ৰাজ্যত বেদখলৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিৰতাৰ অংশ হিসেবে এইবাৰ ৪ হাজাৰ হেক্টৰ ভূমি উদ্ধাৰৰ এক বৃহৎ পৰিকল্পনা হাতত লোৱা হৈছে। প্ৰশাসনীয় সূত্ৰে প্ৰকাশ পোৱা তথ্য অনুসৰি, ৰাজ্যৰ বিভিন্ন স্থানত বেদখলকাৰীৰ কৱলত পৰি থকা চৰকাৰী তথা সংৰক্ষিত ভূমিিসমূহ খালী কৰাৰ বাবে প্ৰস্তুতি চলো হৈছে।
শেহতীয়াভাৱে ৰাজ্যিক প্ৰশাসনে সাৰ্বজনিক ভূমি সম্পদসমূহ বেদখলমুক্ত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই উচ্ছেদ অভিযান সফলভাৱে ৰূপায়ণ কৰাৰ বাবে প্ৰয়োজনীয় প্ৰশাসনিক আৰু লজিষ্টিক প্ৰস্তুতিসমূহ চূড়ান্ত পৰ্যায়ত চলি আছে।
অহা দিনসমূহত জিলা প্ৰশাসনসমূহে নিজৰ পৰিসৰত এই কাৰ্যসূচী কাৰ্যকৰী কৰাৰ বাবে কামকাজ আগবঢ়াব। উচ্ছেদ অভিযানৰ নিৰ্দিষ্ট স্থান আৰু সময়সূচী সম্পৰ্কে অনাগত সময়ত প্ৰশাসনে আনুষ্ঠানিকভাৱে তথ্য সদৰী কৰিব বুলি জানিব পৰা গৈছে।