--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাস্থান৷   চলিত বৰ্ষতে ৰাজ্য খনত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন৷ ৰাজ্য খনত পুনৰ কংগ্ৰেছ বিজয়ী হ’লে মুখ্যমন্ত্ৰী কোন হ’ব? কংগ্ৰেছৰ  নেতা শচীন পাইলটে শুকুৰবাৰে দলটোৱে ৰাজস্থান বিধানসভা নিৰ্বাচনত "ঐক্যবদ্ধভাৱে" যুঁজ দিব বুলি উল্লেখ কৰি কয় যে নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে পৰামৰ্শৰ পিছত পৰৱৰ্তী চৰকাৰৰ নেতৃত্ব কোনে ল'ব সেই সন্দৰ্ভত হাইকমাণ্ডে সিদ্ধান্ত ল'ব। আগন্তুক নিৰ্বাচনত কংগ্ৰেছে ৰাজস্থানতপুনৰ সফলতা  কঢ়িয়াই আনিব বুলি তেওঁ বিশ্বাস ব্যক্ত কৰে৷ 

 ৰাজ্য খনৰ  প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দলটো সকলোৰে অগ্ৰাধিকাৰৰ ভিত্তিত আগবাঢ়ি যাব৷ হায়দৰাবাদত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত পাইলটে কৈছিল  যে কংগ্ৰেছে ২০১৮ ৰ ৰাজস্থান নিৰ্বাচনত দিয়া সকলো নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিছে আৰু সেয়েহে তেওঁ বিশ্বাস কৰে যে  দলটোৱে  বিজেপিক পৰাজিত কৰিবলৈ সক্ষম হ'ব। অশোক গেহলটৰ দৰে এজন শীৰ্ষ  নেতা তথা  মুখ্যমন্ত্ৰী থকা স্বত্বেও দলটোৱে সামূহিক নেতৃত্বৰে নিৰ্বাচনৰ বাবে সাজু কিয় হ’ব বিচাৰিছে বুসি সাংবাদিকে সোধাত পাইলটে কয় যে কেৱল ৰাজস্থানতে নহয়, সমগ্ৰ দেশতে কংগ্ৰেছত পৰম্পৰা আৰু সকলোৰে গুৰুত্ব বজাই ৰখা হৈছে৷  তেওঁ কয়  "এবাৰ আমি জয়ী হ'লে আৰু সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত, বিধায়ক আৰু দলৰ নেতৃত্বই সিদ্ধান্ত লয় কোনে বিধায়িনী দলৰ নেতৃত্ব দিব। এয়া  নতুন কথা নহয়। কেইবা দশক ধৰি এই প্ৰথা চলি আহিছে ৷ আমি অহা কেইমাহমানৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গৈ আছো, ৰাজস্থানতো  একেই নীতি অনুসৰণ কৰা হ'ব," তেওঁ কয়। 

ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাবে চৰ্চিত পাইলটে কয়, "  খাৰ্গেজী, ৰাহুল (গান্ধী) জী আৰু ছোনিয়াজী আমাৰ নেতা আৰু ৰাজস্থানত আমাৰ এখন কংগ্ৰেছ চৰকাৰ আছে। গতিকে আমি সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ কাৰ্যকৰীভাৱে, ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব।"  তেওঁ কয়- আমি সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত, বিধায়কসকলৰ পৰামৰ্শ লোৱা হ'ব, নেতৃত্বই বিবেচিত দৃষ্টিভংগী ল'ব আৰু কোনে চৰকাৰৰ নেতৃত্ব দিব সেই বিষয়ে সিদ্ধান্ত ল'ব। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা