--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাহুল গান্ধীৰ প্ৰত্যাৱৰ্তনৰ লগতে সংসদৰ সোমবাৰৰ দিনটো আন এটা কাৰণৰ বাবেও চৰ্চিত হৈ পৰিল। আজিৰ দিনটোতে ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিলে বহু চৰ্চিত দিল্লী সেৱা বিধেয়ক। কিছুসময় পূৰ্বে ৰাজ্যসভাত গৃহীত হয় বিধেয়কখন৷ 

বিধেয়কখন উত্থাপনৰ পাছতে ৰাজ্যসভাত দীৰ্ঘসময় ধৰি আলোচনা হয়। বিধেয়কখনক লৈ আপ সাংসদ ৰাঘৱ চাড্ডাৰ বক্তব্য উল্লেখনীয় হৈ পৰে। ৰাঘৱ চাড্ডাই আক্ৰমণৰ লক্ষ্য কৰি লয় গৃহমন্ত্ৰী অমিত শ্বাহক। বৰ্তমানৰ বিজেপি চৰকাৰে পূৰ্বৰ বাজপেয়ীৰ বিজেপি চৰকাৰৰ বিপৰীত স্থিতিত উপণীত হৈছে বুলি কয় চাড্ডাই। গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক দিল্লীক পূৰ্ণ ৰাজ্য কৰাৰ পক্ষপাতি নাছিল বুলি মন্তব্য কৰিছিল। কিন্তু বাজপেয়ী চৰকাৰৰ গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানিয়ে দিল্লীক পূৰ্ণ ৰাজ্য প্ৰদানৰ বিধেয়ক সংসদত উত্থাপন কৰিছিল বুলি কয় চাড্ডাই। 

প্ৰত্যুত্তৰত গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰে দিল্লী সেৱা বিধেয়ক উত্থাপন কৰাৰ উদ্দেশ্য দুৰ্নীতিবিহীন শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা। দিল্লীৰ সুৰক্ষাৰ বাবে এই বিধেয়কখন উত্থাপন কৰা হৈছে বুলি কয় শ্বাহে। গুৰুত্বপূৰ্ণ যে ৰাজ্যসভাত শাসকীয় NDAৰ সন্তোষজনক সংখ্যাত সাংসদ নাই। ৰাজ্যসভাত আছে NDAৰ ১১০ গৰাকী সাংসদ। আনহাতে, বিৰোধী মৰ্চা INDIAৰ আছে ৯৯ গৰাকী সাংসদ। দুয়োপক্ষত নথকা সাংসদ আছে ২৯ গৰাকী। 

গতিকে, বিধেয়কখনত ৰাজ্যসভাত শাসকীয় NDA জয়লাভ কৰাটো বৰ সহজসাধ্য নাছিল। কিন্তু শেহতীয়াকৈ বিজেপিয়ে কোনো এটা পক্ষত নথকা YSR কংগ্ৰেছ আৰু BJDৰ সৈতে বুজাবুজি কৰিছে। এই ৰণনীতিৰে এই দুয়োদলৰ মুঠ ১৮গৰাকী সাংসদৰ সমৰ্থন লাভ কৰিব NDAই। গতিকে, ৰাজ্যসভাৰ সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ১২০ NDAই সহজেই অতিক্ৰম কৰিলে বুলি ভবা হৈছে। গতিকে ৰাজ্যসভাৰ এই জয়লাভৰ পাছতে বলবৎ হ’ব দিল্লী সেৱা আইন। 

উল্লেখ যে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিপৰীতে গৈ কেন্দ্ৰৰ মোদী চৰকাৰে সংসদত গৃহীত কৰাব দিল্লী সেৱা আইন। ইয়াৰ জৰিয়তে দিল্লী পূৰ্ণ ৰাজ্য হোৱাত বাধা আহি পৰিব। পূৰ্বতে এটা ৰায়দানৰ জৰিয়তে দিল্লীৰ আমোলাতন্ত্ৰৰ নিয়ন্ত্ৰণৰ অধিকাৰ আপ চৰকাৰক দিছিল। কিন্তু দিল্লী সেৱা আইনৰ জৰিয়তে কেন্দ্ৰৰ মোদী চৰকাৰে পুনৰ দিল্লীৰ আমোলাতন্ত্ৰক নিজৰ হাতলৈ আনিব। এনেদৰেই দিল্লী সেৱা আইনখন পৰিণত হ’ল কেন্দ্ৰ আৰু আপ চৰকাৰৰ মাজৰ ৰাজনৈতিক বিবাদৰ মাধ্যম হিচাপে। সংসদত সংখ্যাগৰিষ্ঠতাৰ শক্তি ব্যৱহাৰ কৰি মোদী চৰকাৰে এই বিবাদত পৰাভূত কৰিলে দিল্লীৰ আপ চৰকাৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ