--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা প্ৰতিবাদৰ ভাষাৰ ভিন্ন ৰূপ দেখা যায়। শেহতীয়াকৈ এজন বৃদ্ধই কৰা ব্যতিক্ৰমী প্ৰতিবাদে সকলোতে চৰ্চা লাভ কৰিছে। উল্লেখ্য যে ব্যক্তিজনক মৃত বুলি ঘোষণা কৰি চৰকাৰে বন্ধ কৰিছিল পেঞ্চন। সেয়েহে বিয়াৰ সাজ পিন্ধি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বিশাল শোভাযাত্ৰা বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বৃদ্ধগৰাকীয়ে। বৃদ্ধগৰাকীৰ বয়স ১০২ বছৰ।

এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ৰোহতক জিলাত। জানিব পৰা মতে, ৰোহতকৰ নিৱাসী দিলো চান্দ নামৰ এগৰাকী ১০২ বৰ্ষীয় বৃদ্ধক চৰকাৰী নথিত মৃত লিপিবদ্ধ কৰি যোৱা মাৰ্চ মাহৰ পৰাই তেওঁৰ পেঞ্চন বন্ধ কৰি ৰাখিছিল চৰকাৰে।

চৰকাৰৰ এই কাৰ্যত ক্ষুব্ধ হৈ পৰে শতায়ু গৰকা বৃদ্ধগৰাকী। চৰকাৰৰ এই অদ্ভূত কাণ্ডত গাঁওবাসীৰো খং উঠে। যাৰ বাবে তেওঁলোকে এক অভিনৱ পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লয়।

সেই অনুসৰি, দিলো চান্দে দৰাৰ সাজ পিন্ধি ৰথসদৃশ বাহনত উঠি গাঁওবাসীক লগত লৈ এক বিশাল শোভাযাত্ৰা বাহিৰ কৰে। মানস সৰোবৰৰ পাৰ্কৰ পৰা কেনেল ৰেষ্টলৈ এই শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাৰ সময়ত ‘আপোনাৰ খুৰা এতিয়াও জীয়াই আছে’, ‘দিলো চান্দ জীয়াই আছে’, ‘মই জীয়াই আছো’ আদি শ্ল’গান সম্বলিত প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ পিছতে দিলো চান্দে প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতা মনীষ গ্ৰোভাৰক সাক্ষাৎ কৰে। মনীষ গ্ৰোভাৰক আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক আদি দাখিল কৰি কয় যে ''মই এতিয়াও জীয়াই আছো। মোৰ পেন্সনটো পুনৰ প্ৰৱৰ্তন কৰি দিয়ক।'' বৃদ্ধগৰাকীৰ এই প্ৰতিবাদী বিশাল শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে আম আদমি পাৰ্টিৰ হাৰিয়ানাৰ প্ৰাক্তন প্ৰধান নবীন জয়হিন্দে৷ দিলো চান্দৰ এই প্ৰতিবাদে কোনো কোনো লোকক আমোদ দিয়াৰ লগতে কোনো কোনোৱে চৰকাৰৰ এই অবিবেচক কাণ্ডক একমুখে গৰিহনা দিয়ে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু