ বাবে প্ৰচেষ্টা চলাইছিল যদিও বিফল হৈছিল।

প্ৰধানত: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিৰোধীৰ বিকল্প মুখ কোন হ'ব, সেই সন্দৰ্ভত একমত হোৱা নাই বিৰোধী শক্তিসমূহ। এইমুহূৰ্তত  প্ৰধানকৈ ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱাল, মমতা বেনাৰ্জীৰ নাম প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ দৌৰত আছে। আনহাতে নিজে অস্বীকাৰ কৰিলেও নীতিশ কুমাৰৰ নামো যথেষ্ট চৰ্চিত হৈছে। প্ৰধানমন্ত্ৰী পদক লৈ চলি থকা এই আসোঁৱাহৰ মাজতে নীতিশ কুমাৰৰ মিচন বিৰোধী প্ৰচেষ্টা যথেষ্ট গুৰুত্বপূর্ণ হৈ পৰিছে। যদি এই লক্ষ্যত কুমাৰ সফল হয়, ২৪ ৰ নিৰ্বাচনত স্বাভাৱিকতেই বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ