--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজসে্থানত বিজেপিয়ে শাসকীয় কংগ্ৰেছ দলক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে পোষ্টাৰ যুদ্ধ৷ বিজেপিয়ে শেহতীয়াকৈ ৰাস্থানৰ কৃষকসকলৰ মন আকৰ্ষণ কৰাৰ বাবে  কৃষকসকলৰ সৈতে সম্পৰ্কিত এখন পোষ্টাৰ মুকলি কৰিছে৷ পোষ্টাৰ খনত কোৱা হৈছে- ১৯  হাজাৰৰো অধিক কৃষকৰ ভূমিৰ নিলাম, ৰাজস্থানে সহ্য নকৰে... এই পোষ্টাৰত এজন কৃষকৰ ফটোও দিয়া হৈছে । আনহাতে পোষ্টাৰত দিয়া একেজন কৃষকে দাবী কৰিছে যে তেওঁৰ ফটোখন অনুমতি অবিহনে ব্যৱহাৰ কৰা হৈছে৷

 কৃষকজনে এইবুলিও কৈছে  যে তেওঁৰ কোনো ঋণ নাই বা তেওঁৰ মাটি নিলাম কৰা হোৱা নাই। তেওঁৰ ২০০ বিঘা মাটি আছে।এতিয়া কৃষকজনে বিজেপিৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা ভাবিছে। এই ছবিখন জয়পুৰৰ মালৱীয় নগৰত অৱস্থিত এমএনআইটি বাছ ষ্টপৰ ওচৰত আঁৰি দিয়া হৈছিল৷  বিজেপিয়ে প্ৰচাৰ শ্লোগানেৰে মধুৰাম নামৰ কৃষক জনৰ  এখন ফটো পোষ্টাৰত ব্যৱহাৰ কৰিছিল৷ এজন যুৱকে এই বিষয়ে মধুৰামক জনোৱাৰ পিছতেই তেওঁ বিজেপিৰ বিৰুদ্ধে  আইনী ব্যৱস্থা গ্ৰহণৰ কথা চিন্তা কৰিছে৷  কৃষক মধুৰাম জয়পালে (৭০) কয় যে বিজেপিৰ বেনাৰত থকা ফটোখন তেওঁৰ।

 তেওঁ কৈছে  যে তেওঁ গাঁৱৰ এজন যুৱকৰ পৰা বেনাৰত থকা তেওঁৰ ফটোৰ বিষয়ে জানিব পাৰিছিল।মধুৰামে কয়  যে তেওঁৰ গাঁৱৰ এজন যুৱক কেইদিনমান আগতে জয়পুৰলৈ আহিছিল। তেওঁ জয়পুৰৰ বহু ঠাইত এই বেনাৰখন দেখিছিল। পোষ্টাৰত মধুৰামৰ এখন ফটো আছিল। তেওঁ বেনাৰখনৰ এখন ফটো তুলিছিল আৰু ইয়াক গাওঁখনৰ এটা হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰিছিল। কৃষকগৰাকীৰ  পুত্ৰ এই গোটটোৰ সৈতে জড়িত আছিল।

মধুৰামে কয় "প্ৰথমে, মোৰ পুত্ৰই মোক কথাটো কৈছিল ৷ মই একো বুজি পোৱা নাই কিয়নো বেনাৰত মাটি নিলাম কৰাৰ কথা আছিল, কিন্তু মোৰ কোনো মাটি নিলাম কৰা হোৱা নাই’’।

মধুৰামে কয়  - মোৰ ফটোখন কোনো কাৰণ নোহোৱাকৈ লগোৱা হৈছিল। তেওঁলোকে মোক এই বিষয়ত  সোধা নাছিল। মোৰ কোনো ঋণ নাই। এই ফটোখন নোহোৱা কৰক। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ