--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু আহে সংগোপনে। বিমানৰ পৰা জাঁপ দিয়াৰ সময়ত প্ৰশিক্ষণৰত ভাৰতীয় সেনাৰ কমাণ্ডােৱে সাবটিলে কৰুণ মৃত্যু। শনিবাৰে লেহ লাডাখত সামৰিক অনুশীলনৰ সময়ত আকাশ মাৰ্গত পেৰাচ্যুট খোল নোখোৱাৰ বাবেই সুৰজপাল পচৌৰী নামৰ সেনাৰ কমাণ্ডােজনে মৃত্যুক সাবটে। ৰামচৰণ পচৌৰী উত্তৰ প্ৰদেশৰ হাথৰাছৰ বাসিন্দা। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে পৰিয়ালৰ লোকৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। সামৰিক সন্মানেৰে দাহ কৰা হৈছে তেওঁৰ মৃতদেহ। ইয়াৰ পূৰ্বে সদাবাদৰ বৰমাইৰ আন এজন পেৰা কমাণ্ডোৰো আকাশ মাৰ্গত পেৰাচ্যুট খোল নোখোৱাৰ বাবেই মৃত্যু ঘটিছিল।

ৰামচৰণ পাচৌৰী আছিল ইউ পি আৰক্ষীৰ উপ-পৰিদৰ্শক। তেওঁৰ সৰু পুত্ৰ সুৰজপাল পচৌৰী পাৰা কমাণ্ডোত কনিষ্টবল আছিল। ২০০৯ চনত তেওঁক ভৰ্তি কৰা হৈছিল। জম্মু-কাশ্মীৰকে ধৰি বহু ঠাইত বসবাস কৰি অহা সুৰজপালক শেহতীয়াকৈ আগ্ৰাত পোষ্টিং দিয়া হৈছিল। কেইদিনমান আগতে তেওঁ সামৰিক অনুশীলনৰ বাবে লেহ-লাডাখলৈ গৈছিল। তাতে যেন তেওঁৰ বাবে মৃত্যু ৰৈ আছিল। প্ৰশিক্ষণৰ সময়তে তেওঁ অন্য জােৱানৰ সৈতে বিমানৰ পৰা জাঁপ দিয়ে যদিও দুৰ্ভাগ্যক্ৰমে তেওঁৰ পেৰাচ্যুট কাৰিকৰী বিজুতিৰ বাবে খোল নোখোৱাত প্ৰাণ হেৰুৱাবলগীয়া হয় জােৱানজনে। সুৰজপাল পচৌৰীয়ে ইহ সংসাৰত মাতৃ ভগৱতী দেৱী, পত্নী জ্যোতি শৰ্মাকে ধৰি পাঁচ বছৰীয়া কন্যা তনয়া, তিনিবছৰীয়া কন্যা কাব্য আৰু ডেৰ বছৰীয়া পুত্ৰ শৌৰ্যক এৰি থৈ গৈছে। ২০১৪ চনত মথুৰাৰ জ্যোতি শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সুৰজপাল পচৌৰী।

আত্মীয়ই জনোৱা মতে, সূৰজপাল পেৰা কমাণ্ডো হিচাপে অতি পাকৈত আছিল। দুবছৰ পূৰ্বে সৰ্বোচ্চ উচ্চতাৰ পৰা জপিয়াই তেওঁ এই অভিলেখ গঢ়িছিল। সামৰিক মৰ্যাদাৰে জন্মভূমিত সুৰজপাল পচৌৰী শেষকৃত্য সম্পন্ন কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী