--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্যসভাৰ দ্বিতীয়খন আসন দখল কৰাৰ বাবে তৎপৰতা চলাই আছে শাসকীয় বিজেপি দলে। আৰু অৱধাৰিতভাৱে এই তৎপৰতাৰ গুৰি ধৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আজি ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসৰ ঘৰত মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি হৈছে। বিৰোধী দলৰ বিধায়ক এগৰাকীৰ ঘৰত নিৰ্বাচনৰ পূ্ৰ্বে মুখ্যমন্ত্ৰী উপস্থিত হোৱা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলৰ নেতাসকলে। অৱশ্যে পূৰ্বেৰে পৰাই শশীকান্ত দাসে বিজেপি মিত্ৰজোঁট চৰকাৰৰ প্ৰতি আনুগত্যৰ কথা মুকলিকৈ প্ৰকাশ কৰিছিল। মু্খ্যমন্ত্ৰী তথা বিজেপিৰ সভাপতিৰ চৰণ স্পৰ্শ কৰি শশীকান্ত দাসে সৃষ্টি কৰিছিল ব্যাপক বিতৰ্কৰ। দলৰ নেতাৰ ৰোষত পৰা শশীকান্ত দাসৰ সমৰ্থন নিৰ্বাচনত শাসক-বিৰোধী উভয়কে প্ৰয়োজন হৈ পৰিছে। আৰু তাৰ বাবে ব্যাপক তৎপৰতা চলাই থকা হৈছে। তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে দাসৰ ঘৰত ভৰি দিয়াক লৈ ৰাজ্যৰ ৰাজনীতি তোলপাৰ হৈ পৰিছে। বিধায়ক শশীকান্ত দাসৰ শশীকান্ত দাসৰ গৃহত মুখ্যমন্ত্ৰী উপস্থিতিক লৈ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ব্যাপক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয়, সংসদীয় ৰাজনীতিত এয়া গৰ্হিত কাৰ্য। মুকলি বজাৰত বিধায়ক কিনা-বেচা কৰিছে মুখ্যমন্ত্ৰীয়ে। সমস্ত মূল্যবোধ ধ্বংস কৰিছে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কয় যে, যিজন বিক্ৰী হয় তেওঁ মানুহ নে অইন কিবা? বিবেকবান মানুহৰ বাবে এয়া লজ্জাজনক। ৰূপজ্যোতি-সুশান্ত বিজেপিলৈ অহা কাৰণে তেওঁলোকৰ সমষ্টিবোৰ সোণৰ হৈ গ’ল নেকি? তেওঁ লগতে অভিযোগ কৰে যে, ব্যক্তিগত লাভৰ বাবে দল সলনি কৰিছে কংগ্ৰেছ বিধায়কে। শাসক দলৰ নেতাই ব্লেকমেইলিং কৰিব বিচাৰে। বিজেপি ব্লেকমেইলিঙৰ চৰকাৰ বুলিও তেওঁ অভিযোগ কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ নৈতিকতা নাই বুলি অভিযোগ কৰি অখিল গগৈয়ে কয়, কংগ্ৰেছ, এআইইউডিএফ  কেনেকুৱা দল বুজিব নোৱাৰি। কংগ্ৰেছৰ নিজৰ মানুহ গৈ আছে তথাপি ৰখাব পৰা নাই। বিৰোধী নেতাসকলে কিয় নিজৰ দল মানুহক ৰখাব পৰা নাই? এনে বিধায়কক জনতাৰ আদালতত বিচাৰ কৰিব লাগে। এনে ৰাজনীতি কোনেও কৰা উচিত নহয়। দেশৰ অৰ্থনীতি, ৰাজনীতি, সমাজনীতিৰ বাবে এয়া ভয়ংকৰ কথা। মুখ্যমন্ত্ৰীক এনে অসাধু আৰু লাজলগা কাৰ্যৰপৰা আঁতৰি আহিবলৈ আহ্বান জনায় অখিল গগৈয়ে। ইফালে, বিধায়ক জাকিৰ হুছেইন শিকদাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, কংগ্ৰেছৰ হুইপ শশীকান্ত দাসৰ ক্ষেত্ৰটো প্ৰযোজ্য হ’ব। হুইপ অমান্য কৰিলে কি হ’ব সকলোৱে জানে। শশীকান্ত দাসে কংগ্ৰছকেই ভোট দিব বুলিও তেওঁ দাবী কৰে। ইফালে, মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছী বিধায়ক শশীকান্ত দাসক সাক্ষাৎ কৰাৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘এয়া ভাল পৰম্পৰা নহয়। গণতন্ত্ৰৰ বাবে সুখকৰ কথা নহয়। এনে কাৰ্যক গৰিহনা দিছোঁ।’ উল্লেখ্য যে, শশীকান্ত দাসে আজিও দলৰ স্বাৰ্থৰ বিপৰীতে মন্তব্য কৰা দেখা গৈছিল। তেওঁ মুখ্যমন্ত্ৰীৰ মুখৰ কথাক বেদবাক্য বুলি প্ৰকাশ কৰাৰ লগতে ৰাজ্যসভাৰ দ্বিতীয়খন আসনতো বিজেপি জয়ী হ’ব বুলি মন্তব্য কৰিছিল। বিধায়কগৰাকীৰ এনে স্থিতি এতিয়া বিৰোধী শিবিৰৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক