--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ ঘাটকোপাৰত সংঘটিত হোৱা  হৰ্ডিং দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ক্ৰমে  বৃদ্ধি পাইছে৷ এই ভয়ংকৰ ঘটনাত অভিনেতা  কাৰ্তিক আৰিয়ানৰ মামা আৰু মামীয়েকৰো মৃত্যু হৈছে। হৰ্ডিং খহি পৰাৰ  ৫৬ ঘণ্টাৰ পিছতহে ধ্বংসস্তুপৰ মাজৰ পৰা অভিনেতাগৰাকীৰ মামা আৰু মামীয়েকৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা গৈছে৷ অভিনেতাজনৰ মামা আৰু মামীয়েকে  গাড়ীত পেট্ৰ'ল ভৰাই থকাৰ সময়তে তেওঁলোকৰ ওপৰত হৰ্ডিং খন খহি পৰিছিল৷  উল্লেখ্য ১৩ মে'ত  মুম্বাইত হোৱা  প্ৰচণ্ড ধূলিৰ ধুমুহাৰ সময়তে হৰ্ডিং খন খহি পৰিছিল৷ এই শোকাৱহ দুৰ্ঘটনাটোত এতিয়ালৈকে ১৮গৰাকী লোকে প্ৰাণ হেৰুৱাইছে৷ 

 অভিনেতা কাৰ্তিক আৰিয়ানৰ মামা মামীৰ মৃতদেহ  ৩ দিনৰ পিছতহে উলিয়াই আনিব পৰা গৈছে৷ অভিনেতা  কাৰ্তিক আৰিয়ানৰ  মোমায়েক তথা  ইন্দোৰ বিমানবন্দৰৰ প্ৰাক্তন বিষয়া  মনোজ চানচোৰিয়া আৰু তেওঁৰ পত্নী অনিতা চানচোৰিয়াই  জবলপুৰৰ চিভিল লাইনত অৱস্থিত মাৰিয়াম চকত বাস কৰিছিল। প্ৰায় তিনি দিনৰ পিছত উদ্ধাৰ হোৱা মৃতদেহ শোকাকুল পৰিবেশত শেষকৃত্য সম্পন্ন কৰা হৈছে৷ জানিব পৰা মতে অভিনেতাজনৰ মামা-মামীয়ে মুম্বাইৰ পৰা ইন্দোৰ হৈ জবলপুৰলৈ উভতি গৈ আছিল৷ 

 তেওঁলোকে  গাড়ীত পেট্ৰ'ল ভৰাবলৈ  ইষ্টাৰ্ণ এক্সপ্ৰেছ পথৰ পন্ত নগৰৰ এটা পেট্ৰ'ল পাম্পত ৰৈছিল। সেই সময়তে হৰ্ডিংখন তেওঁলোকৰ গাডড়ীৰ ওপৰত খহি পৰে৷ কাৰ্তিকৰ  মামা মনোজ আৰু অনিতাই আমেৰিকাত বাস কৰা তেওঁলোকৰ পুত্ৰ যশক লগ কৰিবলৈ ভিছাৰ কাগজপত্ৰৰ বাবে  মুম্বাইলৈ গৈছিল৷  সোমবাৰে সন্ধিয়াৰে  পৰা যশে তেওঁৰ পিতৃ-মাতৃৰ সৈতে সংযোগ হেৰুৱাই পেলাইছিল। যশে  মাক-দেউতাকৰ সৈতে সম্পৰ্ক স্থাপন কৰিব নোৱাৰাত  মুম্বাই আৰক্ষীৰ পৰা সহায় বিচাৰিছিল। ম'বাইল নেটৱৰ্কৰ তথ্য ব্যৱহাৰ কৰি আৰক্ষীয়ে তেওঁলোকৰ  অন্তিম অৱস্থানটো ইষ্টাৰ্ণ এক্সপ্ৰেছ ঘাইপথৰ ওচৰৰ ঘাটকোপাৰত বুলি বিচাৰি উলিয়াইছিল। 
 
কেইবা ঘণ্টাধৰি অনুসন্ধান কৰাৰ পিছত দম্পতীহালৰ মৃতদেহ হৰ্ডিঙৰ তলত আৱদ্ধ হৈ থকা অৱস্থাত পোৱা গৈছিল। উল্লেখ্য  মনোজ চানচোৰিয়াই ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু