--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াৰ বিমান খনে আকাশত উৰি আছিল। তীব্ৰ গতিত গৈ থকা বিমান খনৰ পাইলটে  তেওঁৰ বান্ধৱীক হঠাতে মাতি পঠিয়ালে ককপিটলৈ। ককপিটৰ ভিতৰত পাইলট ব্যল্ত হৈ পৰিল বান্ধৱীৰ সৈতে কথা পতাত। তেওঁ যেন পাহৰি গ’ল তেওঁ যে বিমান খন চলাই আছে।  এয়াৰ ইণ্ডিয়াৰ বিমানত ঘটা এই ঘটনাই এতিয়া  প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

ঘটনাটো ঘটিছিল  চলিত বছৰৰ ফেব্ৰুৱাৰী মাহতে। কিন্তু ঘটনাটোৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া এতিয়াহে অধিক শক্তিশালী হৈ উঠিছে। বিমান খনে ডুবাইৰ পৰা দিল্লী যাত্ৰা কৰিছিল।এই ঘটনাটো পোহৰলৈ অহাৰ  পিছতে  পাইলটজনৰ আচৰণ বিধি সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে। ডিজিচিএয়ে ইতিমধ্যে ঘটনাটো সন্দৰ্ভত  তদন্তৰ নিৰ্দেশ দিছে। ঘটনাটো ২৭ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল।

 এয়াৰ ইণ্ডিয়াৰ বিমানখন ডুবাইৰ পৰা দিল্লীলৈ উৰা মাৰিছিল। খবৰ  অনুসৰি বিমানখন উৰা মৰাৰ অলপ পিছতে পাইলটজনে তেওঁৰ বন্ধৱীক  ফোন কৰিছিল। বান্ধৱীগৰাকী  যাত্ৰীসকলৰ মাজত বহি আছিল। উৰণৰ আৰম্ভণিতে তেওঁ ককপিটত প্ৰৱেশ কৰিছিল। বান্ধৱীগৰাকীয়ে  সমগ্ৰ  তিনি ঘণ্টাৰ যাত্ৰাৰ সময়ত পাইলট জনৰ সৈতে  ককপিটতে কথা পাতি আছিল। ডিজিচিএৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে এনে কাৰ্য  সম্পূৰ্ণৰূপে পাইলটৰ আদৰ্শ আচৰণ বিধিৰ বিৰোধী । নাম উল্লেখ কৰিব নিবিচৰা বিষয়াজনে কয় যে অভিযুক্ত পাইলটজনে সুৰক্ষাৰ নিয়ম উলংঘা কৰিছে।

 কেৱল সেয়াই নহয় এনে আচৰণে পাইলটৰ  মনোযোগ ব্যাহত কৰাৰ আশংকা আছিল। পাইলটজনে বিমান আৰু যাত্ৰী দুয়োৰে সুৰক্ষা ব্যাহত কৰিছিল বুলি তেওঁ কয়। সৌভাগ্যক্ৰমে কোনো দুৰ্ঘটনা নঘটাকৈ বিমান খন আহি দিল্লীত উপস্থিত হৈছিল।ডিজিচিএয়ে ইতিমধ্যে পাইলটজনৰ বিৰুদ্ধে বিতং তদন্তৰ নিৰ্দেশ দিছে। জানিব পৰা গৈছে যে তদন্তৰ পিছত পাইলটজনক অপৰাধৰ গুৰুত্ব অনুসৰি শাস্তি বিহা হ’ব। তেওঁক নিলম্বিত কৰা হ'ব পাৰে। তেওঁৰ অনুজ্ঞাপত্ৰও বাতিল কৰা  হ'ব পাৰে। অৱশ্যে, এয়াৰ ইণ্ডিয়াই ঘটনাটোৰ  বিষয়ত  কোনো মন্তব্য দিব বিচৰা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী