--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশোক গেহলট নেতৃত্বাধীন ৰাজস্থানৰ কেবিনেটে শুকুৰবাৰে ৰাজ্যখনত ১৯ খন নতুন জিলা গঠনৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। গেহলট চৰকাৰৰ সন্মতিৰ পিছত ৰাজস্থানত এতিয়া জিলাৰ সংখ্যা ৫০  খনলৈ বৃদ্ধি পাব।

ৰাজ্যখনৰ ৰাজধানী জয়পুৰত থকা মুখ্যমন্ত্ৰীৰ  বাসভৱনত কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত মুখ্যমন্ত্ৰী অশোক গেহলটে কয়, "এই নতুন জিলাসমূহে ৰাজ্যখনৰ উন্নয়নত এক নতুন গতি প্ৰদান কৰিব।"

নতুন জিলা গঠনৰ ফলত শাসন ব্যৱস্থা উন্নত হ'ব আৰু বিভিন্ন কামৰ বাবে জিলা সদৰলৈ যাবলৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিব লগা লোকসকলৰ  সকাহ  হ'ব বুলিও  তেওঁ কয়।

জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে সাংবাদিকক এইবুলিও  কয়  যে নতুন জিলাসমূহৰ দায়িত্বত থকা মন্ত্ৰীসকলে ৭ আগষ্টত আনুষ্ঠানিকভাবে জিলাসমূহৰ  শুভাৰম্ভ কৰিব।

নতুন জিলা গঠনৰ বিষয়ে পৰামৰ্শ দিবলৈ যোৱা বছৰ মাৰ্চ মাহত অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ৰামলুভায়াৰ অধ্যক্ষতাত এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰা হৈছিল। জয়পুৰ জিলাক জয়পুৰ আৰু জয়পুৰ গ্ৰাম্যত বিভক্ত কৰা হৈছে তথা যোধপুৰ জিলাক যোধপুৰ আৰু যোধপুৰ গ্ৰাম্যত বিভক্ত কৰা হৈছে।

আন নতুন জিলাবোৰ হৈছে অনুপগড়, বালোত্ৰা, বীৱাৰ, দেগ, দিদৱানা-কুচামান, ডুডু, গংগাপুৰ চহৰ, কেক্ৰি, কোটপুতলি-বেহৰোৰ, খাইৰথাল-তিজাৰা, নীম কা থানা, ফালোডি, স্লিম্বাৰ, চেঞ্চোৰ আৰু শ্বাহপুৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ