--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চাকিৰ পোহৰত উদ্ভাসিত হৈ পৰিল অযোধ্যাৰ আকাশ৷ যোগী আদিত্যনাথ চৰকাৰে আয়োজন কৰা ‘দীপোৎসৱ’ প্ৰত্যক্ষ কৰিলে ৫৪খন দেশৰ ৮৮জন ৰাষ্ট্ৰদূতে৷ মুখ্যমন্ত্ৰী আদিত্যনাথে দেওবাৰে সদৰী কৰে এই তথ্য৷

বিশাল দীপোৎসৱ সন্দৰ্ভত সংবাদ মাধ্যমৰে আছুতীয়া আলাপত মুখ্যমন্ত্ৰী যোগীয়ে কয়, দেশ আৰু বিশ্বই অযোধ্যাৰ দীপোৎসৱ প্ৰত্যক্ষ কৰিছে। ৫৪খন দেশৰ কূটনীতিবিদ আহি নতুন অযোধ্যা ভ্ৰমণ কৰিছে। বিশাল ‘দীপোৎসৱ’ প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীৰ অংশ আছিল। দীপাৱলী উৎসৱ আমাৰ সকলোৰে বাবে ইতিবাচক শক্তি আহৰণৰ এক মাধ্যম। মই সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ আৰু ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰাৰ্থনা জনাইছোঁ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যিসকল অনুষ্ঠানত উপস্থিত নাছিল তেওঁলোকে উল্লেখ কৰিছিল যে তেওঁলোকে উৎসৱৰ দিনা পবিত্ৰ চহৰলৈ অহাৰ সুযোগ হেৰুৱাইছিল।

মুখ্যমন্ত্ৰী যোগীয়ে দেওবাৰে পুৱা হনুমান গড়ী মন্দিৰ দৰ্শন কৰে আৰু দীপাৱলীৰ উপলক্ষে অযোধ্যাৰ ভগৱান হনুমানক প্ৰাৰ্থনা কৰে। তেওঁ অযোধ্যাৰ ৰামলালা বিৰাজমানৰ স্থান পৰিদৰ্শন কৰে আৰু প্ৰাৰ্থনা কৰে।

উল্লেখ্য যে অযোধ্যাত শনিবাৰে এক বিশাল দীপোৎসৱৰ আয়োজন কৰা হৈছিল আৰু পোহৰৰ উৎসৱ উদযাপন কৰিবলৈ ২২.২৩ লাখতকৈও অধিক মাটিৰ চাকি প্ৰজ্জ্বলন কৰা হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ