--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৫ চনৰ ইউপিএছচি পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া টিনা ডাবিয়ে বুধবাৰে ৰাজস্থানৰ জয়সলমেৰ জিলাৰ উপায়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰে। সামাজিক মাধ্যম যোগে ডাবিয়ে নিজৰ এই সুখবৰ সদৰি কৰিছে। নতুন কাৰ্যালয়ত কাম কৰি থকা সময়ৰ এখন ফটো শ্বেয়াৰ কৰি আইএএছ বিষয়াগৰাকীয়ে লিখিছে, "আজি জয়সলমেৰৰ জিলা উপায়ুক্ত আৰু দণ্ডাধীশ হিচাপে যোগদান কৰিছো।"

উল্লেখ্য যে ২০১৫ চনত প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা টিনা ডাবিয়ে ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছন, চমুকৈ ইউপিএছচি পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰা প্ৰথম অনুসূচীত জাতি (SC)ৰ মহিলা হিচাপে পৰিগণিত হৈছিল।

যোৱা বৰ্ষত আনুষ্ঠানিকভাৱে কাশ্মীৰৰ আইএএছ বিষয়া অথৰ শফি খানৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত ডাবিয়ে যোৱা এপ্ৰিলত জয়পুৰত এক ব্যক্তিগত অনুষ্ঠানত ড০ প্ৰদীপ গাৱাণ্ডেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। এই বিবাহৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ পিছতে ব্যাপক চৰ্চাৰ মাধ্যম হৈ পৰিছিল ডাবি।

বিবাহৰ পিছত ডাবি আৰু গাৱাণ্ডেক জয়পুৰত নিযুক্তি দিয়া হৈছিল। ডাবি ৰাজস্থান চৰকাৰৰ বিত্ত বিভাগত যুটীয়া সচিব হিচাপে কাম কৰি থকাৰ সমসাময়িকভাৱে গাৱাণ্ডেই জয়পুৰৰ পুৰাতত্ব আৰু সংগ্ৰহালয়ৰ সঞ্চালক হিচাপে নিযুক্ত হৈছিল।

গাৱাণ্ডেৰ পূৰ্বে ডাবিয়ে আন এগৰাকী প্ৰশাসনিক সেৱাৰ বিষয়া আথাৰ আমিৰ খানৰ সৈতে ২০১৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল। উল্লেখ্য যে দুয়োগৰাকী একেটা বৰ্ষতে ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ডাবিয়ে সেই বৰ্ষত দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে আথাৰ খানে দ্বিতীয় স্থান লাভ কৰিছিল।

অৱশ্যে দুয়োগৰাকী প্ৰশাসনিক বিষয়াৰ দাম্পত্য জীৱন স্থায়ী নহ'ল। যোৱা বৰ্ষৰ আগষ্ট মাহত ডাবি আৰু খানক জয়পুৰ পাৰিবাৰিক আদালতে আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ প্ৰদান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ