--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ এগৰাকী জনপ্ৰিয় শিল্পী শ্বান আজি গোটেই দিনটো ছ’চিয়েল মিডিয়াত ব্যাপক সমালোচিত হৈ আছে। ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ঈদৰ দিনটোত টুপী পিন্ধি শুভেচ্ছা জ্ঞাপন কৰাৰ বাবেই বহুতে শিল্পীগৰাকীক সমালোচনাৰে থকা-সৰকা কৰিছে। 

 শ্বান  মুখাৰ্জীয়ে শনিবাৰে তেওঁৰ অনুৰাগীসকলক ঈদ উপলক্ষে শুভেচ্ছা জনাইছিল।শনিবাৰে পুৱা, শ্বানে আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰাৰ ভংগীত  টুপী পিন্ধি থকা এখন ফটো পোষ্ট কৰিছিল।তেওঁ ফটোখনৰ শিৰোনাম দিছিল "ঈদ মুবাৰক টু ইউ এণ্ড ইয়ৰ ফেমিলি" ।  

অৱশ্যে টুপী পিন্ধি শুভেচ্ছা জনোৱাৰ পিছতে  বহুতে তেওঁক  ট্ৰ'লৰ কৰিবলৈ আৰম্ভ কৰে।  হিন্দু হোৱা স্বত্বেও ঈদৰ  শুভেচ্ছা জনোৱাৰ বাবে বহুতে অভিনেতাজনক সমালোচনা কৰিছে।শ্বানে ট্ৰ'লবোৰৰ প্ৰতি সঁহাৰি জনাইছে আৰু উল্লেখ কৰিছিল যে তেওঁ সদায় সকলো ধৰ্মকে সমানে সন্মান কৰিবলৈ শিকিছে।শ্বানে পিছত স্পষ্ট কৰি দিছে  যে ফটোখন তিনি বছৰ আগৰ, তেওঁৰ 'কৰম কাৰ্ডে' শীৰ্ষক সংগীত ভিডিঅ'ৰ পৰা সেই ফটো খন লোৱা হৈছে। 

 নেটিজেনৰ  প্ৰতিক্ৰিয়াৰ সঁহাৰি দি শ্বানে লিখিছে   "মই হিন্দু, মই এজন ব্ৰাহ্মণ। সৰুৰে পৰা, মোক সকলো উৎসৱ উদযাপন কৰিবলৈ আৰু প্ৰতিটো ধৰ্মক সন্মান কৰিবলৈ শিকোৱা হৈছে। এয়াই মই বিশ্বাস কৰোঁ আৰু এইটোকেই  প্ৰতিজন ভাৰতীয়ই বিশ্বাস কৰা উচিত। বাকী আপোনাৰ চিন্তাধাৰা, মুবাৰক," । আজি দেশৰ নাগৰিকসকললৈ ঈদৰ শুভেচ্ছা আজ্ঞাপন কৰে  অমিতাভ বচ্চন, স্বৰা ভাস্কৰ, হৃত্বিক ৰোশন, অক্ষয় কুমাৰ, শ্বাহিদ কাপুৰ, অজয় দেৱগন আৰু অন্যান্য বহু শিল্পীয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী