--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্ধ কৰি দিয়া হ’ল উত্তৰ প্ৰদেশৰ আমেঠীস্থিত সঞ্জয় গান্ধী চিকিৎসালয়৷ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পাছত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত চিকিৎসালয়খন বন্ধ কৰি দিয়া হয়। এতিয়া এই সন্দৰ্ভত আৰম্ভ হৈছে ৰাজনৈতিক হুলস্থুল।ৰাজ্যৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে কংগ্ৰেছে চিকিৎসালয়খনক "টাৰ্গেট" কৰি "ৰাজনৈতিক প্ৰতিশোধ" লোৱাৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছে কয় যে চিকিৎসালয়খন বন্ধ কৰা হৈছে কাৰণ ইয়াক এটা ট্ৰাষ্টে পৰিচালনা কৰে যাৰ সভানেত্ৰী ছোনিয়া গান্ধী। হস্পিতালখন  বন্ধ কৰাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক চিকিৎসালয়খনৰ তলা খুলিবলৈ দাবী জনাইছে।ইয়াৰ বাবে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অজয় ​​ৰায়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ এখন পত্ৰ লিখিছে। ইয়াত তেওঁ সঞ্জয় গান্ধী চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ আবেদন জনাইছে। তেওঁ কয় যে চিকিৎসালয়খনৰ পঞ্জীয়ন বাতিল কৰাটো উপযুক্ত নহয়। ৰাজ্য কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পত্ৰখনত আৰু কয় যে সঞ্জয় গান্ধী চিকিৎসালয়ত লাখ লাখ লোকৰ চিকিৎসা কৰা হৈছে। চিকিৎসালয়খনে কম খৰচত স্বাস্থ্য সেৱা আগবঢ়ায়। এই চিকিৎসালয়খন আমেঠী অঞ্চলৰ স্বাস্থ্য সেৱাৰ জীৱনৰেখা। 

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি অনুসৰি ১৪ ছেপ্টেম্বৰৰ পুৱা পেটৰ বিষৰ ভুগি থকা এগৰাকী ২২ বছৰীয়া মহিলাক সঞ্জয় গান্ধী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু, পিত্তস্থলীৰ অস্ত্ৰোপচাৰৰ পূৰ্বে তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছিল, তেতিয়া তেওঁক লক্ষ্ণৌৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। য'ত ১৬ ছেপ্টেম্বৰত মহিলাগৰাকীৰ মৃত্যু হয়। মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ যে সঞ্জয় গান্ধী চিকিৎসালয়ত এনাস্থেচিয়াৰ অতিমাত্ৰা প্ৰয়োগৰ বাবে মহিলাগৰাকীৰ মৃত্যু হয়। এই সন্দৰ্ভত ১৭ ছেপ্টেম্বৰত এফআইআৰ ৰুজু কৰা হৈছিল। মহিলাগৰাকীৰ মৃত্যুৰ লগে লগে চিকিৎসালয়খনৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি চাৰিজন কৰ্মচাৰীৰ বিৰুদ্ধে চিকিৎসাৰ সময়ত গাফিলতিৰ বাবে মৃত্যুৰ গোচৰ আৰক্ষীয়ে ৰুজু কৰে ৷






এই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি আমেঠীৰ জিলা স্বাস্থ্য বিষয়াই তদন্তৰ নিৰ্দেশ দি অতিৰিক্ত মুখ্য চিকিৎসা বিষয়াৰ নেতৃত্বত তিনিজনীয়া তদন্তকাৰী দল গঠন কৰে। ১৮ ছেপ্টেম্বৰত জিলা স্বাস্থ্য বিষয়াসকলে কয় যে চিকিৎসাৰ সময়ত গাফিলতিৰ পপ্ৰমাণ পোৱা গৈছে আৰু সেয়েহে চিকিৎসালয়খনৰ অনুজ্ঞাপত্ৰ স্থগিত ৰখা হৈছে।আদেশৰ পিছদিনা অৰ্থাৎ ১৯ ছেপ্টেম্বৰত ইউ পিৰ উপ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ব্ৰজেশ পাঠকে কয় যে প্ৰাৰম্ভিক তদন্তত পোৱা অভাৱৰ ভিত্তিত ক্লিনিকেল এক্টৰ অধীনত স্পষ্টীকৰণ বিচাৰি চিকিৎসালয় প্ৰশাসনক জাননী জাৰি কৰা হ’ব। লগতে তেওঁ আৰু কয় যে যদিহে গাফিলতিৰ তথ্য প্ৰমাণ পোৱা যায় তেন্তে চিকিৎসালয়খন ছীল কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল