--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকোভিডৰ সময়ত দেশৰ বিমান পৰিবহন খণ্ডই ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। ফলত কেইবাটাও সৰু সৰু বিমান পৰিবহন সংস্থাই দেশত বিমানৰ চলাচল হয় বন্ধ অথবা সীমিত কৰিবলৈ বাধ্য হৈছিল। একেদৰে বিত্তীয় খেলিমেলিৰ বাবে কিংফিছাৰৰ দৰে এয়াৰলাইনছ বন্ধ হৈ পৰিছিল। এনে সময়তে আশাৰ বতৰা বহন কৰি দেশত এটা নতুন বিমান পৰিবহন সংস্থাই বিমান চলাচলৰ অনুমতি লাভ কৰিছে। এই কোম্পানীটো হ’ব সম্পূৰ্ণ দেশীয় কোম্পানী। 

শেহতীয়াকৈ ৰাকেশ জুনজুনৱালাৰ উদ্যোগত ঠন ধৰি উঠা  আকাছা এয়াৰে এয়াৰ অপাৰেটৰ প্ৰমাণপত্ৰ (এঅচি) লাভ কৰিছে। বহু দিনৰে পৰা বিমান পৰিবহন কোম্পানীটোৱে ভাৰতত বিমান চলোৱাৰ বাবে আবেদন জনাই আহিছিল। 

শেহতীয়াকৈ ভাৰতৰ অসামৰিক বিমান পৰিবহন দপ্তৰৰ পৰা অনুমতি পোৱাৰ পিছতে কোম্পানীটোৰ বিমানৰ উৰণ আৰম্ভ হ’ব। জানিব পৰা মতে  এই মাহৰ ভিতৰতে কোম্পানীটোৱে বিমান চালনা আৰম্ভ কৰিবলৈ সাজু হৈছে। নতুন বিমান সংস্থাটোৱে কেইদিনমান আগতে ইয়াৰ প্ৰথম খন বোয়িং বিমান লাভ কৰিছিল আৰু সেই সময়ত ঘোষণা কৰিছিল যে দেশত সোনকালেই কোম্পানীটোৱে বিমান চলাচল আৰম্ভ কৰিব। 

এতিয়া, যিহেতু নতুন এয়াৰলাইনটোৱে ইয়াৰ অপাৰেটৰ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰিছে, গতিকে শীঘ্ৰে  বিমান চলাবলৈ  সাজু হৈছে। অনুমতি লাভ কৰাৰ বিষয়টো আকাছা এয়াৰৰ অফিচিয়েল টুইটাৰ হেণ্ডেলতো শ্বেয়াৰ কৰা হৈছে। টুইটটোত এয়াৰলাইনছটোৱে কয়, "আমি এয়াৰ অপাৰেটৰ চাৰ্টিফিকেট (এঅচি) লাভ কৰাৰ খবৰে  আমাক আনন্দিত কৰিছে। এইটো এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি, যাৰ ফলত আমি বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ কৰিব পাৰিম।" 


বিমান সংস্থাটোৱে শেহতীয়াকৈ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰথমবাৰৰ বাবে ৭২ খন বোয়িং ৭৩৭ মেক্স বিমানক সাজু কৰি তুলিছে। আকাছা এয়াৰে ৭২ খন বোয়িং ৭৩৭ মেক্স ৮ বিমানৰ ফৰমাইছ দিছিল, প্ৰথম ১৮ খন মাৰ্চ ২০২৩ ত আহিব আৰু বাকী ৫৪ খন পৰৱৰ্তী চাৰি বছৰত আহি পোৱাৰ কথা ।

 এয়াৰলাইনটোৱে কেইদিনমান আগতে ইয়াৰ ইউনিফৰ্ম উন্মোচন কৰিছিল। এই ইউনিফৰ্মত  ফুটি উঠিছে ভাৰতীয়ত্বৰ আভাস।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে