--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশবাসীক পৰিৱৰ্তন আৰু ভাল দিনৰ সপোন দেখুৱাই আঠ বছৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল নৰেন্দ্ৰ মোদী৷ নৰেন্দ্ৰ মোদীক কেন্দ্ৰ কৰি দেশৰ গৰিষ্ঠসংখ্য জনতাৰ আশা-আকাংক্ষাৰ শেষ নাছিল৷ যেন ৰূপান্তৰৰ যাদুদণ্ডৰে প্ৰধানমন্ত্ৰী মোদীয়ে মচি দিব অতকালৰ দুখ-বেদনা অথবা অপ্ৰাপ্তিৰ হুমুনিয়াহ৷ আৰু নতুন দিনৰ স্বপ্নৰে নিজকে নতুনকৈ সজাব মোদীৰ নেতৃত্বত৷ এয়াই আছিল গৰিষ্ঠসংখ্যকৰ চিন্তা আৰু আকাংক্ষাৰ উচ্চতাৰ স্তৰ৷

কাৰ্যকালৰ আঠ বছৰ গৰকা সেইগৰাকী প্ৰধানমন্ত্ৰী মোদীয়েই এদিন নিশা আঠ বজাত অকস্মাতে ঘোষণা কৰিছিল দেশত পাঁচশ আৰু এহেজাৰ টকীয়া নোটৰ প্ৰচলন বন্ধ হোৱাৰ কথা৷ তল-ওপৰ লাগিছিল দেশ৷ বিষয়টো তৰ্কিবই পৰা নাছিল মোদীৰ বিশ্বস্ত মহলেও৷ আৰু মোদীয়ে বিচৰা ধৰণেই নাইকিয়া হৈ পৰিছিল পাঁচশ-এহেজাৰ টকীয়া নোটবোৰ৷ দূৰদৰ্শনযোগে দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানৰ দ্বাৰা সন্ত্ৰাসবাদীৰ পুঁজি নিয়ন্ত্ৰণজাল মুদ্ৰা মুদ্ৰণ'লা ধন আৰু দুৰ্নীতিৰ চাৰিটা উদ্দেশ্য পূৰণ কৰাৰ বাবে ২০১৬ চনৰ ৮ নৱেম্বৰনিশা ৮ বজাত বিমুদ্ৰাকৰণ ঘোষণা কৰিছিল৷ 

 

নিশাটোৰ ভিতৰতে দেশত ৫০০ আৰু ১,০০০ টকাৰ নোট বন্ধ ঘোষণা কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰিছিল যে দেশত যাতে কোনো জাল নোট আৰু কলা ধন নাথাকে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিন্তু সেই সিদ্ধান্তৰ পাঁচবছৰ উকলি গল৷ নকল নোটৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পোৱাৰ তথ্যহে এতিয়া স্পষ্ট হৈ পৰিছে। স্বয়ং ৰিজাৰ্ভ বেংকৰ পৰিসংখ্যাই প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ তথ্য৷

 

শেহতীয়াকৈ এই তথ্যৰ আঁত ধৰি তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অব্ৰায়েনে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনাৰে থকা সৰকা কৰিছে৷ কালি এটা টুইটযোগে তেওঁ কয়প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নমস্কাৰ। আপোনাৰ বিমুদ্ৰাকৰণৰ কথা মনত আছেনেসেই সময়ত মমতা বেনাৰ্জীয়ে আপোনাৰ বিৰোধিতা কেনেকৈ কৰিছিলআপুনি কিদৰে কৈছিল যে বিমুদ্ৰাকৰণৰ ফলত সকলো ভুৱা নোট বন্ধ হ'এতিয়া ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত কি কোৱা হৈছে চাওঁ আহক। এই তথ্য অনুসৰিনকল নোটৰ পৰিমাণ বৃদ্ধি পাইছে।

 

ডেৰেক অব্ৰায়েনেও টুইটটোৰ সৈতে এটা গ্ৰাফিক্সো সংযোগ কৰি দিয়া পৰিলক্ষিত হয়। তেওঁ দেখুৱাইছিল যে ২০২০-২১ বৰ্ষৰ পৰা ২০২১-২২ বৰ্ষলৈ ৫০০ টকাৰ নোট ১০১.৯ শতাংশ বৃদ্ধি পাইছে আৰু ২০০০ টকাৰ নকল নোট ৫৪.৬ শতাংশ বৃদ্ধি পাইছে৷

 

মন কৰিলগীয়া যে নৰেন্দ্ৰ মোদীৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্তই সমগ্ৰ দেশক ব্যতিব্যস্ত কৰি তুলিছিল আৰু দেশৰ অৰ্থনীতিতো এই সিদ্ধান্তৰ বিৰূপ প্ৰভাৱ পৰাটো স্পষ্ট হৈ পৰিছিল। ৰাহুল গান্ধীয়েও এই পৰিসংখ্য প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰিছে। তেওঁ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি সংলগ্ন কৰি দি ছচিয়েল মিডিয়াত অভিযোগ কৰিছে যেবিমুদ্ৰাকৰণৰ একমাত্ৰ সফলতা হৈছে দেশৰ অৰ্থনীতিক বিধ্বস্ত কৰি তোলা।

 

তেওঁ সংলগ্ন কৰি দিয়া বাতৰিটোত উল্লেখ আছে যেদেশত এতিয়া জাল ৫০০ টকীয়া নোটৰ সংখ্যা ১০০শতাংশ বাঢ়িছে। আনহাতে ২০০০ টকীয়া জাল নোটৰ সংখ্যা বাঢ়িছে ৫৪০ শতাংশ। অৰ্থাৎ প্ৰকাৰান্তৰে বিমুদ্ৰাকৰণৰ ব্যৰ্থতাকে প্ৰতিপন্ন কৰিছে এই পৰিসংখ্যাই। 

 

সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি বিমু্দ্ৰকৰণৰ সময়ত দেশৰ ৭০জনৰো অধিক লোকৰ মৃত্যু হৈছিল৷ অথচতেওঁলোকৰ কি দোষ আছিলবিমুদ্ৰাকৰণৰ বাবে তেওঁলোকৰ মৃত্যু হৈছিল। আনকি পৰিস্থিতি পিছত উন্নত হলেও কোনোদিনে ঘূৰি নহাৰ বাটেৰে তেওঁলোক গুচি গৈছিল৷

 

বিমুদ্ৰাকৰণে দেশবাসীক কি দিলে কি নিদলে সেই উত্তৰ দিবলৈ এতিয়া প্ৰধানমন্ত্ৰী তথা বিজেপি অপাৰগ৷ বিদেশৰ পৰা কলাধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিয়া এইগৰাকী প্ৰধানমন্ত্ৰীৰ কাৰ্যকালতে কোটি কোটি টকাৰ ঋণ লৈ দেশ এৰি পলায়ন কৰিছে পুঁজিপতি ধনকুবেৰে৷ এইগৰাকী প্ৰধানমন্ত্ৰীৰ কাৰ্যকালতে টকাৰ মূল্য চূড়ান্ত পৰ্যায়ত অৱনমিত হৈছে৷ বিমুদ্ৰাকৰণে জোকাৰি যোৱা অৰ্থনীতি আজিও সুস্থিৰ হোৱা নাই বুলি দেশৰ অৰ্থনৈতিক বিশ্লেষকসকলে মন্তব্য কৰি আহিছে৷ আৰু এনেসময়তে পোহৰলৈ আহিল বেংকত জমা হোৱা ৮৭.১%ই হৈছে জালনোট৷



 

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ