--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকাশত দেখা গ’ল ইউএফঅ' ! পৃথিৱীলৈ নামি আহিছে নেকি  এলিয়েন !সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'কলৈ এতিয়া নেট বিশ্বত তীব্ৰ আলোড়ণৰ সৃষ্টি হৈছে।

তুৰস্কৰ বুৰ্চা চহৰৰ আকাশত এই বিৰল দৃশ্যটো ধৰা পৰিছে। আকাশত  ডাঙৰ ঘূৰণীয়া ডাৱৰৰ  ঘূৰি থকা দেখা গৈছে। ঠিক যেন ইউএফঅ'হে! নে মেঘেই এনে ৰূপ লৈছে তাকেলৈয়ো সন্দেহৰ সৃষ্টি  হৈছে৷ আন্তঃৰাষ্ট্ৰীয়  সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি এই বিশাল মেঘৰ চাকনৈয়া প্ৰায়  এঘণ্টাৰ বাবে আকাশত দেখা গৈছিল । স্থানীয় লোকে এই অদ্ভুত দৃশ্যটো কেমেৰাত বন্দী কৰিছিল।

ঘূৰণীয়া ক্লাউডৰ ফটো পোষ্ট কৰি বহুলোকে বিভিন্ন মতামত প্ৰকাশ কৰিছে। এজন নেটিজেনে লিখিছিল, "আজি পুৱাটো সম্পূৰ্ণৰূপে এইটো বেলেগ আছিল। মই আকাশত ডাৱৰেৰে নিৰ্মিত এটা ইউএফঅ' দেখিছিলো। অৱশ্যে, কেৱল স্থানীয় লোকেই নহয়, ছবি আৰু ভিডিঅ'বোৰ ভাইৰেল হোৱাৰ পিছত সমগ্ৰ বিশ্বই ইয়াকলৈ চৰ্চা আৰম্ভ কৰিছে৷  

তুৰ্কীৰ বতৰ বিজ্ঞানীসকলে কৈছে যে এয়া  ই ইউএফঅ'  নহয়,  ই এক সাধাৰণ মেঘৰ দ্বাৰা সৃষ্ট মেঘৰ সমষ্টিহে৷ যাক ইংৰাজীত লেণ্টিকুলাৰ ক্লাউড বুলি কোৱা হয়। এই প্ৰকাৰৰ মেঘে বহু ধৰণৰ  ৰূপ লয়। এই মেঘ আকাশত ২০০০ ৰ পৰা ৫০০০ মিটাৰ উচ্চতাত ভাঁহি থাকে। 

সাধাৰণতে পৰ্বতৰ কাষৰ পৰা আৰ্দ্ৰ ঠাণ্ডা বতাহ দ্ৰুত গতিত বৈ  থাকিলে এনে ধৰণৰ ডাৱৰৰ সৃষ্টি হয়। এই ধৰণৰ ডাৱৰ মুখ্যতঃ শীতকালত আকাশত দেখা যায়। অৱশ্যে এই মেঘ বছৰৰ আন সময়তো দেখা যায়। বতৰ বিজ্ঞানীসকলে কৈছে  যে যদি এনে ডাৱৰ আকাশত দেখা যায়,তেন্তে  পিছদিনা বৰষুণ হোৱাৰ সম্ভাৱনা থাকে। বায়ুত আৰ্দ্ৰতাৰ পৰিমাণ বৃদ্ধি হয়। বতাহ বোৱাৰ সম্ভাৱনাও আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ