--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধুমেহ, হৃদযন্ত্ৰ আৰু যকৃতৰ লগত জড়িত ৰোগৰ চিকিৎসাত সাধাৰণতে ব্যৱহাৰ কৰা ৪১টা ঔষধ আৰু ৬টা ফৰ্মুলেশ্বনৰ মূল্য হ্ৰাস কৰা হৈছে। অত্যাৱশ্যকীয় ঔষধৰ মূল্য যাতে জনসাধাৰণৰ বাবে সুলভ হৈ থাকে তাৰ বাবে ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষৰ ১৪৩ সংখ্যক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ফাৰ্মা কোম্পানীসমূহক বিভিন্ন ঔষধৰ কম মূল্যৰ বিষয়ে ডিলাৰ আৰু ষ্টকিষ্টসকলক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ফাৰ্মাচিউটিকেল বিভাগ আৰু ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি (এন পি পি এ)য়ে জাৰি কৰা অধিসূচনা অনুসৰি, যিবোৰ ঔষধৰ বাবে এতিয়া কম মূল্য দিব লাগিব, সেইবোৰৰ ভিতৰত আছে এণ্টাচিড, মাল্টিভিটামিন আৰু এন্টিবায়টিক।

এন্টাচিড হৈছে এনে ঔষধ যিয়ে বদহজমৰ পৰা সকাহ দিয়াৰ কাম কৰে। একে সময়তে মাল্টিভিটামিনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এন্টিবায়টিক হৈছে বেক্টেৰিয়াৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধ। বিশ্বৰ ভিতৰতে মধুমেহ ৰোগৰ প্ৰাদুৰ্ভাৱ সৰ্বাধিক হোৱা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। ঔষধৰ মূল্য হ্ৰাসৰ ফলত ১০ কোটিৰো অধিক ডায়েবেটিছ ৰোগীয়ে লাভৱান হোৱাৰ সম্ভাৱনা আছে।

যোৱা মাহত ঔষধ বিভাগে ৯২৩টা ঔষধৰ প্ৰস্তুতিৰ বাৰ্ষিক সংশোধিত মূল্য আৰু ৬৫টা ঔষধৰ সংশোধিত খুচুৰা মূল্য প্ৰকাশ কৰিছিল। এই মূল্য ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু