--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাট ব’ৰ্ডৰ দশম শ্ৰেণীৰ ফলাফল ১১ মে’ত ঘোষণা কৰা হয়। ইয়াত বহু ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষস্থান দখল কৰে, বহু টপাৰে পৰৱৰ্তী পঢ়া-শুনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। কিছুমানে ডাক্তৰ হ’ব বিচাৰে, কোনোবাই অভিযন্তা আৰু কোনোবাই আই এ এছ বা আই পি এছ বিষয়া হোৱাৰ সপোন দেখিছে। সপোন দুচকুত লৈ তেওঁলোকে পৰৱৰ্তী ক্লাছত এডমিচন ল’বলৈ আগবাঢ়িছে, কিন্তু গুজৰাট বৰ্ডৰ এগৰাকী টপাৰ আছে যিয়ে ৰিজাল্ট পোৱাৰ মাত্ৰ ৪ দিন পাছতেই এই পৃথিৱীৰ পৰা বিদায় মাগিলে।

মেধাৱী ছাত্ৰীগৰাকীৰ নাম হীৰ ঘেটিয়া। ফলাফলৰ মাত্ৰ চাৰিদিন পাছত ১৫ মে’ত ১৫ বছৰীয়া হীৰ ঘেটিয়াৰ মৃত্যু হয়। চিকিৎসক হ’ব বিচৰাছিল হীৰে। এই মৰ্মান্তিক ঘটনাৰ বাবেই পৰিয়ালটোৰ ওপৰত দুখৰ পাহাৰ ভাগি পৰিছে আৰু এই ঘটনাৰ বিষয়ে জনা প্ৰতিজন ব্যক্তিয়ে আৱেগিক হৈ পৰিছে।দশম বৰ্ড পৰীক্ষাত ৯৯.৭০% নম্বৰ লাভ কৰি হীৰে শীৰ্ষস্থান লাভ কৰিছিল আৰু গণিত বিষয়ত হীৰে ১০০ নম্বৰৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিছিল।

এমাহ পূৰ্বে মৰ্বি নিবাসী হীৰৰ মগজুৰ ৰক্তক্ষৰণ হৈছিল আৰু ৰাজকোটৰ এখন ব্যক্তিগত চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰা হৈছিল। কিন্তু, পুনৰ উশাহ-নিশাহ আৰু হৃদযন্ত্ৰৰ অসুবিধাৰ বাবে হীৰক ৰাজকোটৰ ট্ৰাষ্ট চলোৱা বিটি ছাভানি হাস্পতালত আইচিইউত ভৰ্তি কৰা হয়, য’ত মগজুৰ এম আৰ আই ৰিপ’ৰ্টত প্ৰকাশ পাইছিল যে হীৰৰ মগজুৰ ৮০ৰ পৰা ৯০ শতাংশই কাম কৰা বন্ধ কৰি দিছে।

১৫ মে’ত হীৰৰ হৃদপিণ্ডেও কাম কৰা বন্ধ কৰি দিলে আৰু হীৰক বচাব নোৱাৰিলে চিকিৎসকে। তাৰপাছত তেওঁৰ পৰিয়ালে হীৰৰ অংগ দান কৰাৰ সিদ্ধান্ত লয়। পৰিয়ালটোৱে কেৱল হীৰৰ দুয়োটা চকু দান কৰাই নহয়, হীৰৰ শৰীৰটোও চিকিৎসা মহাবিদ্যালয়ত দান কৰে।

হীৰৰ পৰিয়ালৰ লোকে কয় যে কন্যা ডাক্তৰ হ’ব নোৱাৰিলে, কিন্তু মৃত্যুৰ পিছতো ডাক্তৰ হ’বলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে কন্যাই সহায়ক হ’ব। হীৰহঁতৰ পৰিয়ালত এতিয়া দুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইমান ভাল নম্বৰ লৈ পাছ কৰিলে কিন্তু হীৰে তেওঁৰ ৰিজাল্টটোও চাব নাপালে। গোটেই বছৰটো তেওঁ কৰা কষ্টৰ ফল তেওঁ দেখা নাপালে। হীৰৰ পৰিয়ালে অংগ দান কৰি সমাজৰ প্ৰতি যি মনোভাৱ দেখুৱাইছে সেয়া এক উদাহৰণ আৰু ইয়াৰ দ্বাৰা অধিক লোকে অংগ দান কৰিবলৈ অনুপ্ৰাণিত হ’ব আৰু ভৱিষ্যতে বহুতৰে জীৱন ৰক্ষা কৰাত সহায় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু