--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰত ভৰি দিয়া দ্বিতীয়গৰাকী মহাকাশচাৰীয়ে নিজৰ ৯৩ সংখ্যক জন্মদিনত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। চন্দ্ৰত খোজ পেলোৱা দ্বিতীয়গৰাকী মহাকাশচাৰীৰ নাম বাজ এলড্ৰিন। ১৯৬৯ চনৰ এপ’ল’ ১১ অভিযানৰ অংশ হিচাপে চন্দ্ৰত ভৰি দিয়া তিনিজন আমেৰিকান মহাকাশচাৰীৰ ভিতৰত এলড্ৰিন আছিল অন্যতম। শনিবাৰে তেওঁ পত্নী ডাঃ অংকা ফৌৰ (৬৩)ৰ সৈতে টুইটাৰত ছবি পোষ্ট কৰে। তেওঁ লিখিছে যে তেওঁলোকে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত এক সৰু অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়।

প্ৰাক্তন মহাকাশচাৰীগৰাকীয়ে লিখিছে যে মোৰ ৯৩ সংখ্যক জন্মদিনৰ দিনা মোক লিভিং লিজেণ্ডছ অৱ এভিয়েশনে সন্মানিত কৰিব। এই সুযোগতে ঘোষণা কৰিছোঁ যে মোৰ দীৰ্ঘদিনীয়া প্ৰেমিকা ডাঃ অংকা ফৌৰ আৰু মই বিবাহপাশত আৱদ্ধ হৈছো। লছ এঞ্জেলছত এটা সৰু ব্যক্তিগত অনুষ্ঠানত আমি পবিত্ৰ বিবাহ বান্ধোনত বান্ধ খালো। পলায়ন কৰি কিশোৰ-কিশোৰীসকলে বিবাহপাশত আৱদ্ধ হোৱাৰ দৰেই একেই অনুভৱ আমিও কৰিছো।

ছচিয়েল মিডিয়াত ফটো পোষ্ট কৰা লগে লগে এই নৱ দম্পতীক শুভকামনাৰে উপচাই পেলাইছে নেটিজেনসকলে। বহুতে মন্তব্য কৰিলে বাহ! অভিনন্দন কৰ্ণেল এলড্ৰিন! ৯৩ বছৰ বয়সত আপুনি আৰম্ভ কৰিলে নতুন জীৱন! শুভেচ্ছা থাকিল

উল্লেখযোগ্য যে  বাজ এলড্ৰিনে তিনিবাৰকৈ বিয়া পাতিছে আৰু তিনিওগৰাকী পত্নীৰ সৈতে তেওঁ বিবাহ বিচ্ছেদ কৰিছে। এপ’ল’ ১১ মিছনৰ তিনিজনীয়া ক্ৰুৰ ভিতৰত তেওঁ একমাত্ৰ জীয়াই থকা সদস্য। আনহাতে নীল আৰ্মষ্ট্ৰং আছিল চন্দ্ৰৰ পৃষ্ঠত ভৰি দিয়া প্ৰথমজন মহাকাশচাৰী। ১৯ মিনিট পিছত বাজ এলড্ৰিনে তেওঁৰ পিছে পিছে খোজ পেলাইছিল চন্দ্ৰত।

১৯৭১ চনত নাছাৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল প্ৰাক্তন মহাকাশচাৰীগৰাকীয়ে। ১৯৯৮ চনত তেওঁ ক্ৰুযুক্ত মহাকাশ অন্বেষণৰ সম্প্ৰসাৰণৰ প্ৰসাৰৰ বাবে শ্বেয়াৰস্পেচ ফাউণ্ডেশ্যন নামৰ এটা অলাভজনক সংস্থা প্ৰতিষ্ঠা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ