--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ ঘাটকোপাৰত সংঘটিত হোৱা  হৰ্ডিং দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ক্ৰমে  বৃদ্ধি পাইছে৷ এই ভয়ংকৰ ঘটনাত অভিনেতা  কাৰ্তিক আৰিয়ানৰ মামা আৰু মামীয়েকৰো মৃত্যু হৈছে। হৰ্ডিং খহি পৰাৰ  ৫৬ ঘণ্টাৰ পিছতহে ধ্বংসস্তুপৰ মাজৰ পৰা অভিনেতাগৰাকীৰ মামা আৰু মামীয়েকৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা গৈছে৷ অভিনেতাজনৰ মামা আৰু মামীয়েকে  গাড়ীত পেট্ৰ'ল ভৰাই থকাৰ সময়তে তেওঁলোকৰ ওপৰত হৰ্ডিং খন খহি পৰিছিল৷  উল্লেখ্য ১৩ মে'ত  মুম্বাইত হোৱা  প্ৰচণ্ড ধূলিৰ ধুমুহাৰ সময়তে হৰ্ডিং খন খহি পৰিছিল৷ এই শোকাৱহ দুৰ্ঘটনাটোত এতিয়ালৈকে ১৮গৰাকী লোকে প্ৰাণ হেৰুৱাইছে৷ 

 অভিনেতা কাৰ্তিক আৰিয়ানৰ মামা মামীৰ মৃতদেহ  ৩ দিনৰ পিছতহে উলিয়াই আনিব পৰা গৈছে৷ অভিনেতা  কাৰ্তিক আৰিয়ানৰ  মোমায়েক তথা  ইন্দোৰ বিমানবন্দৰৰ প্ৰাক্তন বিষয়া  মনোজ চানচোৰিয়া আৰু তেওঁৰ পত্নী অনিতা চানচোৰিয়াই  জবলপুৰৰ চিভিল লাইনত অৱস্থিত মাৰিয়াম চকত বাস কৰিছিল। প্ৰায় তিনি দিনৰ পিছত উদ্ধাৰ হোৱা মৃতদেহ শোকাকুল পৰিবেশত শেষকৃত্য সম্পন্ন কৰা হৈছে৷ জানিব পৰা মতে অভিনেতাজনৰ মামা-মামীয়ে মুম্বাইৰ পৰা ইন্দোৰ হৈ জবলপুৰলৈ উভতি গৈ আছিল৷ 

 তেওঁলোকে  গাড়ীত পেট্ৰ'ল ভৰাবলৈ  ইষ্টাৰ্ণ এক্সপ্ৰেছ পথৰ পন্ত নগৰৰ এটা পেট্ৰ'ল পাম্পত ৰৈছিল। সেই সময়তে হৰ্ডিংখন তেওঁলোকৰ গাডড়ীৰ ওপৰত খহি পৰে৷ কাৰ্তিকৰ  মামা মনোজ আৰু অনিতাই আমেৰিকাত বাস কৰা তেওঁলোকৰ পুত্ৰ যশক লগ কৰিবলৈ ভিছাৰ কাগজপত্ৰৰ বাবে  মুম্বাইলৈ গৈছিল৷  সোমবাৰে সন্ধিয়াৰে  পৰা যশে তেওঁৰ পিতৃ-মাতৃৰ সৈতে সংযোগ হেৰুৱাই পেলাইছিল। যশে  মাক-দেউতাকৰ সৈতে সম্পৰ্ক স্থাপন কৰিব নোৱাৰাত  মুম্বাই আৰক্ষীৰ পৰা সহায় বিচাৰিছিল। ম'বাইল নেটৱৰ্কৰ তথ্য ব্যৱহাৰ কৰি আৰক্ষীয়ে তেওঁলোকৰ  অন্তিম অৱস্থানটো ইষ্টাৰ্ণ এক্সপ্ৰেছ ঘাইপথৰ ওচৰৰ ঘাটকোপাৰত বুলি বিচাৰি উলিয়াইছিল। 
 
কেইবা ঘণ্টাধৰি অনুসন্ধান কৰাৰ পিছত দম্পতীহালৰ মৃতদেহ হৰ্ডিঙৰ তলত আৱদ্ধ হৈ থকা অৱস্থাত পোৱা গৈছিল। উল্লেখ্য  মনোজ চানচোৰিয়াই ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ