--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিকিবলৈ আগ্ৰহী হ’লে বয়স কেতিয়াও বাধা হ’ব নোৱাৰে বুলি পুনৰ প্ৰমাণ কৰিলে মিজোৰামৰ এজন ৭৮ বছৰীয়া ব্যক্তিয়ে। লালৰিঙথাৰা নামৰ এজন বৃদ্ধই স্কুলৰ ইউনিফৰ্ম পিন্ধি ৩ কিলোমিটাৰ খোজ কাঢ়ি প্ৰতিদিনে স্কুললৈ গৈছে। তেওঁৰ কান্ধত স্কুল বেগ।

মিজোৰামৰ চামফাই জিলাৰ ৰুইকাবান গাঁৱৰ বাসিন্দা লালৰিঙথাৰা। চলিত শিক্ষাবৰ্ষত তেওঁ ৰুইকাবন গাঁৱৰ ৰাষ্ট্ৰীয় মধ্যম শিক্ষা অভিযান হাইস্কুলত নৱম মানত নামভৰ্তি কৰে।

১৯৪৫ চনত জন্মগ্ৰহণ কৰিছিল লালৰিংথাই। অৱশ্যে দ্বিতীয় মানৰ পঢ়া-শুনা কৰাৰ পিছত তেওঁ পুনৰ পঢ়া-শুনা কৰা নাছিল। পিতৃৰ মৃত্যুৰ পিছত পৰিয়ালৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁ মাকক ক্ষেত্ৰৰ কামত সহায় কৰিছিল। মিজোৰামৰ বিভিন্ন জিলাত বসতি স্থাপন কৰাৰ পিছত অৱশেষত ১৯৯৫ চনত তেওঁ জীৱনৰ বাকী সময়খিনি ৰুইকাবান গাঁৱত কটাবলৈ সিদ্ধান্ত লয়। দৰিদ্ৰতাৰ বাবে বন্ধ কৰিবলগীয়া হয় পঢ়া-শুনা। এতিয়া পুনৰ ছাত্ৰ জীৱন আৰম্ভ কৰি সুখী হৈ পৰিছে তেওঁ।

ইংৰাজীত আবেদন লিখিব পৰাকৈ আৰু টেলিভিছনৰ বাতৰি শুদ্ধকৈ বুজিব পৰাকৈ তেওঁ পুনৰ স্কুলত ভৰ্তি হৈছে। লালৰিঙ্থাই এতিয়া এটা গীৰ্জাত গেটকিপাৰ হিচাপে কাম কৰে, আৰু তেওঁ পঢ়া-শুনাও আগবঢ়াই নিব বিচাৰে। তেওঁ মিজোৰামৰ স্থানীয় ভাষা ভালদৰে পঢ়িব আৰু লিখিব পাৰে।  ইংৰাজী তেওঁ একমাত্ৰ সমস্যা। ইংৰাজী শিকাৰ হেঁপাহৰ বাবেই লালৰিঙ্থাই পুনৰ স্কুলত ভৰ্তি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস