--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এই বৰ্ষৰ এপ্ৰিল মাহত অসমৰপৰা নিৰ্বাচিত ৰাজ্যসভাৰ দুজন সাংসদৰ কাৰ্যকাল শেষ হ’ব। ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিনিধিত্ব কৰা ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল সমাপ্ত হোৱাৰ লগে লগে আকৌ আৰম্ভ হ’ব খালী হোৱা দুয়োখন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া। ইতিমধ্যেই সকলো ৰাজনৈতিক দলে নিজা সমৰ্থিত প্ৰাৰ্থী প্ৰক্ষেপ কৰা বাবে কুচকাৱাজ আৰম্ভ কৰা দেখা গৈছে। বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত শাসনাধিস্থিত বিজেপিৰ বাবে ৰাজ্যসভা ৰ প্ৰথমখন আসন দখল কৰাটো প্ৰায় নিশ্চিতৰ দৰেই দেখা গৈছে। কিন্তু আনখন আসন দখল কৰাটো বিজেপিৰ পক্ষে কৃচ্ছসাধ্য।

এনে প্ৰেক্ষাপটত এতিয়া বিৰোধী দল কংগ্ৰেছকে ধৰি আনসকলেও কি ৰাজনৈতিক খেলাৰে আসনখন নিজৰ দখললৈ আনিব তাৰ ওপৰতে সকলোৰে দৃষ্টিনিবদ্ধ হৈ আছে। ইতিমধ্যে বিৰোধী নেতাকে চৰ্তসাপেক্ষে বিজেপিত যোগদানৰ কথা শুনিবলৈ পোৱা গৈছে। সকলোৰে ঊৰ্ধ্বত কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰৰ নামটো বহলভাৱে চৰ্চাত থকা দেখা গৈছে। কংগ্ৰেছ বা আন বিৰোধী দলৰ পৰা আহি বিজেপিত যোগদান কৰি নিশাটোৰ ভিতৰতে দল সলোৱা নেতাকলৈয়ো এতিয়া বিজেপিৰ ভিতৰচ’ৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্ষীয়ান বিজেপি নেতা তথা তিনিটা কাৰ্যকালত নগাঁও সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱা ৰাজেন গোঁহাইৰ দৰে নেতা প্ৰাৰ্থিত্বৰ দাবীদাৰ হোৱাৰ সময়তে এটা নিশাৰ ভিতৰতে চৰ্ত সাপেক্ষে বিজেপিমুখী কংগ্ৰেছী নেতাই কি গুৰুত্ব পাব, সেয়া লক্ষ্যণীয় হ’ব।


অনাগত ৰাজ্যসভাৰ নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতিত সঘন পৰিৱৰ্তন হোৱাৰ আশংকা আছে। কেনেকৈ খালী হোৱা দুয়োখন আসন নিজৰ দখললৈ আনিব পাৰি, তাক লৈ শাসক-বিৰোধী দল আৰু নেতাই উঠি-পৰি লাগিছে। এনে সময়তে সচেতন মহলত সেই একেই পুৰণিকলীয়া প্ৰশ্নটো আকৌ এবাৰ উত্থাপিত হৈছে। ‘আসন দখলেই নেকি নেতাৰ শেষ উদ্দেশ্য?’ কিয়নো দুয়োখন আসনৰ বাবে প্ৰাৰ্থিত্বৰে সাজু হৈছে কুৰিৰো অধিক নেতা। চৰ্তসাপেক্ষে সম্পৰ্কীয় শাসকীয় দলত যোগদানৰ বাবেও প্ৰস্তুত হৈছে কেইবাগৰাকী বিৰোধী দলৰ নেতা। এনে কিছু ৰাজনৈতিক ঘটনাই আকৌ এবাৰ প্ৰাসংগিক কৰি তুলিছে এই প্ৰশ্নটো। ভাৰতৰ দৰে উন্নয়নশীল এখন দেশত জনপ্ৰতিনিধিৰ ভূমিকা অতি স্পৰ্শকাতৰ।

তেনে পৰিস্থিতিত কেৱল মাত্ৰ আসন দখলৰ মানসিকতা আৰু ক্ষমতাৰ পাছত দৌৰা প্ৰৱণতাই সমাজত কেনে নেতিবাচক প্ৰভাৱ পেলাব পাৰে সেয়া সৰ্বজনবিদিত। জনতাৰ সমস্যাক সদনত উত্থাপন কৰি সমাধানৰ বাট মুকলি কৰাত প্ৰায়ে ব্যৰ্থ হোৱা দেখা যায়। জনতাৰ প্ৰতিনিধি হিচাপে ৰাইজৰ সমস্যাক নিজৰ সমস্যা বুলি গণ্য কৰি সজোৰে সদনত উত্থাপন কৰাটোৱেই দায়িত্ব যদিও কাৰ্যতঃ ইয়াৰ পৰা দূৰত্বত অৱস্থান কৰে বহু নেতাই। বিশেষকৈ ৰাজ্যসভাৰ আসনক বহু নেতাই অলংকাৰ হিচাপেও গণ্য কৰাৰ প্ৰৱণতা দেখিবলৈ পোৱা যায়। এনে প্ৰৱণতাই গণতন্ত্ৰ আৰু উন্নয়নত ধুৰূপ প্ৰভাৱ পেলাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ