--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এআইইউডিএফৰ সাংসদ বদৰুদ্দিন আজমলৰ শেহতীয়া স্থিতি আৰু মন্তব্যক লৈ ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ৷ ঈদৰ সময়ত গৰু কোৰবানি দিয়াৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকক বিৰত থাকিবলৈ আহ্বান জনোৱাৰ পাছৰে পৰা আজমলৰ মন্তব্যই সৃষ্টি কৰিছে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ৷ তাৰ মাজতে আজি দিছপুৰত অনুষ্ঠিত হয় এআইইউডিএফ আৰু কংগ্ৰেছ বিধায়কৰ গোপন বৈঠক৷ এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বিধায়ক আৱাসত বৈঠক কংগ্ৰেছ বিধায়ক আব্দুৰ ৰশ্বিদ মণ্ডলৰ৷

এআইইউডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামো উপস্থিত থাকে বৈঠকত৷ বৈঠকৰ পিছত আজমলৰ মন্তব্যক সমৰ্থন কংগ্ৰেছ বিধায়কগৰাকীৰ৷ কোৰবানি সন্দৰ্ভত আজমলে কৰা মন্তব্যক সমৰ্থন জনাই ৰশ্বিদ মণ্ডলে৷ মণ্ডলৰ মতে, গৰু কোৰবানি ইছলামত প্ৰয়োজনীয় নহয়৷ হিন্দু বসতিপূৰ্ণ অঞ্চলত বিকল্প ব্যৱস্থা কৰা দৰকাৰ বুলি তেওঁ মন্তব্য কৰে৷ 

আনহাতে, হাফিজ ৰফিকুলৰ বিধায়ক আবাস খালী কৰাৰ প্ৰয়োজন নথকা সত্ত্বও এই বৈঠকত উপস্থিত হোৱাক লৈ ঘনীভূত হৈছে ৰাজনৈতিক ৰহস্যৰ৷ উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ বহু সংখ্যালঘু বিধায়ক এআইইউডিএফলৈ আহিব বুলি দাবী কৰি আহিছিল এআইইউডিএফে৷

আজিৰ এই বৈঠকৰ পাছত অসমৰ সামাজিক প্ৰেক্ষাপটত উত্থাপিত হৈছে কেতবোৰ প্ৰাসংগিক প্ৰশ্ন৷ শাসকীয় পক্ষৰ সুবিধা হোৱাকৈ কংগ্ৰেছ-এআইইউডিএফে ৰাজনীতি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ আৰু প্ৰতিবাৰেই কেন্দ্ৰবিন্দু হৈ পৰে ইউডিএফৰ কৰিমউদ্দিন বৰভূঞা৷ পূৰ্বেও ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত অখিল গগৈয়ে বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ অভিযোগ তুলি পানী ঘোলা কৰিছিল কৰিমউদ্দিন বৰভূঞাই৷ পাছত কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰাই নিজেই স্বীকাৰ কৰিছিল এআইইউডিএফৰ বিধায়কে তেওঁক ভোট নিদিয়াৰ কথা৷ অখিল গগৈয়েও তৰিছিল মানহানিৰ গোচৰ৷ তাৰ পৰাই স্পষ্ট হৈছিল যেন বিজেপিৰে গোপন সম্পৰ্ক ৰক্ষা কৰি চলিছে এআইইউডিএফে৷

এইবেলিও ৰাজ্য চৰকাৰে অসমৰ পাঁচ মুছলমান সম্প্ৰদায়ক খিলঞ্জীয়াৰ স্বীকৃতি দিয়াৰ সময়তে ৰাজ্যৰ ৰাজনীতিত আৱিৰ্ভাৱ ঘটিছে বদৰুদ্দিন আজমলৰ৷ আৰু কেতবোৰ বিতৰ্কিত মন্তব্যৰে মৌলিক বিষয়ৰ জনসাধাৰণৰ দৃষ্টি আঁতৰাবলৈ আজমলে প্ৰয়াস কৰা বুলি সামাজিক মাধ্যমত চৰ্চিত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা