--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধুমেহ, হৃদযন্ত্ৰ আৰু যকৃতৰ লগত জড়িত ৰোগৰ চিকিৎসাত সাধাৰণতে ব্যৱহাৰ কৰা ৪১টা ঔষধ আৰু ৬টা ফৰ্মুলেশ্বনৰ মূল্য হ্ৰাস কৰা হৈছে। অত্যাৱশ্যকীয় ঔষধৰ মূল্য যাতে জনসাধাৰণৰ বাবে সুলভ হৈ থাকে তাৰ বাবে ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষৰ ১৪৩ সংখ্যক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ফাৰ্মা কোম্পানীসমূহক বিভিন্ন ঔষধৰ কম মূল্যৰ বিষয়ে ডিলাৰ আৰু ষ্টকিষ্টসকলক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ফাৰ্মাচিউটিকেল বিভাগ আৰু ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি (এন পি পি এ)য়ে জাৰি কৰা অধিসূচনা অনুসৰি, যিবোৰ ঔষধৰ বাবে এতিয়া কম মূল্য দিব লাগিব, সেইবোৰৰ ভিতৰত আছে এণ্টাচিড, মাল্টিভিটামিন আৰু এন্টিবায়টিক।

এন্টাচিড হৈছে এনে ঔষধ যিয়ে বদহজমৰ পৰা সকাহ দিয়াৰ কাম কৰে। একে সময়তে মাল্টিভিটামিনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এন্টিবায়টিক হৈছে বেক্টেৰিয়াৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধ। বিশ্বৰ ভিতৰতে মধুমেহ ৰোগৰ প্ৰাদুৰ্ভাৱ সৰ্বাধিক হোৱা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। ঔষধৰ মূল্য হ্ৰাসৰ ফলত ১০ কোটিৰো অধিক ডায়েবেটিছ ৰোগীয়ে লাভৱান হোৱাৰ সম্ভাৱনা আছে।

যোৱা মাহত ঔষধ বিভাগে ৯২৩টা ঔষধৰ প্ৰস্তুতিৰ বাৰ্ষিক সংশোধিত মূল্য আৰু ৬৫টা ঔষধৰ সংশোধিত খুচুৰা মূল্য প্ৰকাশ কৰিছিল। এই মূল্য ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ