--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইবাটাও বিৰোধী দলৰ প্ৰতিবাদকো নেওচি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন সংসদ ভৱনটো উদ্বোধন কৰিলে।   দেওবাৰে নতুন দিল্লীত মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। 

ৰাহুল গান্ধীয়ে কয় অনুষ্ঠানটো মোদীৰ "ৰাজ্যাভিষেক" যেন লাগিছে। দেওবাৰে আবেলি ৰাহুল গান্ধীয়ে  সংসদ ভৱনৰ উদ্বোধনৰ বিষয়ে টুইট কৰে। টুইটত ৰাহুল গান্ধীয়ে কয় "সংসদ হৈছে দেশৰ জনসাধাৰণৰ কণ্ঠস্বৰ।’’ মোদীক সমালোচনা কৰি তেওঁ কয়, "প্ৰধানমন্ত্ৰীয়ে সংসদ ভৱনৰ উদ্বোধনক ৰাজ্যাভিষেক হিচাপে বিবেচনা কৰিছে। ''

প্ৰধানমন্ত্ৰী মোদীয়ে  দেওবাৰে পুৱা সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ভৱনটো উদ্বোধন কৰে। অনুষ্ঠানটোত লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত আছিল। বিভিন্ন ৰাজ্যৰ বহু কেইবাগৰাকী মুখ্যমন্ত্ৰীও উপস্থিত আছিল। প্ৰায়ভাগ বিৰোধী দলেই অৱশ্যে অনুষ্ঠানটো বৰ্জন কৰে। মোদীয়ে বেদ আবৃত্তি কৰি, পূজা আৰু যজ্ঞত অংশগ্ৰহণ কৰি নতুন সংসদ ভৱনটো উদ্বোধন কৰে। তেওঁ সৰ্বধৰ্ম  প্ৰাৰ্থনাতো অংশগ্ৰহণ কৰে। মোদীয়ে আজিয়েই ১০১ সংখ্যক  'মন কি বাত' অনুষ্ঠানো সম্বোধন কৰে। সংসদ ভৱন কোনে উদ্বোধন কৰিব তাক লৈ আৰম্ভণিৰে পৰাই বিতৰ্ক  চলি আছিল।

 বিৰোধীয়ে দাবী কৰিছিল যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুষ্ঠানটো উদ্বোধন কৰিব লাগে।  কিয়নো ৰাষ্ট্ৰপতিৰ পদটো এটা সাংবিধানিক পদবী । বহুতে ৰাষ্ট্ৰপতিৰ সলনি  প্ৰধানমন্ত্ৰীয়ে সংসদ ভৱন উদ্বোধন কৰাটো  গ্ৰহণ কৰিব নোৱাৰিলে। বিতৰ্কই উচ্চতম ন্যায়ালয়পৰ মজিয়াও পাইছিল। কিন্তু শেষত চৰকাৰৰেই জয় হৈছিল। 

সংসদ ভৱনৰ সোণালী দণ্ড চেংগললৈয়ো  কম বিতৰ্ক হোৱা নাই। এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে কয়, "মই পুৱাৰ উদ্বোধনী কাৰ্যসূচী দেখিছো। মই সুখী যে মই তালৈ নগ’লো। তাত কি ঘটিছে তাকে লৈ মই চিন্তিত। আমি দেশখনক আৰু পিছলৈ ঠেলি দিছো নেকি? অনুষ্ঠানটো কেৱল কেইজনমান লোকৰ মাজতে সীমাবদ্ধ হৈ থকাৰ কথা আছিল নেকি?"

FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন