--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ এগৰাকী জনপ্ৰিয় শিল্পী শ্বান আজি গোটেই দিনটো ছ’চিয়েল মিডিয়াত ব্যাপক সমালোচিত হৈ আছে। ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ঈদৰ দিনটোত টুপী পিন্ধি শুভেচ্ছা জ্ঞাপন কৰাৰ বাবেই বহুতে শিল্পীগৰাকীক সমালোচনাৰে থকা-সৰকা কৰিছে। 

 শ্বান  মুখাৰ্জীয়ে শনিবাৰে তেওঁৰ অনুৰাগীসকলক ঈদ উপলক্ষে শুভেচ্ছা জনাইছিল।শনিবাৰে পুৱা, শ্বানে আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰাৰ ভংগীত  টুপী পিন্ধি থকা এখন ফটো পোষ্ট কৰিছিল।তেওঁ ফটোখনৰ শিৰোনাম দিছিল "ঈদ মুবাৰক টু ইউ এণ্ড ইয়ৰ ফেমিলি" ।  

অৱশ্যে টুপী পিন্ধি শুভেচ্ছা জনোৱাৰ পিছতে  বহুতে তেওঁক  ট্ৰ'লৰ কৰিবলৈ আৰম্ভ কৰে।  হিন্দু হোৱা স্বত্বেও ঈদৰ  শুভেচ্ছা জনোৱাৰ বাবে বহুতে অভিনেতাজনক সমালোচনা কৰিছে।শ্বানে ট্ৰ'লবোৰৰ প্ৰতি সঁহাৰি জনাইছে আৰু উল্লেখ কৰিছিল যে তেওঁ সদায় সকলো ধৰ্মকে সমানে সন্মান কৰিবলৈ শিকিছে।শ্বানে পিছত স্পষ্ট কৰি দিছে  যে ফটোখন তিনি বছৰ আগৰ, তেওঁৰ 'কৰম কাৰ্ডে' শীৰ্ষক সংগীত ভিডিঅ'ৰ পৰা সেই ফটো খন লোৱা হৈছে। 

 নেটিজেনৰ  প্ৰতিক্ৰিয়াৰ সঁহাৰি দি শ্বানে লিখিছে   "মই হিন্দু, মই এজন ব্ৰাহ্মণ। সৰুৰে পৰা, মোক সকলো উৎসৱ উদযাপন কৰিবলৈ আৰু প্ৰতিটো ধৰ্মক সন্মান কৰিবলৈ শিকোৱা হৈছে। এয়াই মই বিশ্বাস কৰোঁ আৰু এইটোকেই  প্ৰতিজন ভাৰতীয়ই বিশ্বাস কৰা উচিত। বাকী আপোনাৰ চিন্তাধাৰা, মুবাৰক," । আজি দেশৰ নাগৰিকসকললৈ ঈদৰ শুভেচ্ছা আজ্ঞাপন কৰে  অমিতাভ বচ্চন, স্বৰা ভাস্কৰ, হৃত্বিক ৰোশন, অক্ষয় কুমাৰ, শ্বাহিদ কাপুৰ, অজয় দেৱগন আৰু অন্যান্য বহু শিল্পীয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে