--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চাকিৰ পোহৰত উদ্ভাসিত হৈ পৰিল অযোধ্যাৰ আকাশ৷ যোগী আদিত্যনাথ চৰকাৰে আয়োজন কৰা ‘দীপোৎসৱ’ প্ৰত্যক্ষ কৰিলে ৫৪খন দেশৰ ৮৮জন ৰাষ্ট্ৰদূতে৷ মুখ্যমন্ত্ৰী আদিত্যনাথে দেওবাৰে সদৰী কৰে এই তথ্য৷

বিশাল দীপোৎসৱ সন্দৰ্ভত সংবাদ মাধ্যমৰে আছুতীয়া আলাপত মুখ্যমন্ত্ৰী যোগীয়ে কয়, দেশ আৰু বিশ্বই অযোধ্যাৰ দীপোৎসৱ প্ৰত্যক্ষ কৰিছে। ৫৪খন দেশৰ কূটনীতিবিদ আহি নতুন অযোধ্যা ভ্ৰমণ কৰিছে। বিশাল ‘দীপোৎসৱ’ প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীৰ অংশ আছিল। দীপাৱলী উৎসৱ আমাৰ সকলোৰে বাবে ইতিবাচক শক্তি আহৰণৰ এক মাধ্যম। মই সকলোকে দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ আৰু ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰাৰ্থনা জনাইছোঁ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যিসকল অনুষ্ঠানত উপস্থিত নাছিল তেওঁলোকে উল্লেখ কৰিছিল যে তেওঁলোকে উৎসৱৰ দিনা পবিত্ৰ চহৰলৈ অহাৰ সুযোগ হেৰুৱাইছিল।

মুখ্যমন্ত্ৰী যোগীয়ে দেওবাৰে পুৱা হনুমান গড়ী মন্দিৰ দৰ্শন কৰে আৰু দীপাৱলীৰ উপলক্ষে অযোধ্যাৰ ভগৱান হনুমানক প্ৰাৰ্থনা কৰে। তেওঁ অযোধ্যাৰ ৰামলালা বিৰাজমানৰ স্থান পৰিদৰ্শন কৰে আৰু প্ৰাৰ্থনা কৰে।

উল্লেখ্য যে অযোধ্যাত শনিবাৰে এক বিশাল দীপোৎসৱৰ আয়োজন কৰা হৈছিল আৰু পোহৰৰ উৎসৱ উদযাপন কৰিবলৈ ২২.২৩ লাখতকৈও অধিক মাটিৰ চাকি প্ৰজ্জ্বলন কৰা হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক