--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্ধ কৰি দিয়া হ’ল উত্তৰ প্ৰদেশৰ আমেঠীস্থিত সঞ্জয় গান্ধী চিকিৎসালয়৷ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পাছত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত চিকিৎসালয়খন বন্ধ কৰি দিয়া হয়। এতিয়া এই সন্দৰ্ভত আৰম্ভ হৈছে ৰাজনৈতিক হুলস্থুল।ৰাজ্যৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে কংগ্ৰেছে চিকিৎসালয়খনক "টাৰ্গেট" কৰি "ৰাজনৈতিক প্ৰতিশোধ" লোৱাৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছে কয় যে চিকিৎসালয়খন বন্ধ কৰা হৈছে কাৰণ ইয়াক এটা ট্ৰাষ্টে পৰিচালনা কৰে যাৰ সভানেত্ৰী ছোনিয়া গান্ধী। হস্পিতালখন  বন্ধ কৰাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক চিকিৎসালয়খনৰ তলা খুলিবলৈ দাবী জনাইছে।ইয়াৰ বাবে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি অজয় ​​ৰায়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ এখন পত্ৰ লিখিছে। ইয়াত তেওঁ সঞ্জয় গান্ধী চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিবলৈ আবেদন জনাইছে। তেওঁ কয় যে চিকিৎসালয়খনৰ পঞ্জীয়ন বাতিল কৰাটো উপযুক্ত নহয়। ৰাজ্য কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পত্ৰখনত আৰু কয় যে সঞ্জয় গান্ধী চিকিৎসালয়ত লাখ লাখ লোকৰ চিকিৎসা কৰা হৈছে। চিকিৎসালয়খনে কম খৰচত স্বাস্থ্য সেৱা আগবঢ়ায়। এই চিকিৎসালয়খন আমেঠী অঞ্চলৰ স্বাস্থ্য সেৱাৰ জীৱনৰেখা। 

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি অনুসৰি ১৪ ছেপ্টেম্বৰৰ পুৱা পেটৰ বিষৰ ভুগি থকা এগৰাকী ২২ বছৰীয়া মহিলাক সঞ্জয় গান্ধী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু, পিত্তস্থলীৰ অস্ত্ৰোপচাৰৰ পূৰ্বে তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছিল, তেতিয়া তেওঁক লক্ষ্ণৌৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। য'ত ১৬ ছেপ্টেম্বৰত মহিলাগৰাকীৰ মৃত্যু হয়। মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ যে সঞ্জয় গান্ধী চিকিৎসালয়ত এনাস্থেচিয়াৰ অতিমাত্ৰা প্ৰয়োগৰ বাবে মহিলাগৰাকীৰ মৃত্যু হয়। এই সন্দৰ্ভত ১৭ ছেপ্টেম্বৰত এফআইআৰ ৰুজু কৰা হৈছিল। মহিলাগৰাকীৰ মৃত্যুৰ লগে লগে চিকিৎসালয়খনৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি চাৰিজন কৰ্মচাৰীৰ বিৰুদ্ধে চিকিৎসাৰ সময়ত গাফিলতিৰ বাবে মৃত্যুৰ গোচৰ আৰক্ষীয়ে ৰুজু কৰে ৷






এই বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি আমেঠীৰ জিলা স্বাস্থ্য বিষয়াই তদন্তৰ নিৰ্দেশ দি অতিৰিক্ত মুখ্য চিকিৎসা বিষয়াৰ নেতৃত্বত তিনিজনীয়া তদন্তকাৰী দল গঠন কৰে। ১৮ ছেপ্টেম্বৰত জিলা স্বাস্থ্য বিষয়াসকলে কয় যে চিকিৎসাৰ সময়ত গাফিলতিৰ পপ্ৰমাণ পোৱা গৈছে আৰু সেয়েহে চিকিৎসালয়খনৰ অনুজ্ঞাপত্ৰ স্থগিত ৰখা হৈছে।আদেশৰ পিছদিনা অৰ্থাৎ ১৯ ছেপ্টেম্বৰত ইউ পিৰ উপ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ব্ৰজেশ পাঠকে কয় যে প্ৰাৰম্ভিক তদন্তত পোৱা অভাৱৰ ভিত্তিত ক্লিনিকেল এক্টৰ অধীনত স্পষ্টীকৰণ বিচাৰি চিকিৎসালয় প্ৰশাসনক জাননী জাৰি কৰা হ’ব। লগতে তেওঁ আৰু কয় যে যদিহে গাফিলতিৰ তথ্য প্ৰমাণ পোৱা যায় তেন্তে চিকিৎসালয়খন ছীল কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা