--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘ইণ্ডিয়া’ নাম ব্যৱহাৰক লৈ বিপাঙত বিৰোধী মিত্ৰজোঁট। বিৰোধী মিত্ৰজোঁটৰ ২৬টা দললৈ জাননী প্ৰেৰণ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰলৈয়ো জাননী জাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ। 

ন্যায়ধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু অমিত মহাজনৰ বিচাৰপীঠে জাননী জাৰি কৰে সংশ্লিষ্ট পক্ষলৈ। মিত্ৰজোঁটৰ নাম ‘ইণ্ডিয়া’ ব্যৱহাৰক লৈ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰিছিল গিৰীশ ভৰদ্বাজ নামৰ লোকজনে। বিৰোধী মিত্ৰজোঁটৰ নাম সলনি কৰিবলৈ আৱেদন জনাইছিল লোকজনে। ৰাজনৈতিক স্বাৰ্থৰ বাবে দেশৰ নাম ব্যৱহাৰ কৰাৰ অভিযোগ বিৰোধী মিত্ৰজোঁটৰ বিৰুদ্ধে। গোচৰ সন্দৰ্ভত ন্যায়ালয়ে পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব অহা ২১ অক্টোবৰত।

গিৰীশ ভৰদ্বাজ নামৰ লোকজনে পূৰ্বে এই সন্দৰ্ভত কাষ চাপিছিল নিৰ্বাচন আয়োগৰ। অৱশ্যে নিৰ্বাচন আয়োগে তেওঁৰ অভিযোগৰ কোনো প্ৰত্যুত্তৰ দিয়া নাছিল। ন্যায়ালয়ত এই কথা জনোৱাৰ পাছতে দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে। নিৰ্বাচন আয়োগে এতিয়ালৈ বিষয়টো কিয় তদন্ত কৰা নাই বুলি প্ৰশ্ন উচ্চ ন্যায়ালয়ৰ। উল্লেখ্য যে ১৮ জুলাইত বাংগালুৰুত অনুষ্ঠিত বিৰোধী মিত্ৰজোঁটৰ বৈঠকত নিৰ্ধাৰণ কৰা হৈছিল মিত্ৰজোঁটৰ নতুন নাম। UPAৰ পৰিৱৰ্তে নতুনকৈ ইণ্ডিয়া নামেৰে নামকৰণ কৰা হৈছিল বিৰোধী মিত্ৰজোঁটক। 

মিত্ৰজোঁটৰ নাম ‘ইণ্ডিয়া’ কৰাৰ পাছতে বিৰোধী নেতাৰ মুখত শুনিবলৈ পোৱা গৈছিল নতুন শ্ল’গান। আগন্তুক লোকসভা নিৰ্বাচন NDA বনাম INDIA বুলি দাবী কৰিছিল বিৰোধী দলসমূহে। কংগ্ৰেছ নেতা ৰাহুল গান্ধী, TMCৰ মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰিছিল একেই মত। একপ্ৰকাৰ NDAৰ বিৰুদ্ধে ভাৰতৰ যুঁজ বুলি ভোটাৰক পতিয়ন নিয়াবলৈ আজিও চেষ্টা অব্যাহত ৰাখিছে ইণ্ডিয়া মিত্ৰজোঁটে। ইপিনে ইণ্ডিয়া নামক লৈ আৰম্ভণিৰে পৰা বিৰোধী মিত্ৰজোঁটৰ বিৰুদ্ধে সৰব হৈছে বিজেপি। ইণ্ডিয়া নাম ঘোষণাৰ পাছতে টুইটাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধীৰ শীৰ্ষ নেতাই।

ইয়াৰ কিছুদিন পাছতে ‘ইণ্ডিয়া’ নামক মুকলিকৈ বিৰোধিতা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আনকি ইণ্ডিয়া মিত্ৰজোঁটক বিৰোধিতা কৰিবলৈ গৈ ইণ্ডিয়াক ইণ্ডিয়ান মুজাহিদিন, PFI আদি সংগঠনেৰেও ৰিজালে প্ৰধানমন্ত্ৰী মোদীয়ে। যাক লৈ সমগ্ৰ দেশতে সৃষ্টি হয় প্ৰতিক্ৰিয়া। ইণ্ডিয়া নামক লৈ শাসক-বিৰোধীৰ এনে টনা-আঁজোৰাৰ মাজতে পোনপ্ৰথমবাৰৰ বাবে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ ন্যায়ালয়ৰ। দিল্লী উচ্চ ন্যায়ালয়ে জাৰি কৰা জাননীৰ উত্তৰ বিৰোধীয়ে কি দিয়ে সেয়া হৈ পৰিছে লক্ষণীয়। ঠিক সেইদৰে সমগ্ৰ বিষয় সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ভূমিকাও কি হয় সেয়া লক্ষণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ