--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিলাহীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ মাজতে  কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ দিল্লীৰ আজাদপুৰ মাণ্ডি ভ্ৰমণ বিশেষভাবে চৰ্চিত হৈছে৷ মাণ্ডিবজাৰত পৰিস্থিতিৰ বুজ ল'বলৈ ফল আৰু পাচলি বিক্ৰেতাসকলৰ সৈতে বাৰ্তালাপ কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ অফিচিয়েল ইউটিউব চেনেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত গান্ধীয়ে বিক্ৰেতা আৰু শ্ৰমিকসকলৰ সৈতে বৰ্ধিত মুদ্ৰাস্ফীতিৰ বিষয়ে আলোচনা কৰা দেখা গৈছে৷

ৰাহুল গান্ধীক বজাৰত খোজ কাঢ়ি থকা আৰু তেওঁলোকৰ পৰিস্থিতি, উপাৰ্জন, পৰিয়াল আদিৰ বিষয়ে মানুহৰ সৈতে কথা পতা দেখা গৈছিল৷
অঞ্চলটোৰ লোকসকলে তেওঁলোকৰ সমস্যাবোৰ ৰাহুল গান্ধীৰ সৈতে ভাগ বতৰা কৰিছিল, গান্ধীয়ে তেওঁলোকৰ কথা আগ্ৰহেৰে শুনিছিল। এজন ব্যক্তিয়ে কৈছিল যে তেওঁ বিহাৰৰ আৰু ১৯৯৮ চনত দিল্লীলৈ আহিছিল। যেতিয়া ৰাহুল গান্ধীয়ে তেওঁৰ পৰিয়াল আৰু সন্তানৰ বিষয়ে সুধিছিল, ব্যক্তিজনে কৈছিল যে তেওঁলোক তেওঁৰ গাঁৱত বাস কৰে৷ ৰাহুল গান্ধীয়ে আনকি তেওঁৰ পুত্ৰক লগ পাইছিল আৰু তেওঁক সুধিছিল যে তেওঁ ভৱিষ্যতে কি হ'ব বিচাৰে, যাৰ উত্তৰত শিশুটোৱে "আৰক্ষী বিষয়া" হ’বলৈ মন বুলি উত্তৰ দিছিল। 

এখন চকীত বহি হাতত চাহ একাপ চাহ লৈ ৰাহুল গান্ধীয়ে শ্ৰমিক আৰু ব্যৱসায়ীসকলৰ সমস্যাৰ বিষয়ে শুনিছিল। এজন শ্ৰমিকে তেওঁক কৈছিল যে তেওঁ যোৱা ডেৰবছৰত তেওঁৰ পৰিয়ালক এবাৰো দেখা নাই। 

ৰাহুল গান্ধীয়ে সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) সন্দৰ্ভত তেওঁলোকে কি ভাবে সেই বিষয়ে সুধিছিল যাৰ প্ৰতি জনসাধাৰণ সামান্য উত্তেজিত হৈ পৰিছিল আৰু কৈছিল যে বৰ্ধিত মুদ্ৰাস্ফীতিত জিএছটিৰ ভূমিকা আছে কিয়নো তেওঁলোকে এতিয়া সকলো সামগ্ৰীৰ ওপৰত জিএছটি পৰিশোধ কৰিবলগীয়া হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন