--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ‘প্ৰাগ নিউজ’ৰ স্বত্বাধিকাৰী ডঃ সঞ্জীৱ নাৰায়ণৰ আন এক বৃহৎ পদক্ষেপ৷ গুৱাহাটীৰ লালমাটিত বুধবাৰে ডঃ নাৰায়ণে আনুষ্ঠানিকভাৱে টাটা মটৰ্ছৰ এটা শ্ব'ৰূম আৰম্ভ কৰে৷ অসম অট’মোবাইলছ নামৰ এই শ্ব’ৰুমটো মুকলি অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অশোক সিংহাল, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া গৌতম দাস তথা টাটা মটৰ্ছৰ উপাধ্যক্ষ ৰাজেশ পালে৷

অভিজাত শ্ব’ৰূমটো উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ শ্ব’ ৰূমটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ডঃ সঞ্জীৱ নাৰায়ণৰ এই প্ৰচেষ্টাক শ’লাগ লয়৷ কৰ'না মহামাৰীসৃষ্ট প্ৰতিকূল পৰিৱেশৰ মাজতে ডঃ নাৰায়ণৰ এই পদক্ষেপক সাহসী আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে৷ এই শ্ব’ৰূমটোৱে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানত কিছু হ’লেও বৰঙণি আগবঢ়াব বুলি আশা কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। আনহাতে, ক'ভিডৰ সময়ত টাটা মটৰ্ছ এণ্ড ছান্স-এ অসমলৈ ১৫০০ কোটি অনুদান আগবঢ়ায়৷ টাটাৰ এই সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি টাটা মটৰ্ছৰ উপাধ্যক্ষ ৰাজেশ পালে কয়, 'টাটা মটৰ্ছ আজি দেশৰ উদ্যোগ খণ্ডৰ এটা অগ্ৰণী নাম৷ দেশৰ জনগণে বহু বছৰ বছৰ ধৰি আমাক প্ৰথম স্থানত ৰাখিছে৷ গ্ৰাহকৰ অফুৰন্ত মৰমৰ বাবেই আজি আমি গাড়ীৰ বজাৰৰ লিডাৰত পৰিণত হৈছোঁ।' সঞ্জীৱ নাৰায়ণলৈ ভালেমান মূল্যমান পৰামৰ্শও আগবঢ়ায় তেওঁ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ