--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এআইইউডিএফৰ সাংসদ বদৰুদ্দিন আজমলৰ শেহতীয়া স্থিতি আৰু মন্তব্যক লৈ ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ৷ ঈদৰ সময়ত গৰু কোৰবানি দিয়াৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকক বিৰত থাকিবলৈ আহ্বান জনোৱাৰ পাছৰে পৰা আজমলৰ মন্তব্যই সৃষ্টি কৰিছে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ৷ তাৰ মাজতে আজি দিছপুৰত অনুষ্ঠিত হয় এআইইউডিএফ আৰু কংগ্ৰেছ বিধায়কৰ গোপন বৈঠক৷ এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বিধায়ক আৱাসত বৈঠক কংগ্ৰেছ বিধায়ক আব্দুৰ ৰশ্বিদ মণ্ডলৰ৷

এআইইউডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামো উপস্থিত থাকে বৈঠকত৷ বৈঠকৰ পিছত আজমলৰ মন্তব্যক সমৰ্থন কংগ্ৰেছ বিধায়কগৰাকীৰ৷ কোৰবানি সন্দৰ্ভত আজমলে কৰা মন্তব্যক সমৰ্থন জনাই ৰশ্বিদ মণ্ডলে৷ মণ্ডলৰ মতে, গৰু কোৰবানি ইছলামত প্ৰয়োজনীয় নহয়৷ হিন্দু বসতিপূৰ্ণ অঞ্চলত বিকল্প ব্যৱস্থা কৰা দৰকাৰ বুলি তেওঁ মন্তব্য কৰে৷ 

আনহাতে, হাফিজ ৰফিকুলৰ বিধায়ক আবাস খালী কৰাৰ প্ৰয়োজন নথকা সত্ত্বও এই বৈঠকত উপস্থিত হোৱাক লৈ ঘনীভূত হৈছে ৰাজনৈতিক ৰহস্যৰ৷ উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ বহু সংখ্যালঘু বিধায়ক এআইইউডিএফলৈ আহিব বুলি দাবী কৰি আহিছিল এআইইউডিএফে৷

আজিৰ এই বৈঠকৰ পাছত অসমৰ সামাজিক প্ৰেক্ষাপটত উত্থাপিত হৈছে কেতবোৰ প্ৰাসংগিক প্ৰশ্ন৷ শাসকীয় পক্ষৰ সুবিধা হোৱাকৈ কংগ্ৰেছ-এআইইউডিএফে ৰাজনীতি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ আৰু প্ৰতিবাৰেই কেন্দ্ৰবিন্দু হৈ পৰে ইউডিএফৰ কৰিমউদ্দিন বৰভূঞা৷ পূৰ্বেও ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত অখিল গগৈয়ে বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ অভিযোগ তুলি পানী ঘোলা কৰিছিল কৰিমউদ্দিন বৰভূঞাই৷ পাছত কংগ্ৰেছ প্ৰাৰ্থী ৰিপুণ বৰাই নিজেই স্বীকাৰ কৰিছিল এআইইউডিএফৰ বিধায়কে তেওঁক ভোট নিদিয়াৰ কথা৷ অখিল গগৈয়েও তৰিছিল মানহানিৰ গোচৰ৷ তাৰ পৰাই স্পষ্ট হৈছিল যেন বিজেপিৰে গোপন সম্পৰ্ক ৰক্ষা কৰি চলিছে এআইইউডিএফে৷

এইবেলিও ৰাজ্য চৰকাৰে অসমৰ পাঁচ মুছলমান সম্প্ৰদায়ক খিলঞ্জীয়াৰ স্বীকৃতি দিয়াৰ সময়তে ৰাজ্যৰ ৰাজনীতিত আৱিৰ্ভাৱ ঘটিছে বদৰুদ্দিন আজমলৰ৷ আৰু কেতবোৰ বিতৰ্কিত মন্তব্যৰে মৌলিক বিষয়ৰ জনসাধাৰণৰ দৃষ্টি আঁতৰাবলৈ আজমলে প্ৰয়াস কৰা বুলি সামাজিক মাধ্যমত চৰ্চিত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ