--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰোহিত দেওৱে আদালত চলি থকাৰ মাজতে হঠাতে কৰা  পদত্যাগে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ৰোহিত দেও উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠৰ ন্যায়াধীশ আছিল। তেওঁ ৰাজহুৱাভাৱে  আদালতকক্ষতে হঠাতে  পদত্যাগৰ কথা ঘোষণা কৰে। তেওঁ সকলোৰে ওচৰত ক্ষমাও বিচাৰে। আদালত কক্ষত উপস্থিত থকা এজন অধিবক্তাই দাবী কৰে যে সকলোৰে সন্মুখত তেওঁ কয়, "আত্মসন্মানৰ সৈতে আপোচ কৰাৰ কোনো প্ৰশ্নই নাই।সেয়ে পদত্যাগ কৰিলো ''

নাগপুৰ বিচাৰপীঠৰ ন্যায়াধীশ ৰোহিত দেওৱে  কয়, "মই আদালতত উপস্থিত থকা সকলোৰে  ওচৰত ক্ষমা বিচাৰোঁ।" মই কাকো কেতিয়াও গালি দিয়া নাই কাৰণ মই বিচাৰিছিলো সকলোৱে উন্নত হওক। মই কাকো আঘাত কৰিব নিবিচাৰিছিলো কাৰণ আপোনালোক  সকলো মোৰ পৰিয়ালৰে অংশ। মই  দুঃখিত, মই পদত্যাগ কৰিলো। মই আত্মসন্মানৰ বিৰুদ্ধে একো কৰিব নোৱাৰো। আপোনালোকেও কঠোৰ পৰিশ্ৰম কৰি থাকক। ''

পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৰোহিতে কয় যে ব্যক্তিগত কাৰণত তেওঁ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ এইবুলিও  কয় যে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।

২০২২ চনত ন্যায়াধীশ ৰোহিতে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক জি এন চাইবাবাক মাওবাদীৰ গোচৰত নিৰ্দোষ সাব্যস্ত কৰিছিল।  উচ্চতম ন্যায়ালয়ে অৱশ্যে নাগপুৰ বিচাৰপীঠৰ আদেশ স্থগিত ৰাখিছিল।

ন্যায়াধীশ ৰোহিতে ২০১৭ চনত বোম্বাই উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে যোগদান কৰিছিল। তেওঁ ২০২৫ চনৰ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল। ইয়াৰ আগতে তেওঁ ২০১৬ চনত মহাৰাষ্ট্ৰৰ এডভোকেট জেনেৰেল আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement