--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ টকীয়া এটা  বিশেষ স্মাৰক মুদ্ৰা উন্মোচন কৰে। উল্লেখ্য নতুন সংসদ ভৱন উদ্বোধন উপলক্ষে কেন্দ্ৰীয় চৰকাৰে  ৭৫ টকাৰ মুদ্ৰা প্ৰস্তুত কৰি উলিয়াইছে।  নতুন সংসদ ভৱন উদ্বোধন উপলক্ষে মোদীয়ে   ৭৫ টকাৰ  স্মাৰক মুদ্ৰাটো মুকলি কৰে৷ 

২৫ মে'ত জাৰি কৰা এক গেজেট অধিসূচনাত বিত্ত মন্ত্ৰালয়ে কৈছিল যে  'মুদ্ৰা (নতুন সংসদ ভৱন উদ্বোধন উপলক্ষে স্মাৰক মুদ্ৰাৰ জাৰি) নিয়ম, ২০২৩ ৰ অধীনত সেই ৭৫ টকাৰ মুদ্ৰাটো মুকলি  কৰা হ'ব।

আজি মোদীয়ে মুকলি কৰা মুদ্ৰাটোৰ ব্যাস ৪৪ মিমি হ'ব আৰু ইয়াত ২০০ টা চেৰেচন আছে। মুদ্ৰাটো ৫০ শতাংশ ৰূপ, ৪০ শতাংশ তাম, ৫ শতাংশ নিকেল আৰু ৫ শতাংশ জিংকেৰে তৈয়াৰ কৰা হৈছে। "মুদ্ৰাটোৰ কেন্দ্ৰত অশোক স্তম্ভৰ সিংহ আৰু  তলত হিন্দী ভাষাত  'সত্যমেৱ জয়তে' লিখা আছে, দেৱনাগৰী লিপিত 'ভাৰত'  আৰু ইংৰাজীত 'ইণ্ডিয়া ' শব্দও লিখা  আছে।

মুদ্ৰাটোৰ ওলোটা ফালে সংসদ ভৱনৰ  এখন ছবি আছে। মুদ্ৰাটোৰ ওজন হ'ব ৩৫ গ্ৰাম।  উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ২০ ডিচেম্বৰত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল। নতুন সংসদ ভৱনত  মুঠ ৯৫০০ কিলোগ্ৰাম ওজনৰ ব্ৰঞ্জেৰে নিৰ্মিত ৰাষ্ট্ৰীয় প্ৰতীক আছে আৰু ইয়াৰ  উচ্চতা ৬.৫ মিটাৰ। ইয়াক নতুন সংসদ ভৱনৰ কেন্দ্ৰীয় স্থলৰ  শীৰ্ষত স্থাপন কৰা হৈছে। প্ৰতীকটো ধৰি ৰাখিবলৈ  প্ৰায় ৬৫০০ কিলোগ্ৰাম ওজনৰ তীখাৰ এটা সহায়ক গাঁথনি নিৰ্মাণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়