--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুৰ পিছত  অন্ধ্ৰ প্ৰদেশতো  বিভাজনৰ দিশে অগ্ৰসৰ হৈছে এনডিএ । পৱন কল্যাণৰ জনসেনা পাৰ্টিয়ে  আনুষ্ঠানিকভাৱে চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিৰ সৈতে মিত্ৰতা কৰিব বুলি  ঘোষণা কৰিছে। উল্লেখ্য জনসেনা পাৰ্টি এতিয়ালৈকে বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ হৈ আছে। কিন্তু অভিনেতা পৱন কল্যাণৰ দলটোৱে  সম্ভৱতঃ বিজেপিৰ সৈতে নাথাকিব।দৰাচলতে অন্ধ্ৰ প্ৰদেশত বিজেপিৰ স্থিতি  অতি দুৰ্বল।

 পৱন কল্যাণে অনুভৱ কৰিছে  যে ৱাইএছআৰ কংগ্ৰেছক পৰাস্ত কৰিবলৈ চন্দ্ৰবাবু নাইডুৰ হাতত ধৰিলেহে ফল পোৱা যাব৷  শেহতীয়াকৈ পৱনে কৈছে  যে অন্ধ্ৰৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ দল ৱাইএছআৰ  কংগ্ৰেছক পৰাস্ত কৰিবলৈ আগন্তুক বিধানসভা নিৰ্বাচনত জনসেনাই টিডিপিৰ সৈতে আসন ভাগ-বতৰাৰ ব্যৱস্থা কৰিব। তেওঁৰ মতে অন্ধ্ৰৰ উন্নয়নৰ বাবে চৰকাৰ পৰিৱৰ্তন প্ৰয়োজনীয়।জনসেনা পাৰ্টি টিডিপিৰ  সৈতে আসন ভাগ-বতৰাৰ ব্যৱস্থাৰ অৰ্থ হৈছে বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰা। যোৱা বিধানসভা নিৰ্বাচনতো অন্ধ্ৰ প্ৰদেশত বিজেপি-জনসেনা মিত্ৰতা হৈছিল। 

অৱশ্যে এই মিত্ৰতাই বিশেষ সফলতা লাভ কৰা নাছিল। পৱনে এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপিক বিশ্বাসত ল’ব বিচৰা নাই। এতিয়া  তেলেগু চুপাৰষ্টাৰগৰাকীয়ে  চন্দ্ৰবাবু নাইডুৰ ওপৰতহে অধিক  নিৰ্ভৰ কৰিছে। অৱশ্যে শেষত  বিজেপিৰ সৈতেও চন্দ্ৰবাবুৰ বুজাবুজিৰ সম্ভাৱনা আছে।যদি জনসেনা পাৰ্টিয়ে  বিজেপিৰ সৈতে বুজাবুজি অবিহনে টিডিপিৰ সৈতে মিত্ৰতা কৰে, গেৰুৱা দলটোৱে দক্ষিণ ভাৰতৰ আন এখন ৰাজ্যত এক ডাঙৰ বিফলতাৰ সন্মুখীন হ'ব বুলি বিভিন্ন জনে মন্তব্য কৰিছে।

 তামিলনাডুৰ এআইএডিএমকেৰ সৈতে বিজেপিৰ  মিত্ৰতা ইতিমধ্যে ছেদ হৈছে। এইবাৰ বিজেপিয়ে অন্ধ্ৰতো মিত্ৰশক্তি হেৰুৱালে দক্ষিণৰ ৰাজ্যত বিজেপি অধিক দুৰ্বল হোৱাৰ আশংকা কৰা হৈছে। অৱশ্যে, পৱনে লগতে কয় যে তেওঁ এন ডি এতো থাকিব। তেওঁ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ সৈতেও যোগাযোগ কৰি আছে। অৱশ্যে, চন্দ্ৰবাবুক সমৰ্থন কৰি বিজেপিৰে সম্পৰ্ক ৰক্ষা কৰাটো  কেনেকৈ সম্ভৱ হ’ব সেয়া তেওঁ এতিয়ালৈকে স্পষ্ট কৰা নাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ