--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ৩১ মাৰ্চত অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত ব্যাপক নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে৷ এইবেলি ৰাজ্যসভা নিৰ্বাচনত শাসকীয় দল বিজেপিয়ে দুজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে৷ ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰাৰ্থিত্ব পাইছে পবিত্ৰ মাৰ্ঘেৰিটা আৰু ইউপিপিএলৰ পৰা প্ৰাৰ্থিত্ব পাইছে ৰণগৌড়া নাৰ্জাৰীয়ে৷ ইয়াৰ বিপৰীতে, ঐক্যবদ্ধ বিৰোধীয়ে এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। কংগ্ৰেছৰ ৰিপুণ বৰা ৰাজ্যসভাৰ বিৰোধী দলৰ প্ৰাৰ্থী৷ অসমৰ ৰাজ্যসভা নিৰ্বাচনত দুজন প্ৰাৰ্থীক জয়ী হবলৈ দুয়োজনে প্ৰথম পচন্দৰ ভোট ৪২টাকৈ পোৱাটো বাধ্যতামূলক। সেইফালৰ পৰা এখন আসনত শাসকীয় পক্ষ আৰু অন্যখন আসনত বিৰোধী প্ৰাৰ্থীজন জয়ী হোৱাতো খাতাং। যিহেতু বিৰোধীৰ ভোটৰ সংখ্যা ৪৪ (কংগ্ৰেছ ২৭ + এআইইউডিএফ ১৫ + চিপিএম ১ + ৰাইজৰ দল ১ ) জন৷ গতিকে, বিৰোধী প্ৰাৰ্থীজন এক স্বাভাৱিক অৱস্থাত জয়ী হোৱাতো এশ শতাংশই নিশ্চিত। বিৰোধীৰ বাবে ৰাজ্যসভাৰ দ্বিতীয়খন আসনত জয়ী হোৱাটো এক সহজ অংক হৈ আছে৷ বিপৰীতে, শাসকীয় বিজেপি-ইউপিপিএল দ্বিতীয়খন আসনত জয়ী হোৱাতো সহজসাধ্য নহয়৷ শাসকীয় বিজেপি-ইউপিপিএল দ্বিতীয়খন আসনত জয়ী হ’বলৈ বিৰোধীৰ শিবিৰত ভোট বিভাজিত হ’ব লাগিব৷ সেয়ে বিৰোধী দলৰ বিধায়কৰ ভোট পাবলৈ তৎপৰ হৈ পৰিছে স্বয়ং মুখ্যমন্ত্ৰী৷ ইতিমধ্যে, কালি মুখ্যমন্ত্ৰীয়ে ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসৰ বাসভৱনত উপস্থিত হৈছিল৷ শশীকান্ত দাসৰ বাসভৱনৰ ওলায়ে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত শশীকান্ত দাসে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান কৰিব বুলি মন্তব্য কৰিছিল৷ পূৰ্বে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূস হাজৰিকায়ো ৰাজ্যসভা নিৰ্বাচনৰ দিনটোত কোনো বিৰোধী বিধায়কৰ গা বেয়া হ’ব পাৰে বা অনুপস্থিত থাকিব পাৰে বুলি মন্তব্য কৰিছিল৷ মুখ্যমন্ত্ৰীৰ তৎপৰতা আৰু পীয়ূস হাজৰিকাৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট হৈছে ৰাজ্যৰ ৰাজনীতিত ৰাজ্যসভা নিৰ্বাচনত ‘হৰ্ছ ট্ৰেডিঙ’ৰ আশংকা বৃদ্ধি পাবলৈ ধৰিছে৷ আজি ৰাজ্যসভা নিৰ্বাচন প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, ৰাজ্যসভা নিৰ্বাচনৰ ভোট বিচাৰি কিয় মুখ্যমন্ত্ৰীয়ে ভীক্ষাৰীৰ দৰে বিধায়কৰ ঘৰে ঘৰে ঘূৰি ফুৰিছে? আমি আজি বিধানসভা অধ্যক্ষক ইয়াৰ অভিযোগ দিবলৈ আহিছোঁ৷ অধ্যক্ষই বিচাৰ নকৰিলে অসম প্ৰদেশ কংগ্ৰেছ সমিতি শীঘ্ৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি মন্তব্য কৰে ভূপেন বৰাই৷ তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱাই কয়, মোৰ নিজৰ কোনো আকাংক্ষা নাই৷ মই ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ কৰি যাম৷ ৰাজ্যসভাৰ সাংসদ ৰাণী নৰহে কয়, অতীতক সুঁৱৰিবলৈ আজি বিচৰা নাই৷ এজনৰ বাহিৰে আজিলৈকে আমাৰ আন বিধায়ক কোনো বিক্ৰী যোৱা নাই৷ জয়ৰ বাবে কংগ্ৰেছৰ হাতত পৰ্যাপ্ত ভোট আছে বুলি মন্তব্য কৰি নৰহে কয়, যদি কোনোবাই চুৰ কৰি বিধায়ক নিয়ে, তেতিয়া গণতন্ত্ৰৰ মৃত্যু হ’ব৷ ইপিনে, চিপিআই(এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়, সংবিধান উলংঘা কৰি গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে৷ বিধানসভাৰ অধ্যক্ষই শাসকপক্ষৰ লগত অৱস্থান কৰিছে, ষড়যন্ত্ৰ কৰিছে৷ প্ৰলোভন, ভাবুকিৰে বিধায়ক কিনা-বেচা বন্ধ কৰিবলৈ আহ্বান জনাই তালুকদাৰে৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, শাসকীয় পক্ষৰ পৰা গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে৷ নিজ দলৰ বিধায়ককে খীৰতী গাই বুলি অভিহত কৰিছে মুখ্যমন্ত্ৰীয়ে৷ বিৰোধী হ’লে কাম নাই বুলি অপপ্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰীয়ে৷ শশীকান্ত দাসৰ ঘৰলৈ মুখ্যমন্ত্ৰী গৈছে৷ মুখ্যমন্ত্ৰীয়ে হিটলাৰৰ দৰে একনায়কত্ববাদ সৃষ্টি কৰিব বিচাৰিছে বুলি দেৱব্ৰত শইকীয়াই অভিযোগ কৰে৷ অধ্যক্ষই হুলস্থূল হোৱাৰ পাছতো আওকান কৰিছে, সংসদীয় বিধি উলংঘা কৰিছে অধ্যক্ষই৷ প্ৰশ্নোত্তৰ শিতান প্ৰয়োজনীয় যদিও বিৰোধীয়ে সদন ত্যাগ কৰিছে৷ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কয়, মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে৷ অধ্যক্ষই বিধায়ক কিনা-বেচাত হাত উজান দিছে৷ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতো অধ্যক্ষই বেলেগক ভোট দিলে বিধায়ক পদ খাৰিজ নহয় বুলি কৈছে৷ বিধায়ক গগৈয়ে লগতে কয়, বিৰোধী আজি একেলগে আছে, আমি জয়ী হ’ম৷ ৰহাৰ বিধায়কৰ ঘৰলৈ মুখ্যমন্ত্ৰী যোৱা প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী ৰকিবুল হুছেইনে কয়, আমাৰ ৰহাৰজন ঘোঁৰা, সেয়ে বিক্ৰী গ’ল৷ এনেদৰেই এতিয়া ৰাজ্যসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ নিৰ্বাচনী প্ৰেক্ষাপট উত্তপ্ত হৈ পৰিছে৷ শাসক-বিৰোধী উভয় পক্ষই ব্যস্ত হৈ পৰিছে নিজ নিজ মনোনীত প্ৰাৰ্থীক জয়ী কৰোৱাৰ ক্ষেত্ৰত৷ এতিয়া সময়ে ক’ব, ৰাজ্যসভাৰ নিৰ্বাচনত শেষ হাঁহি মাৰিব কোনে? PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক