--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • ডিব্ৰুগড়ৰ অইল ইণ্ডিয়াৰ প্ৰতিষ্ঠানত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণৰ ঘটনাটোত চিকিৎসাধীন অৱস্থাত আন এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ পিছতে মৃতকৰ সংখ্যা ছজনলৈ বৃদ্ধি পাইছে।

অসমৰ ডিব্ৰুগড় জিলাস্থিত অইল ইণ্ডিয়া লিমিটেডৰ (অইল) এটা প্ৰতিষ্ঠানত সংঘটিত বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত মঙলবাৰে বিষয়া সকলে এই কথা প্ৰকাশ কৰে যে চিকিৎসাধীন অৱস্থাত আন এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগে লগে এই দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱাসকলৰ সংখ্যা ছজনলৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ প্ৰাণ হেৰুওৱা ব্যক্তিজন ৫৯ বছৰীয়া গোলাপ দত্ত বুলি চিনাক্ত কৰা হৈছে। তেওঁ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল।

ইয়াৰ পূৰ্বে মঙলবাৰে পুৱা টেন্সাখাটৰ বৰবিল ডিঘলীয়া নিবাসী ৩৯ বছৰীয়া কুমুদ গগৈ নামৰ আন এজন শ্ৰমিকে ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লোৱাৰ পিছতে মৃতকৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছিল। তেওঁ কোম্পানীকৰ্তৃপক্ষৰ অধীনত অৰ্ধ-দক্ষ সহায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত মুঠ নজন শ্ৰমিক উপস্থিত আছিল। ইয়াৰে সাতজন শ্ৰমিক আঘাতপ্ৰাপ্ত হৈছিল আৰু তাৰে পাঁচজনৰ পিছত মৃত্যু ঘটে। কুমুদ গগৈ আৰু গোলাপ দত্তৰোপৰি নিহত আন শ্ৰমিকসকল হৈছে ৰাজু দত্ত, ৰূপম গোহাঁই, তপন জ্যোতি গগৈ আৰু শৈলেন গগৈ।

ইফালে, বিস্ফোৰণটোত গুৰুত্বজনকভাৱে অগ্নিদগ্ধ হোৱা ইন্দ্ৰ গগৈ নামৰ আন এজন শ্ৰমিকক উন্নত চিকিৎসাৰ বাবে সোমবাৰে দিল্লীলৈ এয়াৰলিফ্ট কৰা হয়। উল্লেখ্য যে প্ৰাণ হেৰুওৱা আৰু আঘাতপ্ৰাপ্ত আটাইকেইজন শ্ৰমিক মুম্বাইস্থিত স্পেকট্ৰন ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আছিল, যিটো সংস্থাক অইল ইণ্ডিয়াই মেৰামতিৰ কামৰ দায়িত্ব প্ৰদান কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুজফ্ফৰনগৰত শোকাৱহ ঘটনা! ভয়ংকৰ পথ দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ দুই সহোদৰসহ ছয় যুৱকৰ কৰুণ মৃত্যু
কি কথাত শাহু ইন্দিৰা গান্ধীৰ ওপৰত অসন্তুষ্ট হৈছিল ছোনীয়া গান্ধী? কিয় ক্ষমা খুজিছিল ইন্দিৰা গান্ধীয়ে?
নিজ দেশলৈ ঘূৰি যোৱাৰ মন; বাংলাদেশৰ পৰা নতুন পাছপ’র্ট বিচাৰিলে প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাই
বগীনদীত চলিব উচ্ছেদ অভিযান; ১৩২টা পৰিয়াললৈ জাননী
পৰিভ্ৰমী চৰাইৰ সুৰক্ষাৰ বাবে তামিলনাডুৰ ১২খন গাঁৱে পালন কৰে ফটকাবিহীন দীপাৱলী
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট; ভাৰতীয় দলত অসম কন্যা জিণ্টিমণি কলিতা
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
কলিয়াবৰত বান্দৰৰ আক্ৰমণত ছাত্ৰ-ছাত্ৰী আহত
নিশা সূৰ্যৰ পোহৰ বিলাব মার্কিন ষ্টার্ট আপে!
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব