--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰোহিত দেওৱে আদালত চলি থকাৰ মাজতে হঠাতে কৰা  পদত্যাগে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ৰোহিত দেও উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠৰ ন্যায়াধীশ আছিল। তেওঁ ৰাজহুৱাভাৱে  আদালতকক্ষতে হঠাতে  পদত্যাগৰ কথা ঘোষণা কৰে। তেওঁ সকলোৰে ওচৰত ক্ষমাও বিচাৰে। আদালত কক্ষত উপস্থিত থকা এজন অধিবক্তাই দাবী কৰে যে সকলোৰে সন্মুখত তেওঁ কয়, "আত্মসন্মানৰ সৈতে আপোচ কৰাৰ কোনো প্ৰশ্নই নাই।সেয়ে পদত্যাগ কৰিলো ''

নাগপুৰ বিচাৰপীঠৰ ন্যায়াধীশ ৰোহিত দেওৱে  কয়, "মই আদালতত উপস্থিত থকা সকলোৰে  ওচৰত ক্ষমা বিচাৰোঁ।" মই কাকো কেতিয়াও গালি দিয়া নাই কাৰণ মই বিচাৰিছিলো সকলোৱে উন্নত হওক। মই কাকো আঘাত কৰিব নিবিচাৰিছিলো কাৰণ আপোনালোক  সকলো মোৰ পৰিয়ালৰে অংশ। মই  দুঃখিত, মই পদত্যাগ কৰিলো। মই আত্মসন্মানৰ বিৰুদ্ধে একো কৰিব নোৱাৰো। আপোনালোকেও কঠোৰ পৰিশ্ৰম কৰি থাকক। ''

পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৰোহিতে কয় যে ব্যক্তিগত কাৰণত তেওঁ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ এইবুলিও  কয় যে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।

২০২২ চনত ন্যায়াধীশ ৰোহিতে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক জি এন চাইবাবাক মাওবাদীৰ গোচৰত নিৰ্দোষ সাব্যস্ত কৰিছিল।  উচ্চতম ন্যায়ালয়ে অৱশ্যে নাগপুৰ বিচাৰপীঠৰ আদেশ স্থগিত ৰাখিছিল।

ন্যায়াধীশ ৰোহিতে ২০১৭ চনত বোম্বাই উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে যোগদান কৰিছিল। তেওঁ ২০২৫ চনৰ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰাৰ কথা আছিল। ইয়াৰ আগতে তেওঁ ২০১৬ চনত মহাৰাষ্ট্ৰৰ এডভোকেট জেনেৰেল আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ