--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে শিক্ষাৰ্থীৰ আত্মহত্যাৰ সংখ্যা৷ বিশেষকৈ ৰাজস্থানৰ কোটাত কোচিং কৰি থকা শিক্ষাৰ্থীৰ বৰ্ধিত আত্মহত্যাই চিন্তিত কৰি তুলিছে অভিভাৱকসকলক৷ শেহতীয়াকৈ কোটাত পুনৰ এজন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

কোটা আৰক্ষীয়ে শনিবাৰে সদৰী কৰা তথ্য অনুসৰি কোটাত থকা এটা আৱাসৰ কোঠাত আত্মহত্যা কৰিছে এজন ১৭ বছৰীয়া ছাত্ৰই৷ জেইই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল ছাত্ৰগৰাকীয়ে৷ কোটাত ৪৮ ঘণ্টাৰ ভিতৰত শিক্ষাৰ্থীৰ মৃত্যুৰ এই দ্বিতীয়টো ঘটনা৷ শুকুৰবাৰে নিশা প্ৰায় ৮.৩০ বজাত মহাবীৰ নগৰ অঞ্চলত আন এজন শিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰ হয় বুলি আৰক্ষীয়ে সদৰী কৰে।

শেহতীয়াকৈ আৱাসত আত্মহত্যা কৰা ছাত্ৰজনক ভাৰ্গৱ মিশ্ৰ বুলি চিনাক্ত কৰা হৈছে৷ ছাত্ৰজনৰ মৃতদেহ তেওঁৰ কোঠাত চিলিং ফেনত ওলমি থকা অৱস্থাত পোৱা গৈছিল। এইবছৰ এতিয়ালৈকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ সন্দেহজনক আত্মহত্যাৰ এয়া ১৮সংখ্যক ঘটনা।
বিহাৰৰ চম্পাৰণ জিলাৰ বাসিন্দা ভাৰ্গৱ এই বছৰৰ মাৰ্চ মাহত কোটালৈ আহিছিল। তেওঁ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিল আৰু এখন প্ৰশিক্ষণ প্ৰতিষ্ঠানত যুটীয়া প্ৰৱেশ পৰীক্ষাৰ (জেইই) বাবে প্ৰস্তুতি চলাই আছিল।

ডিএছপি হৰ্ষৰাজ সিঙে কয় যে শিক্ষাৰ্থীগৰাকীক শুকুৰবাৰে পুৱা প্ৰায় ১১ বজাত দেখা গৈছিল। ঘটনাটো পোহৰলৈ আহিছিল, যেতিয়া তেওঁ তেওঁৰ মাক-দেউতাকৰ ফোন কলৰ সঁহাৰি দিয়া নাছিল, যাৰ পিছত আৱাসৰ তত্ত্বাৱধায়কজন তেওঁৰ কোঠালৈ গৈছিল আৰু দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ থকা দেখিছিল। যেতিয়া ছাত্ৰজনে কোনো সঁহাৰি দিয়া নাছিল, তত্ত্বাৱধায়কে বিষয়টো আৰক্ষীক অৱগত কৰিছিল৷ নিশা প্ৰায় ৮-৩০ বজাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰু দুৱাৰখন ভাঙি কোঠাটোত প্ৰৱেশ কৰি ছাত্ৰজনক চিলিং ফেনত ওলমি থকা প্ৰত্যক্ষ কৰে৷

ডিএছপিগৰাকীয়ে কয় যে আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷ তেওঁ লগতে কয় যে কোঠাটোৰ পৰা কোনো চুইচাইড নোট উদ্ধাৰ কৰা হোৱা নাই। সিঙে কৈছিল যে আৰক্ষীয়ে তেওঁৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে৷

ইয়াৰ পূৰ্বে ৩ আগষ্টত কোটাত এজন প্ৰশিক্ষণৰত ছাত্ৰই আত্মহত্যা কৰাৰ খবৰ পোৱা গৈছিল। উত্তৰ প্ৰদেশৰ ৰামপুৰৰ বাসিন্দা ১৮ বছৰীয়া এজন ছাত্ৰই বিজ্ঞান নগৰৰ এটা হোষ্টেলত আছিল আৰু এনইইটিৰ প্ৰশিক্ষণ লৈ আছিল আৰু এই বছৰৰ এপ্ৰিল মাহত ইয়াত উপস্থিত হৈছিল।

যোৱা বছৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে জনাজাত চহৰখনত প্ৰশিক্ষণৰত শিক্ষাৰ্থীসকলৰ দ্বাৰা আত্মহত্যাৰ কমেও ১৫টা ঘটনা সংঘটিত হৈছিল৷

২৫,০০০ৰো অধিক পিজি আৰু ৩,৫০০ হোষ্টেলত থকা ২ লাখৰো অধিক শিক্ষাৰ্থীয়ে বৰ্তমান ইয়াত বিভিন্ন প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ