--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্যসভাৰ দ্বিতীয়খন আসন দখল কৰাৰ বাবে তৎপৰতা চলাই আছে শাসকীয় বিজেপি দলে। আৰু অৱধাৰিতভাৱে এই তৎপৰতাৰ গুৰি ধৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আজি ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসৰ ঘৰত মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি হৈছে। বিৰোধী দলৰ বিধায়ক এগৰাকীৰ ঘৰত নিৰ্বাচনৰ পূ্ৰ্বে মুখ্যমন্ত্ৰী উপস্থিত হোৱা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলৰ নেতাসকলে। অৱশ্যে পূৰ্বেৰে পৰাই শশীকান্ত দাসে বিজেপি মিত্ৰজোঁট চৰকাৰৰ প্ৰতি আনুগত্যৰ কথা মুকলিকৈ প্ৰকাশ কৰিছিল। মু্খ্যমন্ত্ৰী তথা বিজেপিৰ সভাপতিৰ চৰণ স্পৰ্শ কৰি শশীকান্ত দাসে সৃষ্টি কৰিছিল ব্যাপক বিতৰ্কৰ। দলৰ নেতাৰ ৰোষত পৰা শশীকান্ত দাসৰ সমৰ্থন নিৰ্বাচনত শাসক-বিৰোধী উভয়কে প্ৰয়োজন হৈ পৰিছে। আৰু তাৰ বাবে ব্যাপক তৎপৰতা চলাই থকা হৈছে। তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে দাসৰ ঘৰত ভৰি দিয়াক লৈ ৰাজ্যৰ ৰাজনীতি তোলপাৰ হৈ পৰিছে। বিধায়ক শশীকান্ত দাসৰ শশীকান্ত দাসৰ গৃহত মুখ্যমন্ত্ৰী উপস্থিতিক লৈ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ব্যাপক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয়, সংসদীয় ৰাজনীতিত এয়া গৰ্হিত কাৰ্য। মুকলি বজাৰত বিধায়ক কিনা-বেচা কৰিছে মুখ্যমন্ত্ৰীয়ে। সমস্ত মূল্যবোধ ধ্বংস কৰিছে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কয় যে, যিজন বিক্ৰী হয় তেওঁ মানুহ নে অইন কিবা? বিবেকবান মানুহৰ বাবে এয়া লজ্জাজনক। ৰূপজ্যোতি-সুশান্ত বিজেপিলৈ অহা কাৰণে তেওঁলোকৰ সমষ্টিবোৰ সোণৰ হৈ গ’ল নেকি? তেওঁ লগতে অভিযোগ কৰে যে, ব্যক্তিগত লাভৰ বাবে দল সলনি কৰিছে কংগ্ৰেছ বিধায়কে। শাসক দলৰ নেতাই ব্লেকমেইলিং কৰিব বিচাৰে। বিজেপি ব্লেকমেইলিঙৰ চৰকাৰ বুলিও তেওঁ অভিযোগ কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ নৈতিকতা নাই বুলি অভিযোগ কৰি অখিল গগৈয়ে কয়, কংগ্ৰেছ, এআইইউডিএফ  কেনেকুৱা দল বুজিব নোৱাৰি। কংগ্ৰেছৰ নিজৰ মানুহ গৈ আছে তথাপি ৰখাব পৰা নাই। বিৰোধী নেতাসকলে কিয় নিজৰ দল মানুহক ৰখাব পৰা নাই? এনে বিধায়কক জনতাৰ আদালতত বিচাৰ কৰিব লাগে। এনে ৰাজনীতি কোনেও কৰা উচিত নহয়। দেশৰ অৰ্থনীতি, ৰাজনীতি, সমাজনীতিৰ বাবে এয়া ভয়ংকৰ কথা। মুখ্যমন্ত্ৰীক এনে অসাধু আৰু লাজলগা কাৰ্যৰপৰা আঁতৰি আহিবলৈ আহ্বান জনায় অখিল গগৈয়ে। ইফালে, বিধায়ক জাকিৰ হুছেইন শিকদাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, কংগ্ৰেছৰ হুইপ শশীকান্ত দাসৰ ক্ষেত্ৰটো প্ৰযোজ্য হ’ব। হুইপ অমান্য কৰিলে কি হ’ব সকলোৱে জানে। শশীকান্ত দাসে কংগ্ৰছকেই ভোট দিব বুলিও তেওঁ দাবী কৰে। ইফালে, মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছী বিধায়ক শশীকান্ত দাসক সাক্ষাৎ কৰাৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘এয়া ভাল পৰম্পৰা নহয়। গণতন্ত্ৰৰ বাবে সুখকৰ কথা নহয়। এনে কাৰ্যক গৰিহনা দিছোঁ।’ উল্লেখ্য যে, শশীকান্ত দাসে আজিও দলৰ স্বাৰ্থৰ বিপৰীতে মন্তব্য কৰা দেখা গৈছিল। তেওঁ মুখ্যমন্ত্ৰীৰ মুখৰ কথাক বেদবাক্য বুলি প্ৰকাশ কৰাৰ লগতে ৰাজ্যসভাৰ দ্বিতীয়খন আসনতো বিজেপি জয়ী হ’ব বুলি মন্তব্য কৰিছিল। বিধায়কগৰাকীৰ এনে স্থিতি এতিয়া বিৰোধী শিবিৰৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন