--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ মজিয়াত গৃহীত হ’ল মহিলা সংৰক্ষণ বিধেয়ক৷সংসদৰ বিশেষ অধিৱেশনৰ সময়ত বৃহস্পতিবাৰে (২১ ছেপ্টেম্বৰ) ৰাজ্যসভাত সৰ্বসন্মতিক্ৰমে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হয়। ৰাজ্যসভাত উপস্থিত সকলো পক্ষই এই বিধেয়কখনক সমৰ্থন কৰে। বিধেয়কখনৰ সমৰ্থনত ২১৫টা ভোট দিয়া হ’ল আৰু ইয়াৰ বিৰুদ্ধে কোনো ভোট দিয়া নগ’ল। দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত বুধবাৰে লোকসভাত এই বিধেয়কখন গৃহীত হয়।

লোকসভাত এই বিধেয়কখনৰ সপক্ষে ৪৫৪টা আৰু বিৰোধিতা ২টা ভোট  লাভ কৰা হয়৷এই বিধেয়কত লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ৰাজ্যসভাত উত্থাপন কৰিছিল।এই সময়ছোৱাত অৰ্জুন ৰাম মেঘৱালে কয় যে এই বিধেয়কখন মহিলা সবলীকৰণৰ সৈতে জড়িত আৰু ই আইনত পৰিণত হোৱাৰ পাছত ৫৪৩ জনীয়া লোকসভাত বৰ্তমানৰ মহিলা সদস্যৰ সংখ্যা ৮২ৰ পৰা ১৮১লৈ বৃদ্ধি পাব। লগতে বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষিত কৰা হ’ব।ইয়াৰ অধীনত অনুসূচিত জাতি-জনজাতিৰ মহিলাসকলেও সংৰক্ষণ লাভ কৰিব বুলিও তেওঁ কয়। সেয়েহে লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ গুৰুত্বপূৰ্ণ। বিধেয়কখন গৃহীত হোৱাৰ লগে লগে লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ কৰা হ’ব। এয়া এক সাংবিধানিক প্ৰক্ৰিয়া। কোনবোৰ আসন মহিলাৰ হাতলৈ যাব সেইটো নিৰ্ধাৰণ কৰিব সীমা নিৰ্ধাৰণ আয়োগে। বৃহস্পতিবাৰে ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত দীৰ্ঘদিনীয়া আলোচনা চলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল