--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইবাটাও বিৰোধী দলৰ প্ৰতিবাদকো নেওচি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন সংসদ ভৱনটো উদ্বোধন কৰিলে।   দেওবাৰে নতুন দিল্লীত মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। 

ৰাহুল গান্ধীয়ে কয় অনুষ্ঠানটো মোদীৰ "ৰাজ্যাভিষেক" যেন লাগিছে। দেওবাৰে আবেলি ৰাহুল গান্ধীয়ে  সংসদ ভৱনৰ উদ্বোধনৰ বিষয়ে টুইট কৰে। টুইটত ৰাহুল গান্ধীয়ে কয় "সংসদ হৈছে দেশৰ জনসাধাৰণৰ কণ্ঠস্বৰ।’’ মোদীক সমালোচনা কৰি তেওঁ কয়, "প্ৰধানমন্ত্ৰীয়ে সংসদ ভৱনৰ উদ্বোধনক ৰাজ্যাভিষেক হিচাপে বিবেচনা কৰিছে। ''

প্ৰধানমন্ত্ৰী মোদীয়ে  দেওবাৰে পুৱা সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ভৱনটো উদ্বোধন কৰে। অনুষ্ঠানটোত লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত আছিল। বিভিন্ন ৰাজ্যৰ বহু কেইবাগৰাকী মুখ্যমন্ত্ৰীও উপস্থিত আছিল। প্ৰায়ভাগ বিৰোধী দলেই অৱশ্যে অনুষ্ঠানটো বৰ্জন কৰে। মোদীয়ে বেদ আবৃত্তি কৰি, পূজা আৰু যজ্ঞত অংশগ্ৰহণ কৰি নতুন সংসদ ভৱনটো উদ্বোধন কৰে। তেওঁ সৰ্বধৰ্ম  প্ৰাৰ্থনাতো অংশগ্ৰহণ কৰে। মোদীয়ে আজিয়েই ১০১ সংখ্যক  'মন কি বাত' অনুষ্ঠানো সম্বোধন কৰে। সংসদ ভৱন কোনে উদ্বোধন কৰিব তাক লৈ আৰম্ভণিৰে পৰাই বিতৰ্ক  চলি আছিল।

 বিৰোধীয়ে দাবী কৰিছিল যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুষ্ঠানটো উদ্বোধন কৰিব লাগে।  কিয়নো ৰাষ্ট্ৰপতিৰ পদটো এটা সাংবিধানিক পদবী । বহুতে ৰাষ্ট্ৰপতিৰ সলনি  প্ৰধানমন্ত্ৰীয়ে সংসদ ভৱন উদ্বোধন কৰাটো  গ্ৰহণ কৰিব নোৱাৰিলে। বিতৰ্কই উচ্চতম ন্যায়ালয়পৰ মজিয়াও পাইছিল। কিন্তু শেষত চৰকাৰৰেই জয় হৈছিল। 

সংসদ ভৱনৰ সোণালী দণ্ড চেংগললৈয়ো  কম বিতৰ্ক হোৱা নাই। এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে কয়, "মই পুৱাৰ উদ্বোধনী কাৰ্যসূচী দেখিছো। মই সুখী যে মই তালৈ নগ’লো। তাত কি ঘটিছে তাকে লৈ মই চিন্তিত। আমি দেশখনক আৰু পিছলৈ ঠেলি দিছো নেকি? অনুষ্ঠানটো কেৱল কেইজনমান লোকৰ মাজতে সীমাবদ্ধ হৈ থকাৰ কথা আছিল নেকি?"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস