--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশবাসীক পৰিৱৰ্তন আৰু ভাল দিনৰ সপোন দেখুৱাই আঠ বছৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল নৰেন্দ্ৰ মোদী৷ নৰেন্দ্ৰ মোদীক কেন্দ্ৰ কৰি দেশৰ গৰিষ্ঠসংখ্য জনতাৰ আশা-আকাংক্ষাৰ শেষ নাছিল৷ যেন ৰূপান্তৰৰ যাদুদণ্ডৰে প্ৰধানমন্ত্ৰী মোদীয়ে মচি দিব অতকালৰ দুখ-বেদনা অথবা অপ্ৰাপ্তিৰ হুমুনিয়াহ৷ আৰু নতুন দিনৰ স্বপ্নৰে নিজকে নতুনকৈ সজাব মোদীৰ নেতৃত্বত৷ এয়াই আছিল গৰিষ্ঠসংখ্যকৰ চিন্তা আৰু আকাংক্ষাৰ উচ্চতাৰ স্তৰ৷

কাৰ্যকালৰ আঠ বছৰ গৰকা সেইগৰাকী প্ৰধানমন্ত্ৰী মোদীয়েই এদিন নিশা আঠ বজাত অকস্মাতে ঘোষণা কৰিছিল দেশত পাঁচশ আৰু এহেজাৰ টকীয়া নোটৰ প্ৰচলন বন্ধ হোৱাৰ কথা৷ তল-ওপৰ লাগিছিল দেশ৷ বিষয়টো তৰ্কিবই পৰা নাছিল মোদীৰ বিশ্বস্ত মহলেও৷ আৰু মোদীয়ে বিচৰা ধৰণেই নাইকিয়া হৈ পৰিছিল পাঁচশ-এহেজাৰ টকীয়া নোটবোৰ৷ দূৰদৰ্শনযোগে দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ দ্বাৰা সন্ত্ৰাসবাদীৰ পুঁজি নিয়ন্ত্ৰণজাল মুদ্ৰা মুদ্ৰণ'লা ধন আৰু দুৰ্নীতিৰ চাৰিটা উদ্দেশ্য পূৰণ কৰাৰ বাবে ২০১৬ চনৰ ৮ নৱেম্বৰনিশা ৮ বজাত বিমুদ্ৰাকৰণ ঘোষণা কৰিছিল৷ 

 

নিশাটোৰ ভিতৰতে দেশত ৫০০ আৰু ১,০০০ টকাৰ নোট বন্ধ ঘোষণা কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰিছিল যে দেশত যাতে কোনো জাল নোট আৰু কলা ধন নাথাকে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিন্তু সেই সিদ্ধান্তৰ পাঁচবছৰ উকলি গল৷ নকল নোটৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পোৱাৰ তথ্যহে এতিয়া স্পষ্ট হৈ পৰিছে। স্বয়ং ৰিজাৰ্ভ বেংকৰ পৰিসংখ্যাই প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য৷

 

শেহতীয়াকৈ এই তথ্যৰ আঁত ধৰি তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অব্ৰায়েনে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনাৰে থকা সৰকা কৰিছে৷ কালি এটা টুইটযোগে তেওঁ কয়প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নমস্কাৰ। আপোনাৰ বিমুদ্ৰাকৰণৰ কথা মনত আছেনেসেই সময়ত মমতা বেনাৰ্জীয়ে আপোনাৰ বিৰোধিতা কেনেকৈ কৰিছিলআপুনি কিদৰে কৈছিল যে বিমুদ্ৰাকৰণৰ ফলত সকলো ভুৱা নোট বন্ধ হ'এতিয়া ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত কি কোৱা হৈছে চাওঁ আহক। এই তথ্য অনুসৰিনকল নোটৰ পৰিমাণ বৃদ্ধি পাইছে।

 

ডেৰেক অব্ৰায়েনেও টুইটটোৰ সৈতে এটা গ্ৰাফিক্সো সংযোগ কৰি দিয়া পৰিলক্ষিত হয়। তেওঁ দেখুৱাইছিল যে ২০২০-২১ বৰ্ষৰ পৰা ২০২১-২২ বৰ্ষলৈ ৫০০ টকাৰ নোট ১০১.৯ শতাংশ বৃদ্ধি পাইছে আৰু ২০০০ টকাৰ নকল নোট ৫৪.৬ শতাংশ বৃদ্ধি পাইছে৷

 

মন কৰিলগীয়া যে নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তই সমগ্ৰ দেশক ব্যতিব্যস্ত কৰি তুলিছিল আৰু দেশৰ অৰ্থনীতিতো এই সিদ্ধান্তৰ বিৰূপ প্ৰভাৱ পৰাটো স্পষ্ট হৈ পৰিছিল। ৰাহুল গান্ধীয়েও এই পৰিসংখ্য প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰিছে। তেওঁ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি সংলগ্ন কৰি দি ছচিয়েল মিডিয়াত অভিযোগ কৰিছে যেবিমুদ্ৰাকৰণৰ একমাত্ৰ সফলতা হৈছে দেশৰ অৰ্থনীতিক বিধ্বস্ত কৰি তোলা।

 

তেওঁ সংলগ্ন কৰি দিয়া বাতৰিটোত উল্লেখ আছে যেদেশত এতিয়া জাল ৫০০ টকীয়া নোটৰ সংখ্যা ১০০শতাংশ বাঢ়িছে। আনহাতে ২০০০ টকীয়া জাল নোটৰ সংখ্যা বাঢ়িছে ৫৪০ শতাংশ। অৰ্থাৎ প্ৰকাৰান্তৰে বিমুদ্ৰাকৰণৰ ব্যৰ্থতাকে প্ৰতিপন্ন কৰিছে এই পৰিসংখ্যাই। 

 

সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি বিমু্দ্ৰকৰণৰ সময়ত দেশৰ ৭০জনৰো অধিক লোকৰ মৃত্যু হৈছিল৷ অথচতেওঁলোকৰ কি দোষ আছিলবিমুদ্ৰাকৰণৰ বাবে তেওঁলোকৰ মৃত্যু হৈছিল। আনকি পৰিস্থিতি পিছত উন্নত হলেও কোনোদিনে ঘূৰি নহাৰ বাটেৰে তেওঁলোক গুচি গৈছিল৷

 

বিমুদ্ৰাকৰণে দেশবাসীক কি দিলে কি নিদলে সেই উত্তৰ দিবলৈ এতিয়া প্ৰধানমন্ত্ৰী তথা বিজেপি অপাৰগ৷ বিদেশৰ পৰা কলাধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিয়া এইগৰাকী প্ৰধানমন্ত্ৰীৰ কাৰ্যকালতে কোটি কোটি টকাৰ ঋণ লৈ দেশ এৰি পলায়ন কৰিছে পুঁজিপতি ধনকুবেৰে৷ এইগৰাকী প্ৰধানমন্ত্ৰীৰ কাৰ্যকালতে টকাৰ মূল্য চূড়ান্ত পৰ্যায়ত অৱনমিত হৈছে৷ বিমুদ্ৰাকৰণে জোকাৰি যোৱা অৰ্থনীতি আজিও সুস্থিৰ হোৱা নাই বুলি দেশৰ অৰ্থনৈতিক বিশ্লেষকসকলে মন্তব্য কৰি আহিছে৷ আৰু এনেসময়তে পোহৰলৈ আহিল বেংকত জমা হোৱা ৮৭.১%ই হৈছে জালনোট৷



 

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ