--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাট ব’ৰ্ডৰ দশম শ্ৰেণীৰ ফলাফল ১১ মে’ত ঘোষণা কৰা হয়। ইয়াত বহু ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষস্থান দখল কৰে, বহু টপাৰে পৰৱৰ্তী পঢ়া-শুনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। কিছুমানে ডাক্তৰ হ’ব বিচাৰে, কোনোবাই অভিযন্তা আৰু কোনোবাই আই এ এছ বা আই পি এছ বিষয়া হোৱাৰ সপোন দেখিছে। সপোন দুচকুত লৈ তেওঁলোকে পৰৱৰ্তী ক্লাছত এডমিচন ল’বলৈ আগবাঢ়িছে, কিন্তু গুজৰাট বৰ্ডৰ এগৰাকী টপাৰ আছে যিয়ে ৰিজাল্ট পোৱাৰ মাত্ৰ ৪ দিন পাছতেই এই পৃথিৱীৰ পৰা বিদায় মাগিলে।

মেধাৱী ছাত্ৰীগৰাকীৰ নাম হীৰ ঘেটিয়া। ফলাফলৰ মাত্ৰ চাৰিদিন পাছত ১৫ মে’ত ১৫ বছৰীয়া হীৰ ঘেটিয়াৰ মৃত্যু হয়। চিকিৎসক হ’ব বিচৰাছিল হীৰে। এই মৰ্মান্তিক ঘটনাৰ বাবেই পৰিয়ালটোৰ ওপৰত দুখৰ পাহাৰ ভাগি পৰিছে আৰু এই ঘটনাৰ বিষয়ে জনা প্ৰতিজন ব্যক্তিয়ে আৱেগিক হৈ পৰিছে।দশম বৰ্ড পৰীক্ষাত ৯৯.৭০% নম্বৰ লাভ কৰি হীৰে শীৰ্ষস্থান লাভ কৰিছিল আৰু গণিত বিষয়ত হীৰে ১০০ নম্বৰৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিছিল।

এমাহ পূৰ্বে মৰ্বি নিবাসী হীৰৰ মগজুৰ ৰক্তক্ষৰণ হৈছিল আৰু ৰাজকোটৰ এখন ব্যক্তিগত চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰা হৈছিল। কিন্তু, পুনৰ উশাহ-নিশাহ আৰু হৃদযন্ত্ৰৰ অসুবিধাৰ বাবে হীৰক ৰাজকোটৰ ট্ৰাষ্ট চলোৱা বিটি ছাভানি হাস্পতালত আইচিইউত ভৰ্তি কৰা হয়, য’ত মগজুৰ এম আৰ আই ৰিপ’ৰ্টত প্ৰকাশ পাইছিল যে হীৰৰ মগজুৰ ৮০ৰ পৰা ৯০ শতাংশই কাম কৰা বন্ধ কৰি দিছে।

১৫ মে’ত হীৰৰ হৃদপিণ্ডেও কাম কৰা বন্ধ কৰি দিলে আৰু হীৰক বচাব নোৱাৰিলে চিকিৎসকে। তাৰপাছত তেওঁৰ পৰিয়ালে হীৰৰ অংগ দান কৰাৰ সিদ্ধান্ত লয়। পৰিয়ালটোৱে কেৱল হীৰৰ দুয়োটা চকু দান কৰাই নহয়, হীৰৰ শৰীৰটোও চিকিৎসা মহাবিদ্যালয়ত দান কৰে।

হীৰৰ পৰিয়ালৰ লোকে কয় যে কন্যা ডাক্তৰ হ’ব নোৱাৰিলে, কিন্তু মৃত্যুৰ পিছতো ডাক্তৰ হ’বলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে কন্যাই সহায়ক হ’ব। হীৰহঁতৰ পৰিয়ালত এতিয়া দুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইমান ভাল নম্বৰ লৈ পাছ কৰিলে কিন্তু হীৰে তেওঁৰ ৰিজাল্টটোও চাব নাপালে। গোটেই বছৰটো তেওঁ কৰা কষ্টৰ ফল তেওঁ দেখা নাপালে। হীৰৰ পৰিয়ালে অংগ দান কৰি সমাজৰ প্ৰতি যি মনোভাৱ দেখুৱাইছে সেয়া এক উদাহৰণ আৰু ইয়াৰ দ্বাৰা অধিক লোকে অংগ দান কৰিবলৈ অনুপ্ৰাণিত হ’ব আৰু ভৱিষ্যতে বহুতৰে জীৱন ৰক্ষা কৰাত সহায় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ