--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াৰ বিমান খনে আকাশত উৰি আছিল। তীব্ৰ গতিত গৈ থকা বিমান খনৰ পাইলটে  তেওঁৰ বান্ধৱীক হঠাতে মাতি পঠিয়ালে ককপিটলৈ। ককপিটৰ ভিতৰত পাইলট ব্যল্ত হৈ পৰিল বান্ধৱীৰ সৈতে কথা পতাত। তেওঁ যেন পাহৰি গ’ল তেওঁ যে বিমান খন চলাই আছে।  এয়াৰ ইণ্ডিয়াৰ বিমানত ঘটা এই ঘটনাই এতিয়া  প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

ঘটনাটো ঘটিছিল  চলিত বছৰৰ ফেব্ৰুৱাৰী মাহতে। কিন্তু ঘটনাটোৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া এতিয়াহে অধিক শক্তিশালী হৈ উঠিছে। বিমান খনে ডুবাইৰ পৰা দিল্লী যাত্ৰা কৰিছিল।এই ঘটনাটো পোহৰলৈ অহাৰ  পিছতে  পাইলটজনৰ আচৰণ বিধি সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে। ডিজিচিএয়ে ইতিমধ্যে ঘটনাটো সন্দৰ্ভত  তদন্তৰ নিৰ্দেশ দিছে। ঘটনাটো ২৭ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল।

 এয়াৰ ইণ্ডিয়াৰ বিমানখন ডুবাইৰ পৰা দিল্লীলৈ উৰা মাৰিছিল। খবৰ  অনুসৰি বিমানখন উৰা মৰাৰ অলপ পিছতে পাইলটজনে তেওঁৰ বন্ধৱীক  ফোন কৰিছিল। বান্ধৱীগৰাকী  যাত্ৰীসকলৰ মাজত বহি আছিল। উৰণৰ আৰম্ভণিতে তেওঁ ককপিটত প্ৰৱেশ কৰিছিল। বান্ধৱীগৰাকীয়ে  সমগ্ৰ  তিনি ঘণ্টাৰ যাত্ৰাৰ সময়ত পাইলট জনৰ সৈতে  ককপিটতে কথা পাতি আছিল। ডিজিচিএৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে এনে কাৰ্য  সম্পূৰ্ণৰূপে পাইলটৰ আদৰ্শ আচৰণ বিধিৰ বিৰোধী । নাম উল্লেখ কৰিব নিবিচৰা বিষয়াজনে কয় যে অভিযুক্ত পাইলটজনে সুৰক্ষাৰ নিয়ম উলংঘা কৰিছে।

 কেৱল সেয়াই নহয় এনে আচৰণে পাইলটৰ  মনোযোগ ব্যাহত কৰাৰ আশংকা আছিল। পাইলটজনে বিমান আৰু যাত্ৰী দুয়োৰে সুৰক্ষা ব্যাহত কৰিছিল বুলি তেওঁ কয়। সৌভাগ্যক্ৰমে কোনো দুৰ্ঘটনা নঘটাকৈ বিমান খন আহি দিল্লীত উপস্থিত হৈছিল।ডিজিচিএয়ে ইতিমধ্যে পাইলটজনৰ বিৰুদ্ধে বিতং তদন্তৰ নিৰ্দেশ দিছে। জানিব পৰা গৈছে যে তদন্তৰ পিছত পাইলটজনক অপৰাধৰ গুৰুত্ব অনুসৰি শাস্তি বিহা হ’ব। তেওঁক নিলম্বিত কৰা হ'ব পাৰে। তেওঁৰ অনুজ্ঞাপত্ৰও বাতিল কৰা  হ'ব পাৰে। অৱশ্যে, এয়াৰ ইণ্ডিয়াই ঘটনাটোৰ  বিষয়ত  কোনো মন্তব্য দিব বিচৰা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে