--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড় আৰু তেলেংগানাত বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি থকা মাজতে কোন ৰাজ্যত কোন দল বিজয়ী হ’ব তাকেলৈ আৰম্ভ হৈছে বাজীমৰাৰ প্ৰতিযোগিতা।  ছ'চিয়েল মিডিয়াত বহুতে আকৌ বিজেপি জিকিলে ধন প্ৰদান কৰিব বুলিও ঘোষণা কৰিছে। কিছুমানে বিজেপিৰ সমৰ্থনত কেতবোৰ ভক্তিমূলক পোষ্ট কৰি সেই পোষ্ট লাইক কৰাসকলক ১০০ টকা বা তাতোকৈ অধিক ধন দিব বুলিও ঘোষণা কৰিছে।


 অৱশ্যে তেনে পোষ্ট লাইক কৰাৰ বাবে কোনোবাই ধন পাইছে নে নাই সেয়া জানিব পৰা হোৱা নাই। হিন্দী বলয়ৰ  তিনিখন ৰাজ্য - মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিয়ে মহা পৰাক্ৰম দেখুৱাইছে।   তেলেংগানাত কংগ্ৰেছে পৰাক্ৰম দেখুৱাবলৈ সক্ষম হৈছে। এনে সময়তে ছ'চিয়েল মিডিয়া  নীৰৱ হৈ থকা নাই। ভোটগণনাৰ মাজতে  ছ'চিয়েল মিডিয়াত চলিছে  ধেমেলীয়া কথা-বতৰা। 

শেহতীয়াকৈ এখন শপতনামা ভাইৰেল হৈছে । য'ত কোৱা হৈছিল যে যদি বিজেপিয়ে মধ্য প্ৰদেশত চৰকাৰ গঠন কৰে ধনীৰাম ভলাভি নামৰ এজন ব্যক্তিয়ে নীৰজ মালৱীয়ক এক লাখ টকা দিব, যদি কংগ্ৰেছ জয়ী হয়, নীৰজে ধনীৰামক এক লাখ টকা দিব।


এজন ব্যৱহাৰকাৰীয়ে ঘোষণা কৰিছে যে যদি আজি বিজেপি জয়ী হয়, তেন্তে সেই পোষ্ট লাইক কৰা প্ৰতিজন ব্যক্তিক ১১১ টকাকৈ দিয়া হ'ব।এনেবোৰ ধেমেলীয়া কথাই এতিয়া  ছ'চিয়েল মিডিয়া গৰম কৰি ৰাখিছে।ইয়াত কেইটামান তেনে ধেমেলীয়া পোষ্ট উল্লেখ্য কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক