--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিকিবলৈ আগ্ৰহী হ’লে বয়স কেতিয়াও বাধা হ’ব নোৱাৰে বুলি পুনৰ প্ৰমাণ কৰিলে মিজোৰামৰ এজন ৭৮ বছৰীয়া ব্যক্তিয়ে। লালৰিঙথাৰা নামৰ এজন বৃদ্ধই স্কুলৰ ইউনিফৰ্ম পিন্ধি ৩ কিলোমিটাৰ খোজ কাঢ়ি প্ৰতিদিনে স্কুললৈ গৈছে। তেওঁৰ কান্ধত স্কুল বেগ।

মিজোৰামৰ চামফাই জিলাৰ ৰুইকাবান গাঁৱৰ বাসিন্দা লালৰিঙথাৰা। চলিত শিক্ষাবৰ্ষত তেওঁ ৰুইকাবন গাঁৱৰ ৰাষ্ট্ৰীয় মধ্যম শিক্ষা অভিযান হাইস্কুলত নৱম মানত নামভৰ্তি কৰে।

১৯৪৫ চনত জন্মগ্ৰহণ কৰিছিল লালৰিংথাই। অৱশ্যে দ্বিতীয় মানৰ পঢ়া-শুনা কৰাৰ পিছত তেওঁ পুনৰ পঢ়া-শুনা কৰা নাছিল। পিতৃৰ মৃত্যুৰ পিছত পৰিয়ালৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁ মাকক ক্ষেত্ৰৰ কামত সহায় কৰিছিল। মিজোৰামৰ বিভিন্ন জিলাত বসতি স্থাপন কৰাৰ পিছত অৱশেষত ১৯৯৫ চনত তেওঁ জীৱনৰ বাকী সময়খিনি ৰুইকাবান গাঁৱত কটাবলৈ সিদ্ধান্ত লয়। দৰিদ্ৰতাৰ বাবে বন্ধ কৰিবলগীয়া হয় পঢ়া-শুনা। এতিয়া পুনৰ ছাত্ৰ জীৱন আৰম্ভ কৰি সুখী হৈ পৰিছে তেওঁ।

ইংৰাজীত আবেদন লিখিব পৰাকৈ আৰু টেলিভিছনৰ বাতৰি শুদ্ধকৈ বুজিব পৰাকৈ তেওঁ পুনৰ স্কুলত ভৰ্তি হৈছে। লালৰিঙ্থাই এতিয়া এটা গীৰ্জাত গেটকিপাৰ হিচাপে কাম কৰে, আৰু তেওঁ পঢ়া-শুনাও আগবঢ়াই নিব বিচাৰে। তেওঁ মিজোৰামৰ স্থানীয় ভাষা ভালদৰে পঢ়িব আৰু লিখিব পাৰে।  ইংৰাজী তেওঁ একমাত্ৰ সমস্যা। ইংৰাজী শিকাৰ হেঁপাহৰ বাবেই লালৰিঙ্থাই পুনৰ স্কুলত ভৰ্তি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়