--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাৰ্থী তথা ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভে অসমৰ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াক উদয়পুৰত প্ৰৱেশ নিষিদ্ধ কৰিবলৈ নিৰ্বাচনী আয়োগৰ কাষ চাপিছে।

নিৰ্বাচন আয়োগলৈ লিখা এখন পত্ৰত গৌৰৱ বল্লভে কয় যে, গুলাবচান্দ কাটাৰিয়াই ৰাজস্থানৰ বিজেপি প্ৰাৰ্থী তাৰাচান্দ জৈনৰ সমৰ্থনত প্ৰচাৰ চলাইছে যিটো স্পষ্টভাৱে অবৈধ কাৰণ গুলাবচান্দ কাটাৰিয়াই ৰাজ্যপালৰ সাংবিধানিক পদত অধিষ্ঠিত হৈ আছে। গৌৰৱ বল্লভৰ মতে নিৰ্বাচনী আচৰণ বিধিৰ প্ৰত্যক্ষ উলংঘা কৰিছে ৰাজ্যপাল কাটাৰিয়াই।

নিৰ্বাচন আয়োগলৈ লিখা এখন পত্ৰত গৌৰৱ বল্লভে কয় যে গুলাবচান্দ কাটাৰিয়াই সাংবিধানিক পদত অধিষ্ঠিত হৈও বিজেপি প্ৰাৰ্থী তাৰাচান্দ জৈনৰ সমৰ্থনত এখন বৈঠক অনুষ্ঠিত কৰি আছে। গৌৰৱ বল্লভে যুক্তি দিছিল যে সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিয়ে ৰাজনৈতিক কাম-কাজত লিপ্ত হ’ব নোৱাৰে আৰু ৰাজনীতিত লিপ্ত হ’ব নোৱাৰে, যিটো আচৰণ বিধিৰ প্ৰত্যক্ষ উলংঘা।

উল্লেখ্য যে ৰাজস্থানৰ প্ৰাক্তন গৃহমন্ত্ৰী গুলাবচান্দ কাটাৰিয়া বৰ্তমান অসমৰ ৰাজ্যপাল। উদয়পুৰৰ বাসিন্দা কাটাৰিয়া ৰাজস্থানৰ বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্যও হয়। ৰাজস্থানত ২৫ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ