--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক দৃশ্যই আজি দেশৰ বহতৰে হৃদয় জোকাৰি গ’ল৷  কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছে ৬ জনকৈ সেনা-আৰক্ষীৰ বিষয়া৷এই ঘটনাত   ৰাষ্ট্ৰই শোক প্ৰকাশ কৰিছে৷জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত প্ৰাণ ত্যাগ কৰা কৰ্ণেল মনপ্ৰীত সিঙৰ অন্তিম সংস্কাৰ পঞ্জাৱৰ মুল্লানপুৰত সম্পন্ন কৰা হয়৷ 

কৰ্ণেল মনপ্ৰীত সিঙৰ পুত্ৰই পিতৃৰ শেষকৃত্যৰ সময়ত   নশ্বৰ দেহৰ ওচৰত সেনা পোছাক পিন্ধি জনোৱা শেষ বিদায়ে সকলোকে শোকাকুল কৰি তুলিছে৷ মোহালিত সেনা বিষয়াগৰাকীৰ জন্মস্থানত আজি বিষয়াগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷  
কৰ্ণেল মনপ্ৰীতে এজনী দুবছৰীয়া কন্যা আৰু এটি সাত বছৰীয়া পুত্ৰক এৰি থৈ গৈছে। সৰু হোৱা স্বত্বেও তেওঁৰ সন্তানে কৰ্ণেল মনপ্ৰীতে কৰা  ৰাষ্ট্ৰৰ বাবে সৰ্বোচ্চ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জনায়েই সেনাৰ পোছাক পিন্ধি শেষ বিদায় জনায়৷ ।

এই দৃশ্যই সকলোৰে চকু সেমেকাই তোলে৷ ভাৰতীয় সেনাৰ ১৯ ৰাষ্ট্ৰীয় ৰাইফলছ গোটৰ কমাণ্ডিং অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা কৰ্ণেল মনপ্ৰীতে মেজৰ আশীষ ধোনচাক আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ অধীক্ষক হুমায়ুন ভাটৰ সৈতে দক্ষিণ কাশ্মীৰৰ কোকেৰনাগ অঞ্চলৰ গাডোলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ মৃত্যুক সাৱটি লৈছিল৷  

ৰাষ্ট্ৰীয় পতাকাত আৱৰি থকা কৰ্ণেল মনপ্ৰীতৰ নশ্বৰ দেহবোৰে সম্পূৰ্ণ সামৰিক সন্মানেৰে তেওঁৰ জন্মভূমি মুল্লানপুৰত এক শোকাকুল পৰিবেশত অন্তিম সংস্কাৰ কৰা হয়৷  ইপিনে প্ৰয়াত মেজৰ ধোনচাকক পানীপথত তেওঁৰ গৃহচহৰত সম্পূৰ্ণ সামৰিক সন্মানেৰেবিদায়  দিয়া হয়। ইফালে, বুধবাৰে সন্ধিয়া বুদগামত ডিএছপি হুমায়ুন ভাটৰ অন্তিম সংস্কাৰ সম্পন্ন হয়।জম্মু আৰু কাশ্মীৰৰ ৰাজৌৰীৰ নাৰলা অঞ্চলত নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা