--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰবাৰ পোহৰলৈ আহিছে দেশৰ নিবনুৱা সমস্যাৰ দুখলগা ছবি৷প্ৰথমে আৰ বি আইৰ প্ৰতিবেদনত প্ৰকাশ পাই যে মানুহৰ সঞ্চয় ৫০ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰত উপনীত হৈছে আৰু মানুহৰ ওপৰত ঋণৰ বোজা বাঢ়িছে।তাৰ পাছত এতিয়া দেশৰ নিবনুৱা সমস্যা সন্দৰ্ভত এক প্ৰতিবেদন ওলাইছে যিখনে সকলোকে সচকিত কৰি তুলিছে। এক প্ৰতিবেদন অনুসৰি দেশৰ ২৫ বছৰৰ তলৰ যুৱ স্নাতকসকলৰ ৪২.৩ শতাংশই নিবনুৱা। ২০২০-২১ চনত নিবনুৱাৰ হাৰ ৭.৫ শতাংশলৈ আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ৬.৬ শতাংশলৈ হ্ৰাস পাইছে। কিন্তু শিক্ষিত যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে।


আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ ষ্টেট অৱ ৱৰ্কিং ইণ্ডিয়া ২০২৩ত এই তথ্য পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি ২৫ৰ পৰা ২৯ বছৰৰ ভিতৰৰ যুৱক-যুৱতীসকলৰ ভিতৰত সৰ্বাধিক ২২.৮ শতাংশ নিবনুৱাৰ হাৰ। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা লাভ কৰা ২৫ বছৰৰ তলৰ যুৱক-যুৱতীসকলৰ নিবনুৱাৰ হাৰ ২১.৪ শতাংশ, যিটো সৰ্বাধিক। ৩৫ বছৰ আৰু তাৰ ওপৰৰ স্নাতকসকলৰ নিবনুৱাৰ হাৰ পাঁচ শতাংশতকৈও কম। আনহাতে ৪০ বছৰ আৰু তাৰ ওপৰৰ স্নাতক লোকৰ নিবনুৱাৰ হাৰ মাত্ৰ ১.৬ শতাংশ।


প্ৰতিবেদন অনুসৰি ২৫ বছৰৰ তলৰ নিৰক্ষৰ যুৱক-যুৱতীসকলৰ নিবনুৱাৰ হাৰ ১৩.৫ শতাংশ বুলি ধৰা পৰিছে। আনহাতে ৪০ বছৰ আৰু তাৰ ওপৰৰ নিৰক্ষৰ গোটটোৰ মাজত নিবনুৱাৰ হাৰ ২.৪ শতাংশ। আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ এই প্ৰতিবেদন চৰকাৰী তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। এন এছ অ’ৰ নিয়োগ-নিবনুৱা সমীক্ষা, শ্ৰমিক কৰ্মশক্তিৰ জৰীপ, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ, উদ্যোগৰ বাৰ্ষিক জৰীপ, জনসংখ্যাৰ লোকপিয়লৰ দৰে চৰকাৰী তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। ইণ্ডিয়া ৱৰ্কিং চাৰ্ভে নামৰ এক বিশেষ জৰীপ কৰ্ণাটক আৰু ৰাজস্থানৰ গ্ৰাম্য অঞ্চলতো কৰা হৈছে।


প্ৰতিবেদনত কোৱা হৈছে যে দেশত নিবনুৱাৰ হাৰ হ্ৰাস পালেও আয়ৰ স্তৰ সুস্থিৰ হৈ আছে। প্ৰতিবেদন অনুসৰি কৰোনা মহামাৰীয়ে আঘাত হানিবৰ আগতেই মহিলাৰ আয় হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। ২০০৪ চনৰ পৰা মহিলাৰ নিয়োগৰ হাৰ হয় হ্ৰাস পাইছিল। ২০১৯ চনৰ পৰা মহিলাৰ কৰ্মসংস্থাপন বৃদ্ধি পাইছে। মহামাৰীৰ সময়ত বৃহৎ সংখ্যক মহিলাই আত্মনিয়োগ গ্ৰহণ কৰিছে। কৰোনা মহামাৰীৰ পূৰ্বে ৫০ শতাংশ মহিলা স্বনিয়োজিত আছিল আৰু মহামাৰীৰ পাছৰে পৰা এই সংখ্যা ৬০ শতাংশলৈ বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল