--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকাশত দেখা গ’ল ইউএফঅ' ! পৃথিৱীলৈ নামি আহিছে নেকি  এলিয়েন !সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'কলৈ এতিয়া নেট বিশ্বত তীব্ৰ আলোড়ণৰ সৃষ্টি হৈছে।

তুৰস্কৰ বুৰ্চা চহৰৰ আকাশত এই বিৰল দৃশ্যটো ধৰা পৰিছে। আকাশত  ডাঙৰ ঘূৰণীয়া ডাৱৰৰ  ঘূৰি থকা দেখা গৈছে। ঠিক যেন ইউএফঅ'হে! নে মেঘেই এনে ৰূপ লৈছে তাকেলৈয়ো সন্দেহৰ সৃষ্টি  হৈছে৷ আন্তঃৰাষ্ট্ৰীয়  সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি এই বিশাল মেঘৰ চাকনৈয়া প্ৰায়  এঘণ্টাৰ বাবে আকাশত দেখা গৈছিল । স্থানীয় লোকে এই অদ্ভুত দৃশ্যটো কেমেৰাত বন্দী কৰিছিল।

ঘূৰণীয়া ক্লাউডৰ ফটো পোষ্ট কৰি বহুলোকে বিভিন্ন মতামত প্ৰকাশ কৰিছে। এজন নেটিজেনে লিখিছিল, "আজি পুৱাটো সম্পূৰ্ণৰূপে এইটো বেলেগ আছিল। মই আকাশত ডাৱৰেৰে নিৰ্মিত এটা ইউএফঅ' দেখিছিলো। অৱশ্যে, কেৱল স্থানীয় লোকেই নহয়, ছবি আৰু ভিডিঅ'বোৰ ভাইৰেল হোৱাৰ পিছত সমগ্ৰ বিশ্বই ইয়াকলৈ চৰ্চা আৰম্ভ কৰিছে৷  

তুৰ্কীৰ বতৰ বিজ্ঞানীসকলে কৈছে যে এয়া  ই ইউএফঅ'  নহয়,  ই এক সাধাৰণ মেঘৰ দ্বাৰা সৃষ্ট মেঘৰ সমষ্টিহে৷ যাক ইংৰাজীত লেণ্টিকুলাৰ ক্লাউড বুলি কোৱা হয়। এই প্ৰকাৰৰ মেঘে বহু ধৰণৰ  ৰূপ লয়। এই মেঘ আকাশত ২০০০ ৰ পৰা ৫০০০ মিটাৰ উচ্চতাত ভাঁহি থাকে। 

সাধাৰণতে পৰ্বতৰ কাষৰ পৰা আৰ্দ্ৰ ঠাণ্ডা বতাহ দ্ৰুত গতিত বৈ  থাকিলে এনে ধৰণৰ ডাৱৰৰ সৃষ্টি হয়। এই ধৰণৰ ডাৱৰ মুখ্যতঃ শীতকালত আকাশত দেখা যায়। অৱশ্যে এই মেঘ বছৰৰ আন সময়তো দেখা যায়। বতৰ বিজ্ঞানীসকলে কৈছে  যে যদি এনে ডাৱৰ আকাশত দেখা যায়,তেন্তে  পিছদিনা বৰষুণ হোৱাৰ সম্ভাৱনা থাকে। বায়ুত আৰ্দ্ৰতাৰ পৰিমাণ বৃদ্ধি হয়। বতাহ বোৱাৰ সম্ভাৱনাও আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে