--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুৰ পিছত  অন্ধ্ৰ প্ৰদেশতো  বিভাজনৰ দিশে অগ্ৰসৰ হৈছে এনডিএ । পৱন কল্যাণৰ জনসেনা পাৰ্টিয়ে  আনুষ্ঠানিকভাৱে চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিৰ সৈতে মিত্ৰতা কৰিব বুলি  ঘোষণা কৰিছে। উল্লেখ্য জনসেনা পাৰ্টি এতিয়ালৈকে বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ হৈ আছে। কিন্তু অভিনেতা পৱন কল্যাণৰ দলটোৱে  সম্ভৱতঃ বিজেপিৰ সৈতে নাথাকিব।দৰাচলতে অন্ধ্ৰ প্ৰদেশত বিজেপিৰ স্থিতি  অতি দুৰ্বল।

 পৱন কল্যাণে অনুভৱ কৰিছে  যে ৱাইএছআৰ কংগ্ৰেছক পৰাস্ত কৰিবলৈ চন্দ্ৰবাবু নাইডুৰ হাতত ধৰিলেহে ফল পোৱা যাব৷  শেহতীয়াকৈ পৱনে কৈছে  যে অন্ধ্ৰৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ দল ৱাইএছআৰ  কংগ্ৰেছক পৰাস্ত কৰিবলৈ আগন্তুক বিধানসভা নিৰ্বাচনত জনসেনাই টিডিপিৰ সৈতে আসন ভাগ-বতৰাৰ ব্যৱস্থা কৰিব। তেওঁৰ মতে অন্ধ্ৰৰ উন্নয়নৰ বাবে চৰকাৰ পৰিৱৰ্তন প্ৰয়োজনীয়।জনসেনা পাৰ্টি টিডিপিৰ  সৈতে আসন ভাগ-বতৰাৰ ব্যৱস্থাৰ অৰ্থ হৈছে বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰা। যোৱা বিধানসভা নিৰ্বাচনতো অন্ধ্ৰ প্ৰদেশত বিজেপি-জনসেনা মিত্ৰতা হৈছিল। 

অৱশ্যে এই মিত্ৰতাই বিশেষ সফলতা লাভ কৰা নাছিল। পৱনে এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপিক বিশ্বাসত ল’ব বিচৰা নাই। এতিয়া  তেলেগু চুপাৰষ্টাৰগৰাকীয়ে  চন্দ্ৰবাবু নাইডুৰ ওপৰতহে অধিক  নিৰ্ভৰ কৰিছে। অৱশ্যে শেষত  বিজেপিৰ সৈতেও চন্দ্ৰবাবুৰ বুজাবুজিৰ সম্ভাৱনা আছে।যদি জনসেনা পাৰ্টিয়ে  বিজেপিৰ সৈতে বুজাবুজি অবিহনে টিডিপিৰ সৈতে মিত্ৰতা কৰে, গেৰুৱা দলটোৱে দক্ষিণ ভাৰতৰ আন এখন ৰাজ্যত এক ডাঙৰ বিফলতাৰ সন্মুখীন হ'ব বুলি বিভিন্ন জনে মন্তব্য কৰিছে।

 তামিলনাডুৰ এআইএডিএমকেৰ সৈতে বিজেপিৰ  মিত্ৰতা ইতিমধ্যে ছেদ হৈছে। এইবাৰ বিজেপিয়ে অন্ধ্ৰতো মিত্ৰশক্তি হেৰুৱালে দক্ষিণৰ ৰাজ্যত বিজেপি অধিক দুৰ্বল হোৱাৰ আশংকা কৰা হৈছে। অৱশ্যে, পৱনে লগতে কয় যে তেওঁ এন ডি এতো থাকিব। তেওঁ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ সৈতেও যোগাযোগ কৰি আছে। অৱশ্যে, চন্দ্ৰবাবুক সমৰ্থন কৰি বিজেপিৰে সম্পৰ্ক ৰক্ষা কৰাটো  কেনেকৈ সম্ভৱ হ’ব সেয়া তেওঁ এতিয়ালৈকে স্পষ্ট কৰা নাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু