--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰবাৰ পোহৰলৈ আহিছে দেশৰ নিবনুৱা সমস্যাৰ দুখলগা ছবি৷প্ৰথমে আৰ বি আইৰ প্ৰতিবেদনত প্ৰকাশ পাই যে মানুহৰ সঞ্চয় ৫০ বছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰত উপনীত হৈছে আৰু মানুহৰ ওপৰত ঋণৰ বোজা বাঢ়িছে।তাৰ পাছত এতিয়া দেশৰ নিবনুৱা সমস্যা সন্দৰ্ভত এক প্ৰতিবেদন ওলাইছে যিখনে সকলোকে সচকিত কৰি তুলিছে। এক প্ৰতিবেদন অনুসৰি দেশৰ ২৫ বছৰৰ তলৰ যুৱ স্নাতকসকলৰ ৪২.৩ শতাংশই নিবনুৱা। ২০২০-২১ চনত নিবনুৱাৰ হাৰ ৭.৫ শতাংশলৈ আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত ৬.৬ শতাংশলৈ হ্ৰাস পাইছে। কিন্তু শিক্ষিত যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে।


আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ ষ্টেট অৱ ৱৰ্কিং ইণ্ডিয়া ২০২৩ত এই তথ্য পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি ২৫ৰ পৰা ২৯ বছৰৰ ভিতৰৰ যুৱক-যুৱতীসকলৰ ভিতৰত সৰ্বাধিক ২২.৮ শতাংশ নিবনুৱাৰ হাৰ। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা লাভ কৰা ২৫ বছৰৰ তলৰ যুৱক-যুৱতীসকলৰ নিবনুৱাৰ হাৰ ২১.৪ শতাংশ, যিটো সৰ্বাধিক। ৩৫ বছৰ আৰু তাৰ ওপৰৰ স্নাতকসকলৰ নিবনুৱাৰ হাৰ পাঁচ শতাংশতকৈও কম। আনহাতে ৪০ বছৰ আৰু তাৰ ওপৰৰ স্নাতক লোকৰ নিবনুৱাৰ হাৰ মাত্ৰ ১.৬ শতাংশ।


প্ৰতিবেদন অনুসৰি ২৫ বছৰৰ তলৰ নিৰক্ষৰ যুৱক-যুৱতীসকলৰ নিবনুৱাৰ হাৰ ১৩.৫ শতাংশ বুলি ধৰা পৰিছে। আনহাতে ৪০ বছৰ আৰু তাৰ ওপৰৰ নিৰক্ষৰ গোটটোৰ মাজত নিবনুৱাৰ হাৰ ২.৪ শতাংশ। আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ এই প্ৰতিবেদন চৰকাৰী তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। এন এছ অ’ৰ নিয়োগ-নিবনুৱা সমীক্ষা, শ্ৰমিক কৰ্মশক্তিৰ জৰীপ, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ, উদ্যোগৰ বাৰ্ষিক জৰীপ, জনসংখ্যাৰ লোকপিয়লৰ দৰে চৰকাৰী তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। ইণ্ডিয়া ৱৰ্কিং চাৰ্ভে নামৰ এক বিশেষ জৰীপ কৰ্ণাটক আৰু ৰাজস্থানৰ গ্ৰাম্য অঞ্চলতো কৰা হৈছে।


প্ৰতিবেদনত কোৱা হৈছে যে দেশত নিবনুৱাৰ হাৰ হ্ৰাস পালেও আয়ৰ স্তৰ সুস্থিৰ হৈ আছে। প্ৰতিবেদন অনুসৰি কৰোনা মহামাৰীয়ে আঘাত হানিবৰ আগতেই মহিলাৰ আয় হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। ২০০৪ চনৰ পৰা মহিলাৰ নিয়োগৰ হাৰ হয় হ্ৰাস পাইছিল। ২০১৯ চনৰ পৰা মহিলাৰ কৰ্মসংস্থাপন বৃদ্ধি পাইছে। মহামাৰীৰ সময়ত বৃহৎ সংখ্যক মহিলাই আত্মনিয়োগ গ্ৰহণ কৰিছে। কৰোনা মহামাৰীৰ পূৰ্বে ৫০ শতাংশ মহিলা স্বনিয়োজিত আছিল আৰু মহামাৰীৰ পাছৰে পৰা এই সংখ্যা ৬০ শতাংশলৈ বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ