--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ মজিয়াত গৃহীত হ’ল মহিলা সংৰক্ষণ বিধেয়ক৷সংসদৰ বিশেষ অধিৱেশনৰ সময়ত বৃহস্পতিবাৰে (২১ ছেপ্টেম্বৰ) ৰাজ্যসভাত সৰ্বসন্মতিক্ৰমে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হয়। ৰাজ্যসভাত উপস্থিত সকলো পক্ষই এই বিধেয়কখনক সমৰ্থন কৰে। বিধেয়কখনৰ সমৰ্থনত ২১৫টা ভোট দিয়া হ’ল আৰু ইয়াৰ বিৰুদ্ধে কোনো ভোট দিয়া নগ’ল। দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত বুধবাৰে লোকসভাত এই বিধেয়কখন গৃহীত হয়।

লোকসভাত এই বিধেয়কখনৰ সপক্ষে ৪৫৪টা আৰু বিৰোধিতা ২টা ভোট  লাভ কৰা হয়৷এই বিধেয়কত লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ৰাজ্যসভাত উত্থাপন কৰিছিল।এই সময়ছোৱাত অৰ্জুন ৰাম মেঘৱালে কয় যে এই বিধেয়কখন মহিলা সবলীকৰণৰ সৈতে জড়িত আৰু ই আইনত পৰিণত হোৱাৰ পাছত ৫৪৩ জনীয়া লোকসভাত বৰ্তমানৰ মহিলা সদস্যৰ সংখ্যা ৮২ৰ পৰা ১৮১লৈ বৃদ্ধি পাব। লগতে বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষিত কৰা হ’ব।ইয়াৰ অধীনত অনুসূচিত জাতি-জনজাতিৰ মহিলাসকলেও সংৰক্ষণ লাভ কৰিব বুলিও তেওঁ কয়। সেয়েহে লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ গুৰুত্বপূৰ্ণ। বিধেয়কখন গৃহীত হোৱাৰ লগে লগে লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ কৰা হ’ব। এয়া এক সাংবিধানিক প্ৰক্ৰিয়া। কোনবোৰ আসন মহিলাৰ হাতলৈ যাব সেইটো নিৰ্ধাৰণ কৰিব সীমা নিৰ্ধাৰণ আয়োগে। বৃহস্পতিবাৰে ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত দীৰ্ঘদিনীয়া আলোচনা চলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement