--°C
Loading...
Listen to Article
2 min read
80%

নগাঁও : মধ্য অসমৰ যথেষ্ট পৰিচিত তথা ৰাজ্যৰ এখন আগশাৰীৰ কনিষ্ঠ মহাবিদ্যায়ৰ নাম পুনৰ সাঙুৰ খাইছে বিতৰ্কত ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান আজুৰি আনিবলৈ সক্ষম হোৱা অসমৰ শৈক্ষিক জগতত পৰিচিত হৈ পৰা নগাঁও চহৰৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা সম্প্ৰতি এক অভাৱনীয় বিপদৰ সন্মুখীন হৈছে। কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষজনলৈ নগাঁও পৌৰসভাই তেওঁ নীতি বৰ্হিভূতভাৱে নিৰ্মাণ কৰা এটা ছয় মহলীয়া ঘৰৰ তিনিটা মহলা ভাঙি দিবৰ বাবে নিৰ্দেশ দিছে

অসম পৌৰসভা আইন ১৯৫৬ অনুযায়ী নগাঁও পৌৰসভাই প্ৰেৰণ কৰা এই জাননীত উল্লেখ আছে যে, দিলীপ বৰাই নগাঁও পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ জে এছ পথত টাউন মৌজাৰ নগাঁও কিচামৰ ৪০৩ নং দাগত এটা ৬ মহলীয়া গৃহ নিৰ্মাণ কৰিছিল। এই গৃহটোৰ ভুমি মহলাকে (গ্ৰাউণ্ড ফ্ল'ৰ) ধৰি ৩ টা মহলাৰহে অনুমতি নগাঁও পৌৰসভাই প্ৰদান কৰিছিল। কিন্তু নীতিবৰ্হিভূতভাৱে অতিৰিক্ত ৩ টা মহলাসহ ৬ মহলীয়া গৃহটো দিলীপ বৰাই নিৰ্মাণ কৰিছিল ।

নগাঁও পৌৰসভাই এই ক্ষেত্ৰত দিলীপ বৰালৈ যোৱা ২০ জুলাইত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ পাছত তেওঁ ২৭ জুলাইত ইয়াৰ লিখিত উত্তৰ নগাঁও পৌৰসভাত দাখিল কৰে। এই উত্তৰত কনিষ্ঠ মহাবিদ্যালয় খনৰ অতিৰিক্ত ৩ টা মহলা পৌৰসভাৰ অনুমতি নোলোৱাকৈ নিৰ্মাণ কৰাৰ কথা স্বীকাৰ কৰে। সেয়ে নগাঁও পৌৰসভাই ৪, ৫ আৰু ৬ এই তিনিটা মহলা অহা ৩০ দিনৰ ভিতৰ আঁতৰাই পেলাবলৈ অৰ্থাৎ ভাঙি পেলাবলৈ নিৰ্দেশ জাৰী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ