--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা প্ৰতিবাদৰ ভাষাৰ ভিন্ন ৰূপ দেখা যায়। শেহতীয়াকৈ এজন বৃদ্ধই কৰা ব্যতিক্ৰমী প্ৰতিবাদে সকলোতে চৰ্চা লাভ কৰিছে। উল্লেখ্য যে ব্যক্তিজনক মৃত বুলি ঘোষণা কৰি চৰকাৰে বন্ধ কৰিছিল পেঞ্চন। সেয়েহে বিয়াৰ সাজ পিন্ধি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বিশাল শোভাযাত্ৰা বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বৃদ্ধগৰাকীয়ে। বৃদ্ধগৰাকীৰ বয়স ১০২ বছৰ।

এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ৰোহতক জিলাত। জানিব পৰা মতে, ৰোহতকৰ নিৱাসী দিলো চান্দ নামৰ এগৰাকী ১০২ বৰ্ষীয় বৃদ্ধক চৰকাৰী নথিত মৃত লিপিবদ্ধ কৰি যোৱা মাৰ্চ মাহৰ পৰাই তেওঁৰ পেঞ্চন বন্ধ কৰি ৰাখিছিল চৰকাৰে।

চৰকাৰৰ এই কাৰ্যত ক্ষুব্ধ হৈ পৰে শতায়ু গৰকা বৃদ্ধগৰাকী। চৰকাৰৰ এই অদ্ভূত কাণ্ডত গাঁওবাসীৰো খং উঠে। যাৰ বাবে তেওঁলোকে এক অভিনৱ পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লয়।

সেই অনুসৰি, দিলো চান্দে দৰাৰ সাজ পিন্ধি ৰথসদৃশ বাহনত উঠি গাঁওবাসীক লগত লৈ এক বিশাল শোভাযাত্ৰা বাহিৰ কৰে। মানস সৰোবৰৰ পাৰ্কৰ পৰা কেনেল ৰেষ্টলৈ এই শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাৰ সময়ত ‘আপোনাৰ খুৰা এতিয়াও জীয়াই আছে’, ‘দিলো চান্দ জীয়াই আছে’, ‘মই জীয়াই আছো’ আদি শ্ল’গান সম্বলিত প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ পিছতে দিলো চান্দে প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতা মনীষ গ্ৰোভাৰক সাক্ষাৎ কৰে। মনীষ গ্ৰোভাৰক আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক আদি দাখিল কৰি কয় যে ''মই এতিয়াও জীয়াই আছো। মোৰ পেন্সনটো পুনৰ প্ৰৱৰ্তন কৰি দিয়ক।'' বৃদ্ধগৰাকীৰ এই প্ৰতিবাদী বিশাল শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে আম আদমি পাৰ্টিৰ হাৰিয়ানাৰ প্ৰাক্তন প্ৰধান নবীন জয়হিন্দে৷ দিলো চান্দৰ এই প্ৰতিবাদে কোনো কোনো লোকক আমোদ দিয়াৰ লগতে কোনো কোনোৱে চৰকাৰৰ এই অবিবেচক কাণ্ডক একমুখে গৰিহনা দিয়ে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী