--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক দৃশ্যই আজি দেশৰ বহতৰে হৃদয় জোকাৰি গ’ল৷  কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছে ৬ জনকৈ সেনা-আৰক্ষীৰ বিষয়া৷এই ঘটনাত   ৰাষ্ট্ৰই শোক প্ৰকাশ কৰিছে৷জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত প্ৰাণ ত্যাগ কৰা কৰ্ণেল মনপ্ৰীত সিঙৰ অন্তিম সংস্কাৰ পঞ্জাৱৰ মুল্লানপুৰত সম্পন্ন কৰা হয়৷ 

কৰ্ণেল মনপ্ৰীত সিঙৰ পুত্ৰই পিতৃৰ শেষকৃত্যৰ সময়ত   নশ্বৰ দেহৰ ওচৰত সেনা পোছাক পিন্ধি জনোৱা শেষ বিদায়ে সকলোকে শোকাকুল কৰি তুলিছে৷ মোহালিত সেনা বিষয়াগৰাকীৰ জন্মস্থানত আজি বিষয়াগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷  
কৰ্ণেল মনপ্ৰীতে এজনী দুবছৰীয়া কন্যা আৰু এটি সাত বছৰীয়া পুত্ৰক এৰি থৈ গৈছে। সৰু হোৱা স্বত্বেও তেওঁৰ সন্তানে কৰ্ণেল মনপ্ৰীতে কৰা  ৰাষ্ট্ৰৰ বাবে সৰ্বোচ্চ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জনায়েই সেনাৰ পোছাক পিন্ধি শেষ বিদায় জনায়৷ ।

এই দৃশ্যই সকলোৰে চকু সেমেকাই তোলে৷ ভাৰতীয় সেনাৰ ১৯ ৰাষ্ট্ৰীয় ৰাইফলছ গোটৰ কমাণ্ডিং অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা কৰ্ণেল মনপ্ৰীতে মেজৰ আশীষ ধোনচাক আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ অধীক্ষক হুমায়ুন ভাটৰ সৈতে দক্ষিণ কাশ্মীৰৰ কোকেৰনাগ অঞ্চলৰ গাডোলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ মৃত্যুক সাৱটি লৈছিল৷  

ৰাষ্ট্ৰীয় পতাকাত আৱৰি থকা কৰ্ণেল মনপ্ৰীতৰ নশ্বৰ দেহবোৰে সম্পূৰ্ণ সামৰিক সন্মানেৰে তেওঁৰ জন্মভূমি মুল্লানপুৰত এক শোকাকুল পৰিবেশত অন্তিম সংস্কাৰ কৰা হয়৷  ইপিনে প্ৰয়াত মেজৰ ধোনচাকক পানীপথত তেওঁৰ গৃহচহৰত সম্পূৰ্ণ সামৰিক সন্মানেৰেবিদায়  দিয়া হয়। ইফালে, বুধবাৰে সন্ধিয়া বুদগামত ডিএছপি হুমায়ুন ভাটৰ অন্তিম সংস্কাৰ সম্পন্ন হয়।জম্মু আৰু কাশ্মীৰৰ ৰাজৌৰীৰ নাৰলা অঞ্চলত নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত