--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশোক গেহলট নেতৃত্বাধীন ৰাজস্থানৰ কেবিনেটে শুকুৰবাৰে ৰাজ্যখনত ১৯ খন নতুন জিলা গঠনৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। গেহলট চৰকাৰৰ সন্মতিৰ পিছত ৰাজস্থানত এতিয়া জিলাৰ সংখ্যা ৫০  খনলৈ বৃদ্ধি পাব।

ৰাজ্যখনৰ ৰাজধানী জয়পুৰত থকা মুখ্যমন্ত্ৰীৰ  বাসভৱনত কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত মুখ্যমন্ত্ৰী অশোক গেহলটে কয়, "এই নতুন জিলাসমূহে ৰাজ্যখনৰ উন্নয়নত এক নতুন গতি প্ৰদান কৰিব।"

নতুন জিলা গঠনৰ ফলত শাসন ব্যৱস্থা উন্নত হ'ব আৰু বিভিন্ন কামৰ বাবে জিলা সদৰলৈ যাবলৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিব লগা লোকসকলৰ  সকাহ  হ'ব বুলিও  তেওঁ কয়।

জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে সাংবাদিকক এইবুলিও  কয়  যে নতুন জিলাসমূহৰ দায়িত্বত থকা মন্ত্ৰীসকলে ৭ আগষ্টত আনুষ্ঠানিকভাবে জিলাসমূহৰ  শুভাৰম্ভ কৰিব।

নতুন জিলা গঠনৰ বিষয়ে পৰামৰ্শ দিবলৈ যোৱা বছৰ মাৰ্চ মাহত অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ৰামলুভায়াৰ অধ্যক্ষতাত এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰা হৈছিল। জয়পুৰ জিলাক জয়পুৰ আৰু জয়পুৰ গ্ৰাম্যত বিভক্ত কৰা হৈছে তথা যোধপুৰ জিলাক যোধপুৰ আৰু যোধপুৰ গ্ৰাম্যত বিভক্ত কৰা হৈছে।

আন নতুন জিলাবোৰ হৈছে অনুপগড়, বালোত্ৰা, বীৱাৰ, দেগ, দিদৱানা-কুচামান, ডুডু, গংগাপুৰ চহৰ, কেক্ৰি, কোটপুতলি-বেহৰোৰ, খাইৰথাল-তিজাৰা, নীম কা থানা, ফালোডি, স্লিম্বাৰ, চেঞ্চোৰ আৰু শ্বাহপুৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস