--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মল্লযুঁজাৰুসকলৰ প্ৰতিবাদে আজি লাভ কৰিছে এক নতুন মাত্ৰা৷আজি নতুন সংসদ ভৱনত প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ ‘মহিলা সন্মান মহাপঞ্চায়ত’ৰ পূৰ্বে যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷এই ঘটনা সংঘটিত হোৱাৰ পিছত মল্লযুঁজাৰু বিনেশ ফোগাট, সাক্ষী মালিক আৰু বজৰং পুনিয়াক আন প্ৰতিবাদকাৰীৰ সৈতে আটক কৰি ৰখা হৈছে৷

ইয়াৰ পূৰ্বে মল্লযুঁজাৰু বিনেশ ফোগাটে অভিযোগ কৰিছিল যে আজি নতুন সংসদ ভৱনত পৰিকল্পিত ‘মহিলা সন্মান মহাপঞ্চায়ত’ৰ পূৰ্বে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ সমৰ্থকসকলক আটক কৰি ৰখা হৈছিল। তেওঁৰ অফিচিয়েল টুইটাৰ একাউণ্টত প্ৰকাশ কৰা এটা ভিডিঅ’ত তেওঁ কয় যে “গণতন্ত্ৰক মুকলিকৈ হত্যা কৰা হৈছে”। লগতে কয় যে জাতিটোৱে মনত ৰাখিব যে কেনেকৈ “নতুন সংসদ উদ্বোধন হোৱাৰ সময়ত নিজৰ অধিকাৰ দাবী কৰা মহিলাসকলক দমন কৰা হৈছিল”। নতুন সংসদলৈ মল্লযুঁজাৰুৰ প্ৰতিবাদী সমদলৰ পূৰ্বে সিংহু, টিকৰি, গাজীপুৰকে ধৰি দিল্লী সীমান্তত নিৰাপত্তা বৃদ্ধি কৰা হয়। দিল্লী আৰক্ষীয়ে জনোৱা মতে, প্ৰতিবাদকাৰীক খাপ পঞ্চায়তত যোগদান কৰাত বাধা দিবলৈ কোৱা হৈছে।আৰক্ষীৰ এজন বিষয়াই কয় যে‘আমি এতিয়াও কাকো আটক কৰা নাই। আমি কৃষকসকলক যাবলৈ ক’ম কাৰণ তেওঁলোকৰ প্ৰতিবাদে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত ব্যাঘাত জন্মাব৷'

ইফালে, আৰক্ষীয়ে হাৰিয়ানাৰ বি কে ইউ হাৰিয়ানাৰ মুৰব্বী গুৰনাম সিং চাডুনীকে ধৰি কেইবাজনো কৃষক নেতাক ঘৰত আটক কৰি ৰাখিছে। অভিযোগ অনুসৰি তেওঁলোকে প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ সমৰ্থনত দিল্লীলৈ সমদল উলিওৱাৰ পৰিকল্পনা কৰিছিল৷ আন এক খবৰ অনুসৰি আজি নতুন সংসদ ভৱন উদ্বোধনৰ পূৰ্বে আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে বাহিৰৰ দিল্লীৰ পুৰণি বাৱানাৰ এখন এমচিডি বিদ্যালয়ত অস্থায়ী কাৰাগাৰ স্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস