--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু আহে সংগোপনে। বিমানৰ পৰা জাঁপ দিয়াৰ সময়ত প্ৰশিক্ষণৰত ভাৰতীয় সেনাৰ কমাণ্ডােৱে সাবটিলে কৰুণ মৃত্যু। শনিবাৰে লেহ লাডাখত সামৰিক অনুশীলনৰ সময়ত আকাশ মাৰ্গত পেৰাচ্যুট খোল নোখোৱাৰ বাবেই সুৰজপাল পচৌৰী নামৰ সেনাৰ কমাণ্ডােজনে মৃত্যুক সাবটে। ৰামচৰণ পচৌৰী উত্তৰ প্ৰদেশৰ হাথৰাছৰ বাসিন্দা। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে পৰিয়ালৰ লোকৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। সামৰিক সন্মানেৰে দাহ কৰা হৈছে তেওঁৰ মৃতদেহ। ইয়াৰ পূৰ্বে সদাবাদৰ বৰমাইৰ আন এজন পেৰা কমাণ্ডোৰো আকাশ মাৰ্গত পেৰাচ্যুট খোল নোখোৱাৰ বাবেই মৃত্যু ঘটিছিল।

ৰামচৰণ পাচৌৰী আছিল ইউ পি আৰক্ষীৰ উপ-পৰিদৰ্শক। তেওঁৰ সৰু পুত্ৰ সুৰজপাল পচৌৰী পাৰা কমাণ্ডোত কনিষ্টবল আছিল। ২০০৯ চনত তেওঁক ভৰ্তি কৰা হৈছিল। জম্মু-কাশ্মীৰকে ধৰি বহু ঠাইত বসবাস কৰি অহা সুৰজপালক শেহতীয়াকৈ আগ্ৰাত পোষ্টিং দিয়া হৈছিল। কেইদিনমান আগতে তেওঁ সামৰিক অনুশীলনৰ বাবে লেহ-লাডাখলৈ গৈছিল। তাতে যেন তেওঁৰ বাবে মৃত্যু ৰৈ আছিল। প্ৰশিক্ষণৰ সময়তে তেওঁ অন্য জােৱানৰ সৈতে বিমানৰ পৰা জাঁপ দিয়ে যদিও দুৰ্ভাগ্যক্ৰমে তেওঁৰ পেৰাচ্যুট কাৰিকৰী বিজুতিৰ বাবে খোল নোখোৱাত প্ৰাণ হেৰুৱাবলগীয়া হয় জােৱানজনে। সুৰজপাল পচৌৰীয়ে ইহ সংসাৰত মাতৃ ভগৱতী দেৱী, পত্নী জ্যোতি শৰ্মাকে ধৰি পাঁচ বছৰীয়া কন্যা তনয়া, তিনিবছৰীয়া কন্যা কাব্য আৰু ডেৰ বছৰীয়া পুত্ৰ শৌৰ্যক এৰি থৈ গৈছে। ২০১৪ চনত মথুৰাৰ জ্যোতি শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সুৰজপাল পচৌৰী।

আত্মীয়ই জনোৱা মতে, সূৰজপাল পেৰা কমাণ্ডো হিচাপে অতি পাকৈত আছিল। দুবছৰ পূৰ্বে সৰ্বোচ্চ উচ্চতাৰ পৰা জপিয়াই তেওঁ এই অভিলেখ গঢ়িছিল। সামৰিক মৰ্যাদাৰে জন্মভূমিত সুৰজপাল পচৌৰী শেষকৃত্য সম্পন্ন কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু