--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাস্থান৷   চলিত বৰ্ষতে ৰাজ্য খনত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন৷ ৰাজ্য খনত পুনৰ কংগ্ৰেছ বিজয়ী হ’লে মুখ্যমন্ত্ৰী কোন হ’ব? কংগ্ৰেছৰ  নেতা শচীন পাইলটে শুকুৰবাৰে দলটোৱে ৰাজস্থান বিধানসভা নিৰ্বাচনত "ঐক্যবদ্ধভাৱে" যুঁজ দিব বুলি উল্লেখ কৰি কয় যে নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে পৰামৰ্শৰ পিছত পৰৱৰ্তী চৰকাৰৰ নেতৃত্ব কোনে ল'ব সেই সন্দৰ্ভত হাইকমাণ্ডে সিদ্ধান্ত ল'ব। আগন্তুক নিৰ্বাচনত কংগ্ৰেছে ৰাজস্থানতপুনৰ সফলতা  কঢ়িয়াই আনিব বুলি তেওঁ বিশ্বাস ব্যক্ত কৰে৷ 

 ৰাজ্য খনৰ  প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দলটো সকলোৰে অগ্ৰাধিকাৰৰ ভিত্তিত আগবাঢ়ি যাব৷ হায়দৰাবাদত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত পাইলটে কৈছিল  যে কংগ্ৰেছে ২০১৮ ৰ ৰাজস্থান নিৰ্বাচনত দিয়া সকলো নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিছে আৰু সেয়েহে তেওঁ বিশ্বাস কৰে যে  দলটোৱে  বিজেপিক পৰাজিত কৰিবলৈ সক্ষম হ'ব। অশোক গেহলটৰ দৰে এজন শীৰ্ষ  নেতা তথা  মুখ্যমন্ত্ৰী থকা স্বত্বেও দলটোৱে সামূহিক নেতৃত্বৰে নিৰ্বাচনৰ বাবে সাজু কিয় হ’ব বিচাৰিছে বুসি সাংবাদিকে সোধাত পাইলটে কয় যে কেৱল ৰাজস্থানতে নহয়, সমগ্ৰ দেশতে কংগ্ৰেছত পৰম্পৰা আৰু সকলোৰে গুৰুত্ব বজাই ৰখা হৈছে৷  তেওঁ কয়  "এবাৰ আমি জয়ী হ'লে আৰু সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত, বিধায়ক আৰু দলৰ নেতৃত্বই সিদ্ধান্ত লয় কোনে বিধায়িনী দলৰ নেতৃত্ব দিব। এয়া  নতুন কথা নহয়। কেইবা দশক ধৰি এই প্ৰথা চলি আহিছে ৷ আমি অহা কেইমাহমানৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গৈ আছো, ৰাজস্থানতো  একেই নীতি অনুসৰণ কৰা হ'ব," তেওঁ কয়। 

ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাবে চৰ্চিত পাইলটে কয়, "  খাৰ্গেজী, ৰাহুল (গান্ধী) জী আৰু ছোনিয়াজী আমাৰ নেতা আৰু ৰাজস্থানত আমাৰ এখন কংগ্ৰেছ চৰকাৰ আছে। গতিকে আমি সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ কাৰ্যকৰীভাৱে, ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব।"  তেওঁ কয়- আমি সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত, বিধায়কসকলৰ পৰামৰ্শ লোৱা হ'ব, নেতৃত্বই বিবেচিত দৃষ্টিভংগী ল'ব আৰু কোনে চৰকাৰৰ নেতৃত্ব দিব সেই বিষয়ে সিদ্ধান্ত ল'ব। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত