--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজসে্থানত বিজেপিয়ে শাসকীয় কংগ্ৰেছ দলক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে পোষ্টাৰ যুদ্ধ৷ বিজেপিয়ে শেহতীয়াকৈ ৰাস্থানৰ কৃষকসকলৰ মন আকৰ্ষণ কৰাৰ বাবে  কৃষকসকলৰ সৈতে সম্পৰ্কিত এখন পোষ্টাৰ মুকলি কৰিছে৷ পোষ্টাৰ খনত কোৱা হৈছে- ১৯  হাজাৰৰো অধিক কৃষকৰ ভূমিৰ নিলাম, ৰাজস্থানে সহ্য নকৰে... এই পোষ্টাৰত এজন কৃষকৰ ফটোও দিয়া হৈছে । আনহাতে পোষ্টাৰত দিয়া একেজন কৃষকে দাবী কৰিছে যে তেওঁৰ ফটোখন অনুমতি অবিহনে ব্যৱহাৰ কৰা হৈছে৷

 কৃষকজনে এইবুলিও কৈছে  যে তেওঁৰ কোনো ঋণ নাই বা তেওঁৰ মাটি নিলাম কৰা হোৱা নাই। তেওঁৰ ২০০ বিঘা মাটি আছে।এতিয়া কৃষকজনে বিজেপিৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা ভাবিছে। এই ছবিখন জয়পুৰৰ মালৱীয় নগৰত অৱস্থিত এমএনআইটি বাছ ষ্টপৰ ওচৰত আঁৰি দিয়া হৈছিল৷  বিজেপিয়ে প্ৰচাৰ শ্লোগানেৰে মধুৰাম নামৰ কৃষক জনৰ  এখন ফটো পোষ্টাৰত ব্যৱহাৰ কৰিছিল৷ এজন যুৱকে এই বিষয়ে মধুৰামক জনোৱাৰ পিছতেই তেওঁ বিজেপিৰ বিৰুদ্ধে  আইনী ব্যৱস্থা গ্ৰহণৰ কথা চিন্তা কৰিছে৷  কৃষক মধুৰাম জয়পালে (৭০) কয় যে বিজেপিৰ বেনাৰত থকা ফটোখন তেওঁৰ।

 তেওঁ কৈছে  যে তেওঁ গাঁৱৰ এজন যুৱকৰ পৰা বেনাৰত থকা তেওঁৰ ফটোৰ বিষয়ে জানিব পাৰিছিল।মধুৰামে কয়  যে তেওঁৰ গাঁৱৰ এজন যুৱক কেইদিনমান আগতে জয়পুৰলৈ আহিছিল। তেওঁ জয়পুৰৰ বহু ঠাইত এই বেনাৰখন দেখিছিল। পোষ্টাৰত মধুৰামৰ এখন ফটো আছিল। তেওঁ বেনাৰখনৰ এখন ফটো তুলিছিল আৰু ইয়াক গাওঁখনৰ এটা হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰিছিল। কৃষকগৰাকীৰ  পুত্ৰ এই গোটটোৰ সৈতে জড়িত আছিল।

মধুৰামে কয় "প্ৰথমে, মোৰ পুত্ৰই মোক কথাটো কৈছিল ৷ মই একো বুজি পোৱা নাই কিয়নো বেনাৰত মাটি নিলাম কৰাৰ কথা আছিল, কিন্তু মোৰ কোনো মাটি নিলাম কৰা হোৱা নাই’’।

মধুৰামে কয়  - মোৰ ফটোখন কোনো কাৰণ নোহোৱাকৈ লগোৱা হৈছিল। তেওঁলোকে মোক এই বিষয়ত  সোধা নাছিল। মোৰ কোনো ঋণ নাই। এই ফটোখন নোহোৱা কৰক। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু