--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকোভিডৰ সময়ত দেশৰ বিমান পৰিবহন খণ্ডই ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। ফলত কেইবাটাও সৰু সৰু বিমান পৰিবহন সংস্থাই দেশত বিমানৰ চলাচল হয় বন্ধ অথবা সীমিত কৰিবলৈ বাধ্য হৈছিল। একেদৰে বিত্তীয় খেলিমেলিৰ বাবে কিংফিছাৰৰ দৰে এয়াৰলাইনছ বন্ধ হৈ পৰিছিল। এনে সময়তে আশাৰ বতৰা বহন কৰি দেশত এটা নতুন বিমান পৰিবহন সংস্থাই বিমান চলাচলৰ অনুমতি লাভ কৰিছে। এই কোম্পানীটো হ’ব সম্পূৰ্ণ দেশীয় কোম্পানী। 

শেহতীয়াকৈ ৰাকেশ জুনজুনৱালাৰ উদ্যোগত ঠন ধৰি উঠা  আকাছা এয়াৰে এয়াৰ অপাৰেটৰ প্ৰমাণপত্ৰ (এঅচি) লাভ কৰিছে। বহু দিনৰে পৰা বিমান পৰিবহন কোম্পানীটোৱে ভাৰতত বিমান চলোৱাৰ বাবে আবেদন জনাই আহিছিল। 

শেহতীয়াকৈ ভাৰতৰ অসামৰিক বিমান পৰিবহন দপ্তৰৰ পৰা অনুমতি পোৱাৰ পিছতে কোম্পানীটোৰ বিমানৰ উৰণ আৰম্ভ হ’ব। জানিব পৰা মতে  এই মাহৰ ভিতৰতে কোম্পানীটোৱে বিমান চালনা আৰম্ভ কৰিবলৈ সাজু হৈছে। নতুন বিমান সংস্থাটোৱে কেইদিনমান আগতে ইয়াৰ প্ৰথম খন বোয়িং বিমান লাভ কৰিছিল আৰু সেই সময়ত ঘোষণা কৰিছিল যে দেশত সোনকালেই কোম্পানীটোৱে বিমান চলাচল আৰম্ভ কৰিব। 

এতিয়া, যিহেতু নতুন এয়াৰলাইনটোৱে ইয়াৰ অপাৰেটৰ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰিছে, গতিকে শীঘ্ৰে  বিমান চলাবলৈ  সাজু হৈছে। অনুমতি লাভ কৰাৰ বিষয়টো আকাছা এয়াৰৰ অফিচিয়েল টুইটাৰ হেণ্ডেলতো শ্বেয়াৰ কৰা হৈছে। টুইটটোত এয়াৰলাইনছটোৱে কয়, "আমি এয়াৰ অপাৰেটৰ চাৰ্টিফিকেট (এঅচি) লাভ কৰাৰ খবৰে  আমাক আনন্দিত কৰিছে। এইটো এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি, যাৰ ফলত আমি বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ কৰিব পাৰিম।" 


বিমান সংস্থাটোৱে শেহতীয়াকৈ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰথমবাৰৰ বাবে ৭২ খন বোয়িং ৭৩৭ মেক্স বিমানক সাজু কৰি তুলিছে। আকাছা এয়াৰে ৭২ খন বোয়িং ৭৩৭ মেক্স ৮ বিমানৰ ফৰমাইছ দিছিল, প্ৰথম ১৮ খন মাৰ্চ ২০২৩ ত আহিব আৰু বাকী ৫৪ খন পৰৱৰ্তী চাৰি বছৰত আহি পোৱাৰ কথা ।

 এয়াৰলাইনটোৱে কেইদিনমান আগতে ইয়াৰ ইউনিফৰ্ম উন্মোচন কৰিছিল। এই ইউনিফৰ্মত  ফুটি উঠিছে ভাৰতীয়ত্বৰ আভাস।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ