--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰত ভৰি দিয়া দ্বিতীয়গৰাকী মহাকাশচাৰীয়ে নিজৰ ৯৩ সংখ্যক জন্মদিনত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। চন্দ্ৰত খোজ পেলোৱা দ্বিতীয়গৰাকী মহাকাশচাৰীৰ নাম বাজ এলড্ৰিন। ১৯৬৯ চনৰ এপ’ল’ ১১ অভিযানৰ অংশ হিচাপে চন্দ্ৰত ভৰি দিয়া তিনিজন আমেৰিকান মহাকাশচাৰীৰ ভিতৰত এলড্ৰিন আছিল অন্যতম। শনিবাৰে তেওঁ পত্নী ডাঃ অংকা ফৌৰ (৬৩)ৰ সৈতে টুইটাৰত ছবি পোষ্ট কৰে। তেওঁ লিখিছে যে তেওঁলোকে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত এক সৰু অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়।

প্ৰাক্তন মহাকাশচাৰীগৰাকীয়ে লিখিছে যে মোৰ ৯৩ সংখ্যক জন্মদিনৰ দিনা মোক লিভিং লিজেণ্ডছ অৱ এভিয়েশনে সন্মানিত কৰিব। এই সুযোগতে ঘোষণা কৰিছোঁ যে মোৰ দীৰ্ঘদিনীয়া প্ৰেমিকা ডাঃ অংকা ফৌৰ আৰু মই বিবাহপাশত আৱদ্ধ হৈছো। লছ এঞ্জেলছত এটা সৰু ব্যক্তিগত অনুষ্ঠানত আমি পবিত্ৰ বিবাহ বান্ধোনত বান্ধ খালো। পলায়ন কৰি কিশোৰ-কিশোৰীসকলে বিবাহপাশত আৱদ্ধ হোৱাৰ দৰেই একেই অনুভৱ আমিও কৰিছো।

ছচিয়েল মিডিয়াত ফটো পোষ্ট কৰা লগে লগে এই নৱ দম্পতীক শুভকামনাৰে উপচাই পেলাইছে নেটিজেনসকলে। বহুতে মন্তব্য কৰিলে বাহ! অভিনন্দন কৰ্ণেল এলড্ৰিন! ৯৩ বছৰ বয়সত আপুনি আৰম্ভ কৰিলে নতুন জীৱন! শুভেচ্ছা থাকিল

উল্লেখযোগ্য যে  বাজ এলড্ৰিনে তিনিবাৰকৈ বিয়া পাতিছে আৰু তিনিওগৰাকী পত্নীৰ সৈতে তেওঁ বিবাহ বিচ্ছেদ কৰিছে। এপ’ল’ ১১ মিছনৰ তিনিজনীয়া ক্ৰুৰ ভিতৰত তেওঁ একমাত্ৰ জীয়াই থকা সদস্য। আনহাতে নীল আৰ্মষ্ট্ৰং আছিল চন্দ্ৰৰ পৃষ্ঠত ভৰি দিয়া প্ৰথমজন মহাকাশচাৰী। ১৯ মিনিট পিছত বাজ এলড্ৰিনে তেওঁৰ পিছে পিছে খোজ পেলাইছিল চন্দ্ৰত।

১৯৭১ চনত নাছাৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল প্ৰাক্তন মহাকাশচাৰীগৰাকীয়ে। ১৯৯৮ চনত তেওঁ ক্ৰুযুক্ত মহাকাশ অন্বেষণৰ সম্প্ৰসাৰণৰ প্ৰসাৰৰ বাবে শ্বেয়াৰস্পেচ ফাউণ্ডেশ্যন নামৰ এটা অলাভজনক সংস্থা প্ৰতিষ্ঠা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে