--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৫ চনৰ ইউপিএছচি পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া টিনা ডাবিয়ে বুধবাৰে ৰাজস্থানৰ জয়সলমেৰ জিলাৰ উপায়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰে। সামাজিক মাধ্যম যোগে ডাবিয়ে নিজৰ এই সুখবৰ সদৰি কৰিছে। নতুন কাৰ্যালয়ত কাম কৰি থকা সময়ৰ এখন ফটো শ্বেয়াৰ কৰি আইএএছ বিষয়াগৰাকীয়ে লিখিছে, "আজি জয়সলমেৰৰ জিলা উপায়ুক্ত আৰু দণ্ডাধীশ হিচাপে যোগদান কৰিছো।"

উল্লেখ্য যে ২০১৫ চনত প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা টিনা ডাবিয়ে ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছন, চমুকৈ ইউপিএছচি পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰা প্ৰথম অনুসূচীত জাতি (SC)ৰ মহিলা হিচাপে পৰিগণিত হৈছিল।

যোৱা বৰ্ষত আনুষ্ঠানিকভাৱে কাশ্মীৰৰ আইএএছ বিষয়া অথৰ শফি খানৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত ডাবিয়ে যোৱা এপ্ৰিলত জয়পুৰত এক ব্যক্তিগত অনুষ্ঠানত ড০ প্ৰদীপ গাৱাণ্ডেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। এই বিবাহৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ পিছতে ব্যাপক চৰ্চাৰ মাধ্যম হৈ পৰিছিল ডাবি।

বিবাহৰ পিছত ডাবি আৰু গাৱাণ্ডেক জয়পুৰত নিযুক্তি দিয়া হৈছিল। ডাবি ৰাজস্থান চৰকাৰৰ বিত্ত বিভাগত যুটীয়া সচিব হিচাপে কাম কৰি থকাৰ সমসাময়িকভাৱে গাৱাণ্ডেই জয়পুৰৰ পুৰাতত্ব আৰু সংগ্ৰহালয়ৰ সঞ্চালক হিচাপে নিযুক্ত হৈছিল।

গাৱাণ্ডেৰ পূৰ্বে ডাবিয়ে আন এগৰাকী প্ৰশাসনিক সেৱাৰ বিষয়া আথাৰ আমিৰ খানৰ সৈতে ২০১৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল। উল্লেখ্য যে দুয়োগৰাকী একেটা বৰ্ষতে ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ডাবিয়ে সেই বৰ্ষত দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে আথাৰ খানে দ্বিতীয় স্থান লাভ কৰিছিল।

অৱশ্যে দুয়োগৰাকী প্ৰশাসনিক বিষয়াৰ দাম্পত্য জীৱন স্থায়ী নহ'ল। যোৱা বৰ্ষৰ আগষ্ট মাহত ডাবি আৰু খানক জয়পুৰ পাৰিবাৰিক আদালতে আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ প্ৰদান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক