--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টকাৰ নিম্মগামী মান নিয়ন্ত্ৰণ কৰিবলৈ, বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ বৃদ্ধি কৰি, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে বুধবাৰে ঋণত বিদেশী বিনিয়োগত শিথিলতা, বাহ্যিক বাণিজ্যিক ঋণ, আৰু অনাবাসী ভাৰতীয় (এনআৰআই) জমাসহ কেইবাটাও পদক্ষেপ ঘোষণা কৰে।

চলিত বিত্তীয় বৰ্ষত ৫ জুলাইলৈকে আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৪.১ শতাংশ হ্ৰাস হৈ ৭৯.৩০ হোৱাৰ সৈতে, এফপিআইয়ে (বিদেশী পৰ্টফলিঅ' বিনিয়োগকাৰী) ছয় মাহত ২.৩২ লাখ কোটি টকা উলিয়াইছে, আৰু যোৱা ন মাহত ফৰেক্স সঞ্চয়ৰ পৰা ৫০ বিলিয়ন কটা হৈছে,  এই পদক্ষেপবোৰে পুঁজিৰ উৎস অধিক বৈচিত্ৰ্যময় আৰু সম্প্ৰসাৰিত কৰিব বুলি আশা কৰা হৈছে।  

আৰবিআইয়ে কৈছিল যে ই ফৰেক্স বজাৰত তৰলতাৰ স্থিতি নিবিড়ভাৱে আৰু নিৰন্তৰ ভাৱে নিৰীক্ষণ কৰি আহিছে আৰু সুশৃংখল বজাৰৰ কাৰ্যকৰীতা নিশ্চিত কৰাৰ উদ্দেশ্যৰে সকলো খণ্ডত প্ৰয়োজন অনুসৰি পদক্ষেপ লৈছে। যদিও ২৪ জুন, ২০২২ তাৰিখে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ আছিল ৫৯৩.৩ বিলিয়ন আমেৰিকান ডলাৰ, এই নতুন পদক্ষেপে সকাহ দিব বুলি ধাৰণা কৰা হৈছে। 

এক গুৰুত্বপূৰ্ণ পদক্ষেপত, আৰ.বি.আই.-য়ে বেংকবোৰক ৭ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ সূতৰ হাৰৰ ওপৰত বৰ্তমানৰ নিয়মাৱলীৰ প্ৰসংগ অবিহনে নতুন বিদেশী মুদ্ৰা অনা-আৱাসিক বেঙ্ক অৰ্থাৎ এফ.চি.এন.আৰ.(বি.) আৰু অনাবাসী বাহ্যিক (এন.আৰ.ই.) জমা বৃদ্ধি কৰিবলৈ  অনুমতি দিছে। এই শিথিলতাও ৩১ অক্টোবৰ, ২০২২ ত উপলব্ধ হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ