--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে শিক্ষাৰ্থীৰ আত্মহত্যাৰ সংখ্যা৷ বিশেষকৈ ৰাজস্থানৰ কোটাত কোচিং কৰি থকা শিক্ষাৰ্থীৰ বৰ্ধিত আত্মহত্যাই চিন্তিত কৰি তুলিছে অভিভাৱকসকলক৷ শেহতীয়াকৈ কোটাত পুনৰ এজন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

কোটা আৰক্ষীয়ে শনিবাৰে সদৰী কৰা তথ্য অনুসৰি কোটাত থকা এটা আৱাসৰ কোঠাত আত্মহত্যা কৰিছে এজন ১৭ বছৰীয়া ছাত্ৰই৷ জেইই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল ছাত্ৰগৰাকীয়ে৷ কোটাত ৪৮ ঘণ্টাৰ ভিতৰত শিক্ষাৰ্থীৰ মৃত্যুৰ এই দ্বিতীয়টো ঘটনা৷ শুকুৰবাৰে নিশা প্ৰায় ৮.৩০ বজাত মহাবীৰ নগৰ অঞ্চলত আন এজন শিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰ হয় বুলি আৰক্ষীয়ে সদৰী কৰে।

শেহতীয়াকৈ আৱাসত আত্মহত্যা কৰা ছাত্ৰজনক ভাৰ্গৱ মিশ্ৰ বুলি চিনাক্ত কৰা হৈছে৷ ছাত্ৰজনৰ মৃতদেহ তেওঁৰ কোঠাত চিলিং ফেনত ওলমি থকা অৱস্থাত পোৱা গৈছিল। এইবছৰ এতিয়ালৈকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ সন্দেহজনক আত্মহত্যাৰ এয়া ১৮সংখ্যক ঘটনা।
বিহাৰৰ চম্পাৰণ জিলাৰ বাসিন্দা ভাৰ্গৱ এই বছৰৰ মাৰ্চ মাহত কোটালৈ আহিছিল। তেওঁ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিল আৰু এখন প্ৰশিক্ষণ প্ৰতিষ্ঠানত যুটীয়া প্ৰৱেশ পৰীক্ষাৰ (জেইই) বাবে প্ৰস্তুতি চলাই আছিল।

ডিএছপি হৰ্ষৰাজ সিঙে কয় যে শিক্ষাৰ্থীগৰাকীক শুকুৰবাৰে পুৱা প্ৰায় ১১ বজাত দেখা গৈছিল। ঘটনাটো পোহৰলৈ আহিছিল, যেতিয়া তেওঁ তেওঁৰ মাক-দেউতাকৰ ফোন কলৰ সঁহাৰি দিয়া নাছিল, যাৰ পিছত আৱাসৰ তত্ত্বাৱধায়কজন তেওঁৰ কোঠালৈ গৈছিল আৰু দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ থকা দেখিছিল। যেতিয়া ছাত্ৰজনে কোনো সঁহাৰি দিয়া নাছিল, তত্ত্বাৱধায়কে বিষয়টো আৰক্ষীক অৱগত কৰিছিল৷ নিশা প্ৰায় ৮-৩০ বজাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰু দুৱাৰখন ভাঙি কোঠাটোত প্ৰৱেশ কৰি ছাত্ৰজনক চিলিং ফেনত ওলমি থকা প্ৰত্যক্ষ কৰে৷

ডিএছপিগৰাকীয়ে কয় যে আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷ তেওঁ লগতে কয় যে কোঠাটোৰ পৰা কোনো চুইচাইড নোট উদ্ধাৰ কৰা হোৱা নাই। সিঙে কৈছিল যে আৰক্ষীয়ে তেওঁৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে৷

ইয়াৰ পূৰ্বে ৩ আগষ্টত কোটাত এজন প্ৰশিক্ষণৰত ছাত্ৰই আত্মহত্যা কৰাৰ খবৰ পোৱা গৈছিল। উত্তৰ প্ৰদেশৰ ৰামপুৰৰ বাসিন্দা ১৮ বছৰীয়া এজন ছাত্ৰই বিজ্ঞান নগৰৰ এটা হোষ্টেলত আছিল আৰু এনইইটিৰ প্ৰশিক্ষণ লৈ আছিল আৰু এই বছৰৰ এপ্ৰিল মাহত ইয়াত উপস্থিত হৈছিল।

যোৱা বছৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে জনাজাত চহৰখনত প্ৰশিক্ষণৰত শিক্ষাৰ্থীসকলৰ দ্বাৰা আত্মহত্যাৰ কমেও ১৫টা ঘটনা সংঘটিত হৈছিল৷

২৫,০০০ৰো অধিক পিজি আৰু ৩,৫০০ হোষ্টেলত থকা ২ লাখৰো অধিক শিক্ষাৰ্থীয়ে বৰ্তমান ইয়াত বিভিন্ন প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়