--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘ইণ্ডিয়া’ নাম ব্যৱহাৰক লৈ বিপাঙত বিৰোধী মিত্ৰজোঁট। বিৰোধী মিত্ৰজোঁটৰ ২৬টা দললৈ জাননী প্ৰেৰণ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰলৈয়ো জাননী জাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ। 

ন্যায়ধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু অমিত মহাজনৰ বিচাৰপীঠে জাননী জাৰি কৰে সংশ্লিষ্ট পক্ষলৈ। মিত্ৰজোঁটৰ নাম ‘ইণ্ডিয়া’ ব্যৱহাৰক লৈ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰিছিল গিৰীশ ভৰদ্বাজ নামৰ লোকজনে। বিৰোধী মিত্ৰজোঁটৰ নাম সলনি কৰিবলৈ আৱেদন জনাইছিল লোকজনে। ৰাজনৈতিক স্বাৰ্থৰ বাবে দেশৰ নাম ব্যৱহাৰ কৰাৰ অভিযোগ বিৰোধী মিত্ৰজোঁটৰ বিৰুদ্ধে। গোচৰ সন্দৰ্ভত ন্যায়ালয়ে পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব অহা ২১ অক্টোবৰত।

গিৰীশ ভৰদ্বাজ নামৰ লোকজনে পূৰ্বে এই সন্দৰ্ভত কাষ চাপিছিল নিৰ্বাচন আয়োগৰ। অৱশ্যে নিৰ্বাচন আয়োগে তেওঁৰ অভিযোগৰ কোনো প্ৰত্যুত্তৰ দিয়া নাছিল। ন্যায়ালয়ত এই কথা জনোৱাৰ পাছতে দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে। নিৰ্বাচন আয়োগে এতিয়ালৈ বিষয়টো কিয় তদন্ত কৰা নাই বুলি প্ৰশ্ন উচ্চ ন্যায়ালয়ৰ। উল্লেখ্য যে ১৮ জুলাইত বাংগালুৰুত অনুষ্ঠিত বিৰোধী মিত্ৰজোঁটৰ বৈঠকত নিৰ্ধাৰণ কৰা হৈছিল মিত্ৰজোঁটৰ নতুন নাম। UPAৰ পৰিৱৰ্তে নতুনকৈ ইণ্ডিয়া নামেৰে নামকৰণ কৰা হৈছিল বিৰোধী মিত্ৰজোঁটক। 

মিত্ৰজোঁটৰ নাম ‘ইণ্ডিয়া’ কৰাৰ পাছতে বিৰোধী নেতাৰ মুখত শুনিবলৈ পোৱা গৈছিল নতুন শ্ল’গান। আগন্তুক লোকসভা নিৰ্বাচন NDA বনাম INDIA বুলি দাবী কৰিছিল বিৰোধী দলসমূহে। কংগ্ৰেছ নেতা ৰাহুল গান্ধী, TMCৰ মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰিছিল একেই মত। একপ্ৰকাৰ NDAৰ বিৰুদ্ধে ভাৰতৰ যুঁজ বুলি ভোটাৰক পতিয়ন নিয়াবলৈ আজিও চেষ্টা অব্যাহত ৰাখিছে ইণ্ডিয়া মিত্ৰজোঁটে। ইপিনে ইণ্ডিয়া নামক লৈ আৰম্ভণিৰে পৰা বিৰোধী মিত্ৰজোঁটৰ বিৰুদ্ধে সৰব হৈছে বিজেপি। ইণ্ডিয়া নাম ঘোষণাৰ পাছতে টুইটাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধীৰ শীৰ্ষ নেতাই।

ইয়াৰ কিছুদিন পাছতে ‘ইণ্ডিয়া’ নামক মুকলিকৈ বিৰোধিতা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আনকি ইণ্ডিয়া মিত্ৰজোঁটক বিৰোধিতা কৰিবলৈ গৈ ইণ্ডিয়াক ইণ্ডিয়ান মুজাহিদিন, PFI আদি সংগঠনেৰেও ৰিজালে প্ৰধানমন্ত্ৰী মোদীয়ে। যাক লৈ সমগ্ৰ দেশতে সৃষ্টি হয় প্ৰতিক্ৰিয়া। ইণ্ডিয়া নামক লৈ শাসক-বিৰোধীৰ এনে টনা-আঁজোৰাৰ মাজতে পোনপ্ৰথমবাৰৰ বাবে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ ন্যায়ালয়ৰ। দিল্লী উচ্চ ন্যায়ালয়ে জাৰি কৰা জাননীৰ উত্তৰ বিৰোধীয়ে কি দিয়ে সেয়া হৈ পৰিছে লক্ষণীয়। ঠিক সেইদৰে সমগ্ৰ বিষয় সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ভূমিকাও কি হয় সেয়া লক্ষণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস