--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এই বৰ্ষৰ এপ্ৰিল মাহত অসমৰপৰা নিৰ্বাচিত ৰাজ্যসভাৰ দুজন সাংসদৰ কাৰ্যকাল শেষ হ’ব। ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিনিধিত্ব কৰা ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল সমাপ্ত হোৱাৰ লগে লগে আকৌ আৰম্ভ হ’ব খালী হোৱা দুয়োখন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া। ইতিমধ্যেই সকলো ৰাজনৈতিক দলে নিজা সমৰ্থিত প্ৰাৰ্থী প্ৰক্ষেপ কৰা বাবে কুচকাৱাজ আৰম্ভ কৰা দেখা গৈছে। বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত শাসনাধিস্থিত বিজেপিৰ বাবে ৰাজ্যসভা ৰ প্ৰথমখন আসন দখল কৰাটো প্ৰায় নিশ্চিতৰ দৰেই দেখা গৈছে। কিন্তু আনখন আসন দখল কৰাটো বিজেপিৰ পক্ষে কৃচ্ছসাধ্য।

এনে প্ৰেক্ষাপটত এতিয়া বিৰোধী দল কংগ্ৰেছকে ধৰি আনসকলেও কি ৰাজনৈতিক খেলাৰে আসনখন নিজৰ দখললৈ আনিব তাৰ ওপৰতে সকলোৰে দৃষ্টিনিবদ্ধ হৈ আছে। ইতিমধ্যে বিৰোধী নেতাকে চৰ্তসাপেক্ষে বিজেপিত যোগদানৰ কথা শুনিবলৈ পোৱা গৈছে। সকলোৰে ঊৰ্ধ্বত কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰৰ নামটো বহলভাৱে চৰ্চাত থকা দেখা গৈছে। কংগ্ৰেছ বা আন বিৰোধী দলৰ পৰা আহি বিজেপিত যোগদান কৰি নিশাটোৰ ভিতৰতে দল সলোৱা নেতাকলৈয়ো এতিয়া বিজেপিৰ ভিতৰচ’ৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্ষীয়ান বিজেপি নেতা তথা তিনিটা কাৰ্যকালত নগাঁও সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা ৰাজেন গোঁহাইৰ দৰে নেতা প্ৰাৰ্থিত্বৰ দাবীদাৰ হোৱাৰ সময়তে এটা নিশাৰ ভিতৰতে চৰ্ত সাপেক্ষে বিজেপিমুখী কংগ্ৰেছী নেতাই কি গুৰুত্ব পাব, সেয়া লক্ষ্যণীয় হ’ব।


অনাগত ৰাজ্যসভাৰ নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতিত সঘন পৰিৱৰ্তন হোৱাৰ আশংকা আছে। কেনেকৈ খালী হোৱা দুয়োখন আসন নিজৰ দখললৈ আনিব পাৰি, তাক লৈ শাসক-বিৰোধী দল আৰু নেতাই উঠি-পৰি লাগিছে। এনে সময়তে সচেতন মহলত সেই একেই পুৰণিকলীয়া প্ৰশ্নটো আকৌ এবাৰ উত্থাপিত হৈছে। ‘আসন দখলেই নেকি নেতাৰ শেষ উদ্দেশ্য?’ কিয়নো দুয়োখন আসনৰ বাবে প্ৰাৰ্থিত্বৰে সাজু হৈছে কুৰিৰো অধিক নেতা। চৰ্তসাপেক্ষে সম্পৰ্কীয় শাসকীয় দলত যোগদানৰ বাবেও প্ৰস্তুত হৈছে কেইবাগৰাকী বিৰোধী দলৰ নেতা। এনে কিছু ৰাজনৈতিক ঘটনাই আকৌ এবাৰ প্ৰাসংগিক কৰি তুলিছে এই প্ৰশ্নটো। ভাৰতৰ দৰে উন্নয়নশীল এখন দেশত জনপ্ৰতিনিধিৰ ভূমিকা অতি স্পৰ্শকাতৰ।

তেনে পৰিস্থিতিত কেৱল মাত্ৰ আসন দখলৰ মানসিকতা আৰু ক্ষমতাৰ পাছত দৌৰা প্ৰৱণতাই সমাজত কেনে নেতিবাচক প্ৰভাৱ পেলাব পাৰে সেয়া সৰ্বজনবিদিত। জনতাৰ সমস্যাক সদনত উত্থাপন কৰি সমাধানৰ বাট মুকলি কৰাত প্ৰায়ে ব্যৰ্থ হোৱা দেখা যায়। জনতাৰ প্ৰতিনিধি হিচাপে ৰাইজৰ সমস্যাক নিজৰ সমস্যা বুলি গণ্য কৰি সজোৰে সদনত উত্থাপন কৰাটোৱেই দায়িত্ব যদিও কাৰ্যতঃ ইয়াৰ পৰা দূৰত্বত অৱস্থান কৰে বহু নেতাই। বিশেষকৈ ৰাজ্যসভাৰ আসনক বহু নেতাই অলংকাৰ হিচাপেও গণ্য কৰাৰ প্ৰৱণতা দেখিবলৈ পোৱা যায়। এনে প্ৰৱণতাই গণতন্ত্ৰ আৰু উন্নয়নত ধুৰূপ প্ৰভাৱ পেলাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু